৮ জুলাই,২০২৩ গোলাঘাট:
গোলাঘাট জিলা কৃষি বিভাগৰ উদ্যোগত আজি পদুমপথাৰত এখন কৃষি বিভাগৰ পৰ্যালোচনা সভা অনুষ্ঠিত হয়। পদুম পথাৰ এগ্ৰ কৃষি উৎপাদক কোম্পানীৰ বাকৰিত অনুষ্ঠিত হোৱা সভা খন অধ্যক্ষতা কৰে গোলাঘাট জিলা উপায়ুক্ত ড: পি উদয় প্ৰবীনে। জিলা কৃষি বিষয়া ৰঞ্জিত কুমাৰ শৰ্মাই আদৰণী ভাষণ প্ৰদান কৰা পৰ্যালোচনা সভাখনত প্ৰধানমন্ত্ৰী কৃষান সন্মান নিধি, প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা, ধান ক্ৰয়, ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা, উত্তৰ পূব হিমালয় খণ্ডৰ বাবে উদ্যান শস্য অভিযান, ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা অভিযান, অসম মিলেট মিছন আদি আঁচনী সন্দৰ্ভত আলোচনা কৰে। কৃষকসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত বিভাগীয় সকলো কাম সম্পূৰ্ণ কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে উপায়ুক্ত জনে।
উল্লেখযোগ্য যে, আজিৰ এই সভাখনত গোলাঘাট জিলাৰ বহু কেইটা কৃষক উৎপাদক কোম্পানিৰ অধ্যক্ষ সকল উপস্থিত থাকে। জিলা খনৰ কৃষি উৎপাদক কোম্পানী সমূহৰ বিভিন্ন কৃষি কৰ্মৰ সন্দৰ্ভত আজিৰ পৰ্যালোচনা সভা খনত বিশদ ভাৱে আলোচনা কৰা হয়।
আজিৰ সভাখনত গোলাঘাট জিলাৰ অতিৰিক্ত উপায়ুক্ত (কৃষি) দামোদৰ বৰ্মন, ৱাসবিৰ সুভানি, অনেষা ঠাকুৰ, ভাৰতীয় জনতা পাৰ্টীৰ সম্পাদক পোনা বৰা আৰু গোলাঘাট জিলাৰ কৃষি উন্নয়ন বিষয়া সকল উপস্থিত থাকে।উল্লেখ্য যে পদুপ পথাৰ এগ্র কৃষি উৎপাদক কোম্পানীৰ তৰফৰ পৰা আজিৰ সভাত উপস্থিত সকলোকে একোটাকৈ জৈৱিক টোপোলা উপহাৰ স্বৰূপে প্ৰদান কৰে। তদুপৰি পদুম পথাৰ অঞ্চলৰ বহু কেইজন খেটিয়কৰ কৃষি ভূমি পৰিদৰ্শন কৰে।
__________
*জিলা সংবাদ বিশেষজ্ঞ, কৃষি বিভাগ, গোলাঘাট*
NORTHEAST NEWS INDIA
No comments:
Post a Comment
Welcome Northeast News India