Monday, 15 June 2026

মানৱ জাতিৰ ধ্বংস সমাগত

মানৱ জাতিৰ ভৱিষ্যৎক লৈ মাধৱ গগৈৰ সতৰ্কবাণী

বিশেষ সংবাদ

মাধৱ গগৈ এ বৰ্তমানৰ ৰাজনৈতিক ব্যৱস্থা আৰু মানৱ সমাজৰ ভৱিষ্যৎক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। তেওঁৰ মতে, যদি ৰাজনীতি মানৱতা, শান্তি, সমতা আৰু প্ৰকৃতিৰ কল্যাণৰ পথ এৰি বিভাজন, সংঘাত, লোভ আৰু ক্ষমতাৰ প্ৰতিযোগিতাৰ পথত আগবাঢ়ি থাকে, তেন্তে ই সমগ্ৰ মানৱ জাতিক ধ্বংসৰ দিশলৈ ঠেলি দিব পাৰে।
তেওঁ কয় যে সমাজ জীৱনৰ ব্যৱস্থা ক্ৰমে অন্ধকাৰৰ দিশলৈ আগবাঢ়িছে, য’ত মানুহে মানুহৰ মাজৰ ভাতৃত্ববোধ, নৈতিকতা আৰু মানৱীয় মূল্যবোধ হেৰুৱাব পাৰে। সময় থাকোঁতেই সমগ্ৰ মানৱ জাতিয়ে নিজকে চিনিব লাগিব আৰু শান্তি, একতা, সমতা তথা প্ৰকৃতিৰ সৈতে সমন্বয় ৰাখি নতুন সমাজ গঢ়ি তুলিব লাগিব বুলি তেওঁ আহ্বান জনায়।
মাধৱ গগৈয়ে সতৰ্ক কৰি কয় যে, যদি মানৱ সমাজে সময় থাকোঁতেই নিজৰ পথ সংশোধন নকৰে, তেন্তে ভৱিষ্যতে মানৱ জাতিৰ অস্তিত্ব গভীৰ সংকটত পৰিব পাৰে।

Northeast News India

মানৱ জাতিৰ ধ্বংস সমাগত

মানৱ জাতিৰ ভৱিষ্যৎক লৈ মাধৱ গগৈৰ সতৰ্কবাণী বিশেষ সংবাদ মাধৱ গগৈ এ বৰ্তমানৰ ৰাজনৈতিক ব্যৱস্থা আৰু মানৱ সমাজৰ ভৱিষ্যৎক লৈ গভীৰ উদ্বেগ প্ৰকাশ ক...