Monday, 9 October 2023

*গোলাঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত পাঁচটা নৱনিৰ্মিত পথৰ শুভ উদ্বোধন মন্ত্ৰী অশোক সিংহলৰ*

৯  অক্টোবৰ, ২০২৩: গোলাঘাট

*গোলাঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত পাঁচটা নৱনিৰ্মিত পথৰ শুভ উদ্বোধন মন্ত্ৰী অশোক সিংহলৰ*


ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি গোলাঘাট চহৰত বিত্তমন্ত্ৰী তথা স্থানীয় বিধায়িকা অজন্তা নেওগৰ উপস্থিতিত গোলাঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত পাঁচটা নৱনিৰ্মিত পথৰ শুভ উদ্বোধন কৰে। এই পথকেইটি হৈছে কৃষ্ণনগৰ আৰু ৰূপনগৰ পথ, বি পি লাডিয়া পথ, ষ্টেচন সংযোগী পথ, লাচিত বৰফুকন পথ আৰু সুভাষ কলনী সংযোগী পথ। এই পথকেইটিৰ মুঠ দৈৰ্ঘ্য ১.৯৯৭ কিলোমিটাৰ।

এই উপলক্ষে গোলাঘাটৰ কৃষ্ণনগৰ অঞ্চলত আয়োজিত এক অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰী সিংহলে কয় যে স্থানীয় বিধায়িকা অজন্তা নেওগৰ তৎপৰতাত গোলাঘাট চহৰৰ ৰূপনগৰ-কৃষ্ণনগৰৰ ৰাইজে এক অভূতপূৰ্ব নজিৰ দাঙি ধৰিলে। নিজৰ অঞ্চলৰ উন্নয়নৰ স্বাৰ্থত অঞ্চলটোৰ ৭০ ঘৰতকৈ অধিক মানুহে পথ নিৰ্মাণৰ বাবে নিজৰ মাটি এৰি দি পূৰ্বৰ ২.৫ মিটাৰ বহল পথটিক ৬ মিটাৰ পৰ্যন্ত বহল কৰাত সহযোগিতা আগবঢ়ালে। এই কাৰ্য্যৰ বাবে মন্ত্ৰী সিংহলে ৭০ ঘৰ পৰিয়ালক প্ৰশংসাও কৰে৷  গোলাঘাট চহৰৰ বাসিন্দাসকলৰ এই কাৰ্য সামাজিক দায়বদ্ধতাৰ এক উজ্জ্বল দৃষ্টান্ত হৈ ৰ'ব বুলি মন্তব্য কৰি ৰাজ্যৰ অন্যান্য চহৰাঞ্চলৰ বাসিন্দাসকলকো এই আদৰ্শ অনুকৰণ কৰিবলৈ তেওঁ আহ্বান জনায়।

অনুষ্ঠানত সাংসদ কামাখ্যা প্ৰসাদ তাছা, সৰুপথাৰৰ বিধায়ক বিশ্বজিত ফুকন আৰু গোলাঘাট পৌৰসভাৰ পৌৰপতি দুলুমনি বৰবৰাৰ লগতে বিভাগীয় বিষয়-ববীয়াসকল উপস্থিত থাকে।  


 *ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*

NORTHEAST NEWS INDIA

Friday, 6 October 2023

জিলাখনত যান বাহন চলাচলৰ বাবে তলত উল্লেখ কৰাৰ দৰে নিয়মাৱলী ধাৰ্য্য

৬ অক্টোবৰ, ২০২৩ গোলাঘাটঃ

কাইলৈৰ পৰা গোলাঘাট জিলাৰ সমন্বয় ক্ষেত্ৰত হ’বলগীয়া বিভিন্ন কাৰ্য্যসূচীৰ বাবে আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা জিলাখনত যান বাহন চলাচলৰ বাবে তলত উল্লেখ কৰাৰ দৰে নিয়মাৱলী ধাৰ্য্য কৰা হৈছে। সকলোৰে জ্ঞাতাৰ্থে জনোৱা হ’ল।

ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট

NORTHEAST NEWS INDIA

*কাছমাৰি আদৰ্শ চিকিৎসালয়ত আয়ুষ্মান ভৱ স্বাস্থ্য মেলা অনুষ্ঠিত**চাৰি শতাধিক লোকৰ চিকিৎসা সেৱা লাভ*

