Saturday, 20 November 2021

গোলাঘাটৰ বিশিষ্ট শিল্পী, সুনিপুন তবলা বাদক হিমেন দাসৰ বিয়োগ

গোলাঘাটৰ বিশিষ্ট শিল্পী, সুনিপুন তবলা বাদক হিমেন দাসৰ বিয়োগত আমি গভীৰ শোক প্ৰকাশ কৰিছোঁ । এটা দুৰ্ঘটনাত পতিত হৈ আজি মৃত্যুক আঁকোৱালি লোৱা শিল্পীগৰাকীৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰিছোঁ আৰু এই সংকটৰ সময়ত প্ৰয়াত দাসৰ পৰিয়ালটোৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ ।

গোলাঘাটৰ সমাজ জীৱন তথা ৰাজ্যখনৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত শিল্পীগৰাকীয়ে এসময়ত জয়ন্ত হাজৰিকাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ সুৰবাহিনীৰ সৈতে জড়িত হৈ এগৰাকী সাংস্কৃতিক কৰ্মী হিচাপে সেৱা আগবঢ়াইছিল । এগৰাকী তবলা বাদক হিচাপেও সুপৰিচিত শিল্পীগৰাকীয়ে নিজৰ কলাসুলভ প্ৰতিভাৰে নিৰ্মাণ কৰিছিল বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ আদৰণি তোৰণ । কলাসুলভ মনৰ গৰাকী হিমেন দাসৰ নিপুণ হাতৰ পৰশত প্ৰাণ পাই উঠা আদৰণি তোৰণসমূহে কেৱল গোলাঘাটতে নহয় সমগ্ৰ ৰাজ্যতে সমাদৰ লাভ কৰি আহিছে । গোলাঘাট এমেচাৰ থিয়েটাৰ ছ’চাইটি, প্ৰবীন শিল্পী মঞ্চ আদি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত বহুমুখী প্ৰতিভাৰ অধিকাৰী হিমেন দাসৰ মৃত্যু সমগ্ৰ গোলাঘাট জিলাৰ বাবেই অপূৰণীয় ক্ষতি । শিল্পীগৰাকীৰ প্ৰতি আমি জনাইছোঁ গভীৰ শ্ৰদ্ধাঞ্জলি ।

উপায়ুক্ত, গোলাঘাট
NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...