২ অক্টোবৰ, ২০২৩: গোলাঘাট
অসম চৰকাৰৰ মাননীয় কৃষি মন্ত্ৰী শ্রীযুত অতুল বৰা মহোদয়ে গোলাঘাট জিলাৰ জিলা আয়ুক্ত ডা° পি উদয় প্ৰৱীনৰ উপস্থিতিত আজি গান্ধী জয়ন্তীৰ পৱিত্ৰ দিনত গোলাঘাট জিলাৰ গোলাঘাট পশ্চিম উন্নয়ন খণ্ডৰ অন্তৰ্গত নুমলীগড় গাঁও পঞ্চায়তৰ দ্বাৰা আয়োজিত অমৃত কলহ যাত্ৰাত ভাগ লয় ৷ মোৰ দেশ মোৰ মাটি অনুষ্ঠানৰ অন্তৰ্গত আয়োজিত এই পৱিত্ৰ অমৃত কলহ যাত্ৰাত যোগ দিয়া সকলোকে মাননীয় কৃষি মন্ত্ৰী গৰাকীয়ে ধন্যবাদ জনায় আৰু সকলোৰে প্ৰচেষ্টাৰ শলাগ লয় ৷ সমবেত ৰাইজক সম্বোধি জিলা আয়ুক্ত গৰাকীয়েও এই পৱিত্ৰ কামৰ জৰিয়তে দেশৰ একতা বৃদ্ধি হোৱাৰ কথা উল্লেখ কৰি মাননীয় কৃষি মন্ত্ৰী গৰাকীকো ধন্যবাদ জ্ঞাপন কৰে ৷ ৭০০ ৰো অধিক ৰাইজে অংশগ্ৰহণ কৰা এই অমৃত কলহ যাত্ৰাত গোলাঘাট জিলা পৰিষদৰ উপ সভানেত্ৰী ৰশ্নী কাকতি, গোলাঘাট জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাস, বোকাখাট মহকুমাৰ মহকুমাধিপতি শ্ৰীযুতা চিমি কৰন, কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীৰ কমাণ্ডেন্ট সুৰজ কুমাৰ চাহু, গোলাঘাট পশ্চিম উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া পাৰ্থজিৎ গগৈকে প্ৰমুখ্যে কৰি বহু কেইগৰাকী গন্যমান্য ব্যক্তি উপস্থিত থাকে৷ নুমলীগড় গাঁও পঞ্চায়তৰ অধীনৰ সকলো গাঁৱৰ পৰা সংগৃহিত মাটিৰ কলহেৰে এই অমৃত কলহ যাত্ৰা সম্পন্ন কৰা হয়৷ এই যাত্ৰাৰ পিছতে নুমলীগড় গাঁও পঞ্চায়তত বিশেষ গাঁও সভা অনুষ্ঠিত হয়৷
*ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA
No comments:
Post a Comment
Welcome Northeast News India