১ অক্টোবৰ, ২০২৩: গোলাঘাট
*বিস্তৃত কাৰ্যসূচীৰে গোলাঘাট জিলাত “এক তাৰিখ এক ঘন্টা” অভিযান*
আজি “এক তাৰিখ এক ঘন্টা” অভিযানৰ অন্তৰ্গত সমগ্ৰ দেশৰ লগতে গোলাঘাট জিলাতো জিলা আয়ুক্ত ডাঃ পি উদয় প্ৰৱীণে গোলাঘাট পৌৰসভাৰ সভানেত্ৰী দুলুমনি বৰবৰা গোলাঘাট জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাস তথা জিলা প্ৰশাসন আৰু গোলাঘাট পৌৰসভাৰ সদস্য আৰু অনান্য বিষয়ববীয়াৰ উপস্থিতিত গোলাঘাট চহৰৰ মাজমজিয়াৰ চকবজাৰ এলেকা পৰিষ্কাৰ কৰে। উক্ত কাৰ্য্যত জিলাখনৰ আৰক্ষী বাহিনী বিভিন্ন বিভাগৰ বিষয়া- কৰ্মচাৰী, ছাত্ৰ ছাত্ৰী আৰু অন্যান্য জনসাধাৰনে সহযোগিতা আগবঢায়। আজিৰ এই স্বচ্ছতাৰ কাৰ্যসূচীত জিলা আয়ুক্ত গৰাকীয়ে আজিৰ কাৰ্যসূচী জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতি দেশবাসীৰ এক শ্ৰদ্ধাঞ্জলি বুলি উল্লেখ কৰে৷ তেখেতে লগতে সমূহ গোলাঘাট বাসীক নিজৰ জিলাখন পৰিস্কাৰ কৰি ৰখাৰ সংকল্প লবলৈ আহ্বান জনায়৷ এই কাৰ্যসূচী গোলাঘাট জিলাৰ সকলো পঞ্চায়তৰ সকলো ৱাৰ্ডতে আজি অনুষ্ঠিত হয় । গোলাঘাট পূৱ উন্নয়ন খণ্ডৰ পুলিবৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয় চৌহদত জিলা আয়ুক্ত ডাঃ পি উদয় প্ৰৱীণে গোলাঘাট জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাস, গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সত্যজিৎ পাল, জিলা পৰিষদৰ উপ কাৰ্যবাহী বিষয়া জয়ন্ত মাধৱ শৰ্মা, খণ্ড উন্নয়ন বিষয়া ময়ুৰিমা মোহন ৰ উপস্থিতিত এক বিস্তৃত স্বচ্ছতা কাৰযসূচীতো অংশগ্ৰহণ কৰে ৷ মহাবিদ্যালয় চৌহদৰ লগতে ছাত্ৰাৱাস আদিও জিলা আয়ুক্ত গৰাকীয়ে পৰিস্কাৰ কৰে৷ মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ-ছাত্ৰী সকলেও এই অভিযানত ভাগ লয় । অনুষ্ঠানতে জিলা আয়ুক্ত গৰাকীয়ে ছাত্ৰ-ছাত্ৰী সকলৰ সৈতে অন্তৰংগ আলাপ কৰে আৰু গোলাঘাট জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াক আগন্তুক খেল মহাৰণৰ প্ৰতি লক্ষ্য ৰাখি মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনি জৰিয়তে মহাবিদ্যালয় চৌহদ তথা খেলপথাৰ উন্নয়ন আৰু গছপুলি ৰোপনৰ প্ৰকল্প লোৱাৰ বাবে নিৰ্দেশ দিয়ে৷
*ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA
No comments:
Post a Comment
Welcome Northeast News India