Friday, 6 October 2023

দুৰ্গা পূজা বানচ সমূহ অতি সোনকালে মুকলি কৰি দিবলৈ সকলো বাগিচা কৰ্তৃপক্ষক আহ্বান

৬ অক্টোবৰ, ২০২৩: গোলাঘাট


আজি গোলাঘাট জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত দুৰ্গা পুজা উপলক্ষে প্ৰদান কৰিব লগীয়া বানচ সম্পৰ্কে এখন আলোচনা সভা অনুস্থিত হয়। সভাত সভাপতিত্ব কৰে গোলাঘাটৰ জিলা আয়ুক্ত ডাঃ পি উদয় প্ৰৱীণে। বিষয়টোৰ ওপৰত পৰ্য্যলোচনা কৰি জিলা আয়ুক্ত গৰাকীয়ে দুৰ্গা পূজা বানচ সমূহ অতি সোনকালে মুকলি কৰি দিবলৈ সকলো বাগিচা কৰ্তৃপক্ষক আহ্বান জনায়। সভাত জিলা উন্নয়ন আয়ুক্ত শ্ৰীমতী অৰ্পা বাগলাৰী, সহকাৰী শ্ৰম আয়ুক্ত শ্ৰীমতী তিলোত্তমা দেউৰী, ABITA ৰ সম্পাদক, উত্তৰ পুৱ চাহ সংঘৰ সম্পাদক, অসম চাহ মজদুৰ সংঘ গোলাঘাট শাখাৰ সভাপতি তথা সম্পাদক, ভাৰতীয় চাহ মজদুৰ সংঘ গোলাঘাট শাখাৰ সভাপতি তথা সম্পাদক, গোলাঘাট জিলা বাগিচা কৰ্তৃপক্ষৰ পৰিচালক সকল আৰু অন্যান্য ব্যক্তি সকল উপস্থিত থাকে।

*ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*

NORTHEAST NEWS INDIA

*'আমাৰ ঘৰ ' বৃদ্ধাশ্ৰমত বিশেষ স্বাস্থ্য পৰীক্ষা শিবিৰ**আন্ত:ৰাষ্ট্ৰীয় বয়োজ্যেষ্ঠ দিৱস উপলক্ষে অনুষ্ঠিত স্বাস্থ্য শিবিৰ*

৬ অক্টোবৰ, ২০২৩

*'আমাৰ ঘৰ ' বৃদ্ধাশ্ৰমত বিশেষ স্বাস্থ্য পৰীক্ষা শিবিৰ*

*আন্ত:ৰাষ্ট্ৰীয় বয়োজ্যেষ্ঠ দিৱস উপলক্ষে অনুষ্ঠিত স্বাস্থ্য শিবিৰ*


১ অক্টোবৰ, ২০২৩ তাৰিখে উদযাপিত হোৱা আন্ত:ৰাষ্ট্ৰীয় বায়োজ্যেষ্ঠ দিৱসৰ সাপ্তাহিক কাৰ্যসূচীৰ অংশস্বৰূপে আজি ইংৰাজী ৬ অক্টোবৰ, ২০২৩ তাৰিখে গোলাঘাট নগৰৰ বেঙেনাখোৱা স্থিত 'আমাৰ ঘৰ' নামৰ বৃদ্ধাশ্ৰমত এখন স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা হয়। স্বাস্থ্য পৰীক্ষাৰ লগতে উপস্থিত বয়োজ্যেষ্ঠ ব্যক্তি সকলক বৃদ্ধ বয়সত হব পৰা ৰোগৰ বিষয়ে সজাগ কৰা হয় আৰু স্বাস্থ্য সন্মত বিধি - বিধান প্ৰদান কৰা হয়। 

আজিৰ এই বিশেষ স্বাস্থ্য শিবিৰত চিকিৎসাকৰ্মীৰ দলৰ উপৰিও ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, গোলাঘাটৰ ডিপিএম অনুষ্কা বৰা, ডিপিচি অনুজ গগৈ, ডিএমই পূৰ্বালী হাজৰিকাকে আদি কৰি অন্যান্য ব্যক্তি সকল।

NORTHEAST NEWS INDIA

Thursday, 5 October 2023

*মেৰাপাণী সামূহিক চিকিৎসা কেন্দ্ৰত স্বাস্থ্য মেলা অনুষ্ঠিত**আয়ুষ্মান ভৱ অভিযানৰ অধীনত অনুষ্ঠিত এই স্বাস্থ্য মেলা*

