জনসংযোগ, গোলাঘাট
*সুলভ মূল্যৰ এজেণ্টসকলক প্ৰবঞ্চকৰ পৰা সতৰ্ক হ'বলৈ আহ্বান*
*ভুৱা ফোন কলেৰে ধন দাবী কৰা প্ৰবঞ্চকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব যোগান বিভাগে*
গোলাঘাট, ৮ জুলাই ২০২৩: গোলাঘাট জিলাৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অধীনৰ সুলভ মূল্যৰ দোকানৰ এজেণ্টসকলক যিকোনো ভুৱা ফোন কলৰ পৰা সাৱধান হ'বলৈ বিভাগৰ তৰফৰ আহ্বান জনোৱা হৈছে। এই সম্পৰ্কীয় এটা বাৰ্তাত কোৱা হৈছে যে যোৱা কেইটামান দিনত জিলাখনৰ সুলভ মূল্যৰ দোকানৰ কেইবাগৰাকীও এজেণ্টে মহাৰাষ্ট্ৰৰ এটা বিশেষ ফোন নম্বৰ (08766949027)ৰ পৰা ফোন কল লাভ কৰিছে। এনে ফোন কলত সুলভ মূল্যৰ দোকানৰ এজেণ্টসকলক ভয়-ভাবুকিৰে তেওঁলোকৰ পৰা মোটা অংকৰ ধন দাবী কৰা হয়। তেওঁলোকে ধন দিবলৈ অস্বীকাৰ কৰিলে গোলাঘাট জিলাৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা শাখাত এজেণ্টজনৰ বিৰুদ্ধে গোচৰ দিয়াৰ ভাবুকি দিয়া হয়। এজেণ্টৰ সবিশেষ তথ্য তেওঁলোকৰ হাতত থাকে আৰু তাৰেই সুযোগ লৈ এনে ভুৱা নম্বৰৰ পৰা এজেণ্টসকলক ধন দাবী কৰা হয়। এই ভুৱা নম্বৰৰ বিৰুদ্ধে খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা শাখাই গোচৰ ৰুজু কৰিব বুলি অৱগত কৰিছে। লগতে এনে নম্বৰৰ পৰা ফোন আহিলে উত্তৰ নিদিবলৈ বা ভয়-ভাবুকিত শংকিত নহ'বলৈ সুলভ মূল্যৰ দোকানৰ এজেণ্টসকলৰ প্ৰতি আহ্বান জনোৱা হৈছে। বিভাগে দিয়া তথ্য মতে গোলাঘাট জিলাৰ কমাৰবন্ধাৰ গোলাঘাট সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ সাধাৰণ সম্পাদককে ধৰি কেইবাগৰাকীও এজেণ্টে ইতিমধ্যে এনে প্ৰবঞ্চকৰ পৰা ফোন কল লাভ কৰিছে। যিকোনো অচিনাকী তথা অসমৰ বাহিৰৰ সন্দেহজনক নম্বৰৰ পৰা ফোন আহিলে সকলোকে সতৰ্ক হ'বলৈ আহ্বান জনোৱা হৈছে।
*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA
No comments:
Post a Comment
Welcome Northeast News India