৬ অক্টোবৰ, ২০২৩

*কাছমাৰি আদৰ্শ চিকিৎসালয়ত আয়ুষ্মান ভৱ স্বাস্থ্য মেলা অনুষ্ঠিত*

*চাৰি শতাধিক লোকৰ চিকিৎসা সেৱা লাভ* 

গোলাঘাট জিলাৰ কমাৰবন্ধা আলি খণ্ড প্ৰাথমিক চিকিৎসা কেন্দ্ৰৰ অধীনত আজি ইংৰাজী ৬ অক্টোবৰ, ২০২৩ তাৰিখে কাছমাৰি আদৰ্শ চিকিৎসালয়ত এখন স্বাস্থ্য মেলাৰ আয়োজন কৰা হয়। প্ৰসূতি, শিশু, অসংক্রামক ৰোগ, মেডিচিন বিভাগকে আদি কৰি বিভিন্ন চিকিৎসা সেৱা ৰাইজলৈ আগবঢ়োৱাৰ উদ্দেশ্যেৰে মেলা খনত স্থানীয় চিকিৎসক সকলৰ উপৰিও যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পৰা ঔষধ বিভাগৰ বিশেষজ্ঞ 
ডা: দেৱযানি বৰা আৰু প্ৰসূতি বিভাগৰ বিশেষজ্ঞ ডা: খাইৰুল ইছলাম উপস্থিত থাকে। 

উক্ত স্বাস্থ্য মেলাৰ যোগেদি মুঠ চাৰি শতাধিক লোকে চিকিৎসা সেৱা, বিনামূলীয়া ঔষধ আৰু বিভিন্ন স্বাস্থ্য পৰীক্ষাৰ সুবিধা লাভ কৰে। ইয়াৰে ভিতৰত ২৪ গৰাকী গৰ্ভৱতী মহিলা, ৯৬ জন শিশু, ৭৩ জন বয়োজ্যেষ্ঠ জনে চিকিৎসা সেৱা লাভ কৰে। প্ৰসূতি বিভাগত মুঠ ৮৬ গৰাকী মহিলা, ঔষধ বিভাগত ২০৭ জন লোকে চিকিৎসা সেৱা লাভ কৰে। 

চিকিৎসা প্ৰদানৰ উপৰিও উপস্থিত ৰাইজক স্বাস্থ্য জনিত বহু পৰামৰ্শ প্ৰদান কৰাৰ উদ্দেশ্যেৰে এখন সজাগতা সভা অনুষ্ঠিত কৰা হয় যত মাতৃ আৰু শিশু স্বাস্থ্য,  সংক্ৰামক - অসংক্রামক ৰোগ, বয়োজ্যেষ্ঠ লোকৰ স্বাস্থ্যৰ যত্ন, মানসিক স্বাস্থ্য, পুষ্টিকৰ খাদ্য, গৰ্ভধাৰণৰ সময়ত লব লগা যত্ন,পৰিয়াল পৰিকল্পনা, যক্ষ্মা, আভা পৰিচয় সংখ্যা, আয়ুষ্মান ভাৰত যোজনাকে আদি কৰি বহু দিশ সামৰি লোৱা হয়।

আজিৰ স্বাস্থ্য মেলা খনৰ শুভ উদ্বোধন কৰে বিজেপি দলৰ
জিলা সম্পাদক শ্ৰীযুত পুনা বৰায়ে। উপস্থিত থাকে গমাৰি উন্নয়ন খণ্ডৰ সভাপতি শ্ৰীযুত কেশৱ শইকীয়া, কাছমাৰি উন্নয়ন খণ্ডৰ সভাপতি শ্ৰীযুত সোণাৰাম গগৈ, চিকিৎসালয় পৰিচালনা সমিতিৰ সদস্য সকল, চিকিৎসক - চিকিৎসাকৰ্মী, স্বাস্থ্যকৰ্মী আৰু স্থানীয় ৰাইজ।

কাছমাৰি আদৰ্শ চিকিৎসালয়ত অনুষ্ঠিত এই স্বাস্থ্য মেলাত বিশেষজ্ঞ চিকিৎসক সকলৰ উপৰিও অন্য স্বাস্থ্য বিষয়া, কমিউনিটি হেলথ অফিচাৰ, চিকিৎসাকৰ্মী সকল, স্বাস্থ্যকৰ্মী সকল, আশা চুপাৰভাইজৰ, আশা কৰ্মী, ৰাষ্ট্ৰীয় স্বস্ত্য অভিযান, গোলাঘাটৰ বিষয়া আদি উপস্থিত থাকে। সমগ্ৰ দেশব্যাপী চলি থকা আয়ুষ্মান ভৱ অভিযানৰ অংশস্বৰূপে এই মেলাৰ আয়োজন কৰা হৈছে।