৫ অক্টোবৰ, ২০২৩

*মেৰাপাণী সামূহিক চিকিৎসা কেন্দ্ৰত স্বাস্থ্য মেলা অনুষ্ঠিত*

*আয়ুষ্মান ভৱ অভিযানৰ অধীনত অনুষ্ঠিত এই স্বাস্থ্য মেলা*

গোলাঘাট জিলাৰ কমাৰবন্ধা আলি খণ্ড প্ৰাথমিক চিকিৎসা কেন্দ্ৰৰ অধীনত আজি ইংৰাজী ৫ অক্টোবৰ, ২০২৩ তাৰিখে মেৰাপানী সামূহিক চিকিৎসা কেন্দ্ৰত এখন স্বাস্থ্য মেলাৰ আয়োজন কৰা হয়। প্ৰসূতি, শিশু, অসংক্রামক ৰোগ, মেডিচিন বিভাগকে আদি কৰি বিভিন্ন চিকিৎসা সেৱা ৰাইজলৈ আগবঢ়োৱাৰ উদ্দেশ্যেৰে মেলা খনত স্থানীয় চিকিৎসক সকলৰ উপৰিও যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পৰা ঔষধ বিভাগৰ বিশেষজ্ঞ 
ডা: সুমন দেউৰী আৰু প্ৰসূতি বিভাগৰ বিশেষজ্ঞ ডা: এ. আৰ. বৰলস্কৰ উপস্থিত থাকে। 

উক্ত স্বাস্থ্য মেলাৰ যোগেদি চাৰি শতাধিক লোকে চিকিৎসা সেৱা, বিনামূলীয়া ঔষধ আৰু বিভিন্ন স্বাস্থ্য পৰীক্ষাৰ সুবিধা লাভ কৰে। ইয়াৰে ভিতৰত ১১২ জন পুৰুষ, ২৮৮ গৰাকী মহিলা, ১১৭ জন বয়োজ্যেষ্ঠ জনে চিকিৎসা সেৱা লাভ কৰে। প্ৰসূতি বিভাগত মুঠ ৭৪ গৰাকী মহিলা তাৰে ২১ গৰাকী মহিলায়ে প্ৰাক - প্ৰসৱ চিকিৎসা সেৱা লাভ কৰে। 

চিকিৎসা প্ৰদানৰ উপৰিও উপস্থিত ৰাইজক স্বাস্থ্য জনিত বহু পৰামৰ্শ প্ৰদান কৰাৰ উদ্দেশ্যেৰে এখন সজাগতা সভা অনুষ্ঠিত কৰা হয় যত মাতৃ আৰু শিশু স্বাস্থ্য,  সংক্ৰামক - অসংক্রামক ৰোগ, বয়োজ্যেষ্ঠ লোকৰ স্বাস্থ্যৰ যত্ন, মানসিক স্বাস্থ্য, পুষ্টিকৰ খাদ্য, গৰ্ভধাৰণৰ সময়ত লব লগা যত্ন,পৰিয়াল পৰিকল্পনা, যক্ষ্মা, আভা পৰিচয় সংখ্যা, আয়ুষ্মান ভাৰত যোজনাকে আদি কৰি বহু দিশ সামৰি লোৱা হয়।

আজিৰ স্বাস্থ্য মেলা খনৰ শুভ উদ্বোধন কৰে জিলা পৰিষদৰ কাউন্সিলৰ শ্ৰী অৰুণ ৰাজবংশী দেৱে। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডা: অনুৰাধা বৰুৱা, মহকুমা চিকিৎসা বিষয়া ডা: ৰঞ্জিত হাজৰিকা, ডেপুটী সুপাৰিনটেনডেন্ত ডা: চন্দ্ৰা শ্যাম ইত্যাদি।

মেৰাপানি সামূহিক চিকিৎসা কেন্দ্ৰত অনুষ্ঠিত এই স্বাস্থ্য মেলাত বিশেষজ্ঞ চিকিৎসক সকলৰ উপৰিও অন্য স্বাস্থ্য বিষয়া, কমিউনিটি হেলথ অফিচাৰ, চিকিৎসাকৰ্মী সকল, স্বাস্থ্যকৰ্মী সকল, আশা চুপাৰভাইজৰ, আশা কৰ্মী, ৰাষ্ট্ৰীয় স্বস্ত্য অভিযান, গোলাঘাটৰ বিষয়া আদি উপস্থিত থাকে। সমগ্ৰ দেশব্যাপী চলি থকা আয়ুষ্মান ভৱ অভিযানৰ অংশস্বৰূপে এই মেলাৰ আয়োজন কৰা হৈছে।

NORTHEAST NEWS INDIA

Tuesday, 3 October 2023

*দেৰগাঁও সামূহিক চিকিৎসা কেন্দ্ৰত আয়ুষ্মান ভৱ অভিযানৰ অধীনত স্বাস্থ্য মেলা অনুষ্ঠিত*

