Thursday, 5 October 2023

*মেৰাপাণী সামূহিক চিকিৎসা কেন্দ্ৰত স্বাস্থ্য মেলা অনুষ্ঠিত**আয়ুষ্মান ভৱ অভিযানৰ অধীনত অনুষ্ঠিত এই স্বাস্থ্য মেলা*

৫ অক্টোবৰ, ২০২৩

*মেৰাপাণী সামূহিক চিকিৎসা কেন্দ্ৰত স্বাস্থ্য মেলা অনুষ্ঠিত*

*আয়ুষ্মান ভৱ অভিযানৰ অধীনত অনুষ্ঠিত এই স্বাস্থ্য মেলা*

গোলাঘাট জিলাৰ কমাৰবন্ধা আলি খণ্ড প্ৰাথমিক চিকিৎসা কেন্দ্ৰৰ অধীনত আজি ইংৰাজী ৫ অক্টোবৰ, ২০২৩ তাৰিখে মেৰাপানী সামূহিক চিকিৎসা কেন্দ্ৰত এখন স্বাস্থ্য মেলাৰ আয়োজন কৰা হয়। প্ৰসূতি, শিশু, অসংক্রামক ৰোগ, মেডিচিন বিভাগকে আদি কৰি বিভিন্ন চিকিৎসা সেৱা ৰাইজলৈ আগবঢ়োৱাৰ উদ্দেশ্যেৰে মেলা খনত স্থানীয় চিকিৎসক সকলৰ উপৰিও যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পৰা ঔষধ বিভাগৰ বিশেষজ্ঞ 
ডা: সুমন দেউৰী আৰু প্ৰসূতি বিভাগৰ বিশেষজ্ঞ ডা: এ. আৰ. বৰলস্কৰ উপস্থিত থাকে। 

উক্ত স্বাস্থ্য মেলাৰ যোগেদি চাৰি শতাধিক লোকে চিকিৎসা সেৱা, বিনামূলীয়া ঔষধ আৰু বিভিন্ন স্বাস্থ্য পৰীক্ষাৰ সুবিধা লাভ কৰে। ইয়াৰে ভিতৰত ১১২ জন পুৰুষ, ২৮৮ গৰাকী মহিলা, ১১৭ জন বয়োজ্যেষ্ঠ জনে চিকিৎসা সেৱা লাভ কৰে। প্ৰসূতি বিভাগত মুঠ ৭৪ গৰাকী মহিলা তাৰে ২১ গৰাকী মহিলায়ে প্ৰাক - প্ৰসৱ চিকিৎসা সেৱা লাভ কৰে। 

চিকিৎসা প্ৰদানৰ উপৰিও উপস্থিত ৰাইজক স্বাস্থ্য জনিত বহু পৰামৰ্শ প্ৰদান কৰাৰ উদ্দেশ্যেৰে এখন সজাগতা সভা অনুষ্ঠিত কৰা হয় যত মাতৃ আৰু শিশু স্বাস্থ্য,  সংক্ৰামক - অসংক্রামক ৰোগ, বয়োজ্যেষ্ঠ লোকৰ স্বাস্থ্যৰ যত্ন, মানসিক স্বাস্থ্য, পুষ্টিকৰ খাদ্য, গৰ্ভধাৰণৰ সময়ত লব লগা যত্ন,পৰিয়াল পৰিকল্পনা, যক্ষ্মা, আভা পৰিচয় সংখ্যা, আয়ুষ্মান ভাৰত যোজনাকে আদি কৰি বহু দিশ সামৰি লোৱা হয়।

আজিৰ স্বাস্থ্য মেলা খনৰ শুভ উদ্বোধন কৰে জিলা পৰিষদৰ কাউন্সিলৰ শ্ৰী অৰুণ ৰাজবংশী দেৱে। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডা: অনুৰাধা বৰুৱা, মহকুমা চিকিৎসা বিষয়া ডা: ৰঞ্জিত হাজৰিকা, ডেপুটী সুপাৰিনটেনডেন্ত ডা: চন্দ্ৰা শ্যাম ইত্যাদি।

মেৰাপানি সামূহিক চিকিৎসা কেন্দ্ৰত অনুষ্ঠিত এই স্বাস্থ্য মেলাত বিশেষজ্ঞ চিকিৎসক সকলৰ উপৰিও অন্য স্বাস্থ্য বিষয়া, কমিউনিটি হেলথ অফিচাৰ, চিকিৎসাকৰ্মী সকল, স্বাস্থ্যকৰ্মী সকল, আশা চুপাৰভাইজৰ, আশা কৰ্মী, ৰাষ্ট্ৰীয় স্বস্ত্য অভিযান, গোলাঘাটৰ বিষয়া আদি উপস্থিত থাকে। সমগ্ৰ দেশব্যাপী চলি থকা আয়ুষ্মান ভৱ অভিযানৰ অংশস্বৰূপে এই মেলাৰ আয়োজন কৰা হৈছে।

NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...