Sunday, 1 October 2023

*প্ৰত্যেক স্বাস্থ্য কেন্দ্ৰত স্বচ্ছতা হি সেৱা কাৰ্যসূচী অনুষ্ঠিত**১ অক্টোবৰ, ২০২৩ তাৰিখে স্বচ্ছতাৰ বাবে ১ ঘণ্টা শ্ৰমদাম*

*প্ৰত্যেক স্বাস্থ্য কেন্দ্ৰত স্বচ্ছতা হি সেৱা কাৰ্যসূচী অনুষ্ঠিত*

*১ অক্টোবৰ, ২০২৩ তাৰিখে স্বচ্ছতাৰ বাবে ১ ঘণ্টা শ্ৰমদাম* 

সমগ্ৰ দেশজুৰি ১৭ ছেপ্টেম্বৰ, ২০২৩ তাৰিখৰ পৰা চলি থকা আয়ুস্মান ভৱ অভিযানৰ লগত সংগতি ৰাখি আজি ইংৰাজী ১ অক্টোবৰ, ২০২৩ তাৰিখে ভাৰতৰ প্ৰত্যেক ৰাজ্যতে 'স্বচ্ছতা হি সেৱা' কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। এই কাৰ্যসূচীৰ অন্তৰ্গত গোলাঘাট জিলাতো প্ৰত্যেক স্বাস্থ্য কেন্দ্ৰতে স্বচ্ছতা অভিযান অনুষ্ঠিত কৰা হয়।  জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্মজয়ন্তী আৰু তেখেতৰ প্ৰতি শ্ৰদ্ধা নিবেদন হেতু এই স্বচ্ছতা অভিয়ানৰ কাৰ্যসূচী হাতত লোৱা হৈছে।

আজি অনুষ্ঠিত স্বচ্ছতা অভিয়ানৰ কাৰ্যসূচীত প্ৰত্যেক চিকিৎসা কেন্দ্ৰত কাৰ্যৰত চিকিৎসা কৰ্মী যেনে চিকিৎসক, সামূহিক চিকিৎসা বিষয়া, ষ্টাফ নাৰ্চ, এ এন এম কে আদি কৰি স্বাস্থ্য কৰ্মী যেনে MPW, SW, আশা চুপাৰভাইজৰ, আশা কৰ্মী, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিষয়া - কৰ্মচাৰী আদিয়ে নিজৰ স্বাস্থ্য কেন্দ্ৰৰ ৱাৰ্ড সমূহ, OPD এলেকাকে ধৰি বাহিৰ - ভিতৰ সকলোতে স্থানীয় ৰাইজক জঢ়িত কৰি এই কাৰ্যসূচী সম্পূৰ্ণ কৰে।

NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

धरती को पाप मय कर दिया

दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...