৩ অক্টোবৰ, ২০২৩

*দেৰগাঁও সামূহিক চিকিৎসা কেন্দ্ৰত আয়ুষ্মান ভৱ অভিযানৰ অধীনত স্বাস্থ্য মেলা অনুষ্ঠিত*

সমগ্ৰ দেশজুৰি চলি থকা আয়ুস্মান ভৱ অভিযানৰ অন্তৰ্গত আজি ইংৰাজী ৩ অক্টোবৰ, ২০২৩ তাৰিখে গোলাঘাট জিলাৰ দেৰগাঁও সামূহিক চিকিৎসা কেন্দ্ৰত এখন স্বাস্থ্য মেলা অনুষ্ঠিত হয়। আজিৰ স্বাস্থ্য মেলা খন আনুষ্ঠানিক ভাৱে মুকলি কৰে দেৰগাঁও বিধানসভা সমষ্টিৰ মাননিয় বিধায়ক শ্ৰীযুত ভবেন্দ্ৰনাথ ভৰালী দেৱে। 

তিনি শতাধিক লোকে চিকিৎসা সেৱা লাভ কৰা এই স্বাস্থ্য মেলা খনত প্ৰসূতি, শিশু, অসংক্রামক ৰোগ, ই এন টি, মেডিচিন বিভাগকে আদি কৰি বিভিন্ন চিকিৎসা সেৱা ৰাইজলৈ আগবঢ়োৱা হয়। স্বাস্থ্য মেলাত চিকিৎসা প্ৰদান কৰাৰ হেতু যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পৰা চিকিৎসা বিশেষজ্ঞ সকল উপস্থিত থাকে যেনে ঔষধ বিভাগৰ ডা: শুভম কাশ্যপ, প্ৰসূতি বিভাগৰ ডা: সমৰ্পিতা সিনহা, ই এন টিৰ ডা: অস্মিতা শৰ্মা। 

চিকিৎসা প্ৰদান কৰাৰ উপৰিও উপস্থিত ৰাইজক অসংক্রামক ৰোগ, বয়োজ্যেষ্ঠ লোকৰ স্বাস্থ্যৰ যত্ন, মানসিক স্বাস্থ্য, পুষ্টিকৰ খাদ্য, গৰ্ভধাৰণৰ সময়ত লব লগা যত্ন, পৰিয়াল পৰিকল্পনা, যক্ষ্মা, আয়ুষ্মান কাৰ্ডকে আদি কৰি বিভিন্ন বিষয়ৰ ওপৰত সজাগতা আগবঢ়োৱা  হয়।

দেৰগাঁও সামূহিক চিকিৎসা কেন্দ্ৰত অনুষ্ঠিত এই স্বাস্থ্য মেলাত বিশেষজ্ঞ চিকিৎসক সকলৰ উপৰিও অন্য স্বাস্থ্য বিষয়া, কমিউনিটি হেলথ অফিচাৰ, চিকিৎসাকৰ্মী সকল, স্বাস্থ্যকৰ্মী সকল, আশা চুপাৰভাইজৰ, আশা কৰ্মী, ৰাষ্ট্ৰীয় স্বস্ত্য অভিযান, গোলাঘাটৰ বিষয়া আদি উপস্থিত থাকে।

NORTHEAST NEWS INDIA

Monday, 2 October 2023

*২ অক্টোবৰ, ২০২৩: গোলাঘাট*

*২ অক্টোবৰ, ২০২৩: গোলাঘাট* 

গোলাঘাট জিলাৰ বোকাখাত মহকুমাৰ কাৰ্যালয়ৰ সভাকক্ষত আজি জিলা আয়ুক্ত ডাঃ পি উদয় প্ৰবীণৰ সভাপতিত্বত মিচন বসুন্ধৰাৰ এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়। সভাত বসুন্ধৰাৰ ২.০ অধীনৰ বিভিন্ন কামৰ অগ্ৰগতি সন্দৰ্ভত বিতংভাৱে পৰ্যালোচনা কৰে। সভাত বোকাখাট মহকুমাধিপতি শ্রীমতী চিমি কৰন, বোকাখাটৰ চক্ৰবিষয়া চম্পক ডেকা, চক্ৰবিষয়া কাৰ্য্যালয়ৰ কৰ্মচাৰীসকল উপস্থিত থাকে।

*ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*

NORTHEAST NEWS INDIA

*কঁহৰাত স্বচ্ছতাৰ ওপৰত জিলা আয়ুক্তৰ বিশেষ সভা*

২ অক্টোবৰ, ২০২৩: গোলাঘাট

 *কঁহৰাত স্বচ্ছতাৰ ওপৰত জিলা আয়ুক্তৰ বিশেষ সভা* 


আজি গোলাঘাট জিলাৰ কঁহৰা অঞ্চলৰ পশ্চিম কাজিৰঙা গাঁও পঞ্চায়তত অনাগত দিনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ পৰ্যটকৰ আগমনৰ দিশটোলৈ লক্ষ্য ৰাখি জিলা প্ৰশাসনৰ তৎপৰতাত স্বচ্ছতা সন্দৰ্ভত এখন আলোচনা সভা অনুষ্ঠিত হয় । গোলাঘাটৰ জিলা আয়ুক্ত ডা° পি উদয় প্ৰৱীনৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভা খনত জিলা আয়ুক্ত গৰাকীয়ে সভাত উপস্থিত হোৱা কঁহৰা অঞ্চলৰ ব্যৱসায় সংস্থাৰ প্ৰতিনিধি আৰু পঞ্চায়তৰ প্ৰতিনিধিৰ সৈতে আলোচনাত মিলিত হয় আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু কঁহৰাৰ ওচৰৰ পাজৰৰ অঞ্চলবোৰত জাবৰ নিস্কাশনৰ বাবে বিহীত ব্যৱস্থা লোৱাৰ ওপৰত বক্তব্য ৰাখে৷ আলোচনা সভাত বোকাখাটৰ মহকুমাধিপতী শ্ৰীমতী চিমি কৰন, বোকাখাটৰ সহকাৰী আয়ুক্ত ঋষিবন্দনা গগৈ, গোলাঘাট পশ্চিম উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া শ্ৰী পাৰ্থজিৎ গগৈ উপস্থিত থাকে৷


*ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*

NORTHEAST NEWS INDIA

*আজিৰে পৰা গোলাঘাট জিলাৰ গাঁও সমূহৰ পৰা পঞ্চায়ত কাৰ্য্যলয়লৈ অমৃত কলহ যাত্ৰা*

২ অক্টোবৰ, ২০২৩: গোলাঘাট

  *আজিৰে পৰা গোলাঘাট জিলাৰ গাঁও সমূহৰ পৰা পঞ্চায়ত কাৰ্য্যলয়লৈ অমৃত কলহ যাত্ৰা* 


 অসম চৰকাৰৰ মাননীয় কৃষি মন্ত্ৰী শ্রীযুত অতুল বৰা মহোদয়ে গোলাঘাট জিলাৰ জিলা আয়ুক্ত ডা° পি উদয় প্ৰৱীনৰ উপস্থিতিত আজি গান্ধী জয়ন্তীৰ পৱিত্ৰ দিনত গোলাঘাট জিলাৰ গোলাঘাট পশ্চিম উন্নয়ন খণ্ডৰ অন্তৰ্গত নুমলীগড় গাঁও পঞ্চায়তৰ দ্বাৰা আয়োজিত অমৃত কলহ যাত্ৰাত ভাগ লয় ৷ মোৰ দেশ মোৰ মাটি অনুষ্ঠানৰ অন্তৰ্গত আয়োজিত এই পৱিত্ৰ অমৃত কলহ যাত্ৰাত যোগ দিয়া  সকলোকে মাননীয় কৃষি মন্ত্ৰী গৰাকীয়ে ধন্যবাদ জনায় আৰু সকলোৰে প্ৰচেষ্টাৰ শলাগ লয় ৷ সমবেত ৰাইজক সম্বোধি জিলা আয়ুক্ত গৰাকীয়েও এই পৱিত্ৰ কামৰ জৰিয়তে দেশৰ একতা বৃদ্ধি হোৱাৰ কথা উল্লেখ কৰি মাননীয় কৃষি মন্ত্ৰী গৰাকীকো ধন্যবাদ জ্ঞাপন কৰে ৷ ৭০০ ৰো অধিক ৰাইজে অংশগ্ৰহণ কৰা এই অমৃত কলহ যাত্ৰাত গোলাঘাট জিলা পৰিষদৰ উপ সভানেত্ৰী ৰশ্নী কাকতি, গোলাঘাট জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাস, বোকাখাট মহকুমাৰ মহকুমাধিপতি শ্ৰীযুতা চিমি কৰন, কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীৰ কমাণ্ডেন্ট সুৰজ কুমাৰ চাহু, গোলাঘাট পশ্চিম উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া পাৰ্থজিৎ গগৈকে প্ৰমুখ্যে কৰি বহু কেইগৰাকী গন্যমান্য ব্যক্তি উপস্থিত থাকে৷  নুমলীগড় গাঁও পঞ্চায়তৰ অধীনৰ সকলো গাঁৱৰ পৰা সংগৃহিত মাটিৰ কলহেৰে এই অমৃত কলহ যাত্ৰা সম্পন্ন কৰা হয়৷ এই যাত্ৰাৰ পিছতে নুমলীগড় গাঁও পঞ্চায়তত বিশেষ গাঁও সভা অনুষ্ঠিত হয়৷

*ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*

NORTHEAST NEWS INDIA

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...