NORTHEAST NEWS INDIA

দুৰ্গা পূজা বানচ সমূহ অতি সোনকালে মুকলি কৰি দিবলৈ সকলো বাগিচা কৰ্তৃপক্ষক আহ্বান

৬ অক্টোবৰ, ২০২৩: গোলাঘাট


আজি গোলাঘাট জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত দুৰ্গা পুজা উপলক্ষে প্ৰদান কৰিব লগীয়া বানচ সম্পৰ্কে এখন আলোচনা সভা অনুস্থিত হয়। সভাত সভাপতিত্ব কৰে গোলাঘাটৰ জিলা আয়ুক্ত ডাঃ পি উদয় প্ৰৱীণে। বিষয়টোৰ ওপৰত পৰ্য্যলোচনা কৰি জিলা আয়ুক্ত গৰাকীয়ে দুৰ্গা পূজা বানচ সমূহ অতি সোনকালে মুকলি কৰি দিবলৈ সকলো বাগিচা কৰ্তৃপক্ষক আহ্বান জনায়। সভাত জিলা উন্নয়ন আয়ুক্ত শ্ৰীমতী অৰ্পা বাগলাৰী, সহকাৰী শ্ৰম আয়ুক্ত শ্ৰীমতী তিলোত্তমা দেউৰী, ABITA ৰ সম্পাদক, উত্তৰ পুৱ চাহ সংঘৰ সম্পাদক, অসম চাহ মজদুৰ সংঘ গোলাঘাট শাখাৰ সভাপতি তথা সম্পাদক, ভাৰতীয় চাহ মজদুৰ সংঘ গোলাঘাট শাখাৰ সভাপতি তথা সম্পাদক, গোলাঘাট জিলা বাগিচা কৰ্তৃপক্ষৰ পৰিচালক সকল আৰু অন্যান্য ব্যক্তি সকল উপস্থিত থাকে।

*ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*

NORTHEAST NEWS INDIA

*'আমাৰ ঘৰ ' বৃদ্ধাশ্ৰমত বিশেষ স্বাস্থ্য পৰীক্ষা শিবিৰ**আন্ত:ৰাষ্ট্ৰীয় বয়োজ্যেষ্ঠ দিৱস উপলক্ষে অনুষ্ঠিত স্বাস্থ্য শিবিৰ*

৬ অক্টোবৰ, ২০২৩

*'আমাৰ ঘৰ ' বৃদ্ধাশ্ৰমত বিশেষ স্বাস্থ্য পৰীক্ষা শিবিৰ*

*আন্ত:ৰাষ্ট্ৰীয় বয়োজ্যেষ্ঠ দিৱস উপলক্ষে অনুষ্ঠিত স্বাস্থ্য শিবিৰ*


১ অক্টোবৰ, ২০২৩ তাৰিখে উদযাপিত হোৱা আন্ত:ৰাষ্ট্ৰীয় বায়োজ্যেষ্ঠ দিৱসৰ সাপ্তাহিক কাৰ্যসূচীৰ অংশস্বৰূপে আজি ইংৰাজী ৬ অক্টোবৰ, ২০২৩ তাৰিখে গোলাঘাট নগৰৰ বেঙেনাখোৱা স্থিত 'আমাৰ ঘৰ' নামৰ বৃদ্ধাশ্ৰমত এখন স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা হয়। স্বাস্থ্য পৰীক্ষাৰ লগতে উপস্থিত বয়োজ্যেষ্ঠ ব্যক্তি সকলক বৃদ্ধ বয়সত হব পৰা ৰোগৰ বিষয়ে সজাগ কৰা হয় আৰু স্বাস্থ্য সন্মত বিধি - বিধান প্ৰদান কৰা হয়। 

আজিৰ এই বিশেষ স্বাস্থ্য শিবিৰত চিকিৎসাকৰ্মীৰ দলৰ উপৰিও ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, গোলাঘাটৰ ডিপিএম অনুষ্কা বৰা, ডিপিচি অনুজ গগৈ, ডিএমই পূৰ্বালী হাজৰিকাকে আদি কৰি অন্যান্য ব্যক্তি সকল।

