৬ অক্টোবৰ, ২০২৩
*'আমাৰ ঘৰ ' বৃদ্ধাশ্ৰমত বিশেষ স্বাস্থ্য পৰীক্ষা শিবিৰ*
১ অক্টোবৰ, ২০২৩ তাৰিখে উদযাপিত হোৱা আন্ত:ৰাষ্ট্ৰীয় বায়োজ্যেষ্ঠ দিৱসৰ সাপ্তাহিক কাৰ্যসূচীৰ অংশস্বৰূপে আজি ইংৰাজী ৬ অক্টোবৰ, ২০২৩ তাৰিখে গোলাঘাট নগৰৰ বেঙেনাখোৱা স্থিত 'আমাৰ ঘৰ' নামৰ বৃদ্ধাশ্ৰমত এখন স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা হয়। স্বাস্থ্য পৰীক্ষাৰ লগতে উপস্থিত বয়োজ্যেষ্ঠ ব্যক্তি সকলক বৃদ্ধ বয়সত হব পৰা ৰোগৰ বিষয়ে সজাগ কৰা হয় আৰু স্বাস্থ্য সন্মত বিধি - বিধান প্ৰদান কৰা হয়। 
আজিৰ এই বিশেষ স্বাস্থ্য শিবিৰত চিকিৎসাকৰ্মীৰ দলৰ উপৰিও ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, গোলাঘাটৰ ডিপিএম অনুষ্কা বৰা, ডিপিচি অনুজ গগৈ, ডিএমই পূৰ্বালী হাজৰিকাকে আদি কৰি অন্যান্য ব্যক্তি সকল।
NORTHEAST NEWS INDIA
  
  
  
  
  
No comments:
Post a Comment
Welcome Northeast News India