৬ অক্টোবৰ, ২০২৩: গোলাঘাট
আজি গোলাঘাট জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত দুৰ্গা পুজা উপলক্ষে প্ৰদান কৰিব লগীয়া বানচ সম্পৰ্কে এখন আলোচনা সভা অনুস্থিত হয়। সভাত সভাপতিত্ব কৰে গোলাঘাটৰ জিলা আয়ুক্ত ডাঃ পি উদয় প্ৰৱীণে। বিষয়টোৰ ওপৰত পৰ্য্যলোচনা কৰি জিলা আয়ুক্ত গৰাকীয়ে দুৰ্গা পূজা বানচ সমূহ অতি সোনকালে মুকলি কৰি দিবলৈ সকলো বাগিচা কৰ্তৃপক্ষক আহ্বান জনায়। সভাত জিলা উন্নয়ন আয়ুক্ত শ্ৰীমতী অৰ্পা বাগলাৰী, সহকাৰী শ্ৰম আয়ুক্ত শ্ৰীমতী তিলোত্তমা দেউৰী, ABITA ৰ সম্পাদক, উত্তৰ পুৱ চাহ সংঘৰ সম্পাদক, অসম চাহ মজদুৰ সংঘ গোলাঘাট শাখাৰ সভাপতি তথা সম্পাদক, ভাৰতীয় চাহ মজদুৰ সংঘ গোলাঘাট শাখাৰ সভাপতি তথা সম্পাদক, গোলাঘাট জিলা বাগিচা কৰ্তৃপক্ষৰ পৰিচালক সকল আৰু অন্যান্য ব্যক্তি সকল উপস্থিত থাকে।
*ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA
  
  
  
No comments:
Post a Comment
Welcome Northeast News India