NORTHEAST NEWS INDIA

Thursday, 5 October 2023

*মেৰাপাণী সামূহিক চিকিৎসা কেন্দ্ৰত স্বাস্থ্য মেলা অনুষ্ঠিত**আয়ুষ্মান ভৱ অভিযানৰ অধীনত অনুষ্ঠিত এই স্বাস্থ্য মেলা*

৫ অক্টোবৰ, ২০২৩

*মেৰাপাণী সামূহিক চিকিৎসা কেন্দ্ৰত স্বাস্থ্য মেলা অনুষ্ঠিত*

*আয়ুষ্মান ভৱ অভিযানৰ অধীনত অনুষ্ঠিত এই স্বাস্থ্য মেলা*

গোলাঘাট জিলাৰ কমাৰবন্ধা আলি খণ্ড প্ৰাথমিক চিকিৎসা কেন্দ্ৰৰ অধীনত আজি ইংৰাজী ৫ অক্টোবৰ, ২০২৩ তাৰিখে মেৰাপানী সামূহিক চিকিৎসা কেন্দ্ৰত এখন স্বাস্থ্য মেলাৰ আয়োজন কৰা হয়। প্ৰসূতি, শিশু, অসংক্রামক ৰোগ, মেডিচিন বিভাগকে আদি কৰি বিভিন্ন চিকিৎসা সেৱা ৰাইজলৈ আগবঢ়োৱাৰ উদ্দেশ্যেৰে মেলা খনত স্থানীয় চিকিৎসক সকলৰ উপৰিও যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পৰা ঔষধ বিভাগৰ বিশেষজ্ঞ 
ডা: সুমন দেউৰী আৰু প্ৰসূতি বিভাগৰ বিশেষজ্ঞ ডা: এ. আৰ. বৰলস্কৰ উপস্থিত থাকে। 

উক্ত স্বাস্থ্য মেলাৰ যোগেদি চাৰি শতাধিক লোকে চিকিৎসা সেৱা, বিনামূলীয়া ঔষধ আৰু বিভিন্ন স্বাস্থ্য পৰীক্ষাৰ সুবিধা লাভ কৰে। ইয়াৰে ভিতৰত ১১২ জন পুৰুষ, ২৮৮ গৰাকী মহিলা, ১১৭ জন বয়োজ্যেষ্ঠ জনে চিকিৎসা সেৱা লাভ কৰে। প্ৰসূতি বিভাগত মুঠ ৭৪ গৰাকী মহিলা তাৰে ২১ গৰাকী মহিলায়ে প্ৰাক - প্ৰসৱ চিকিৎসা সেৱা লাভ কৰে। 

চিকিৎসা প্ৰদানৰ উপৰিও উপস্থিত ৰাইজক স্বাস্থ্য জনিত বহু পৰামৰ্শ প্ৰদান কৰাৰ উদ্দেশ্যেৰে এখন সজাগতা সভা অনুষ্ঠিত কৰা হয় যত মাতৃ আৰু শিশু স্বাস্থ্য,  সংক্ৰামক - অসংক্রামক ৰোগ, বয়োজ্যেষ্ঠ লোকৰ স্বাস্থ্যৰ যত্ন, মানসিক স্বাস্থ্য, পুষ্টিকৰ খাদ্য, গৰ্ভধাৰণৰ সময়ত লব লগা যত্ন,পৰিয়াল পৰিকল্পনা, যক্ষ্মা, আভা পৰিচয় সংখ্যা, আয়ুষ্মান ভাৰত যোজনাকে আদি কৰি বহু দিশ সামৰি লোৱা হয়।

আজিৰ স্বাস্থ্য মেলা খনৰ শুভ উদ্বোধন কৰে জিলা পৰিষদৰ কাউন্সিলৰ শ্ৰী অৰুণ ৰাজবংশী দেৱে। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডা: অনুৰাধা বৰুৱা, মহকুমা চিকিৎসা বিষয়া ডা: ৰঞ্জিত হাজৰিকা, ডেপুটী সুপাৰিনটেনডেন্ত ডা: চন্দ্ৰা শ্যাম ইত্যাদি।

মেৰাপানি সামূহিক চিকিৎসা কেন্দ্ৰত অনুষ্ঠিত এই স্বাস্থ্য মেলাত বিশেষজ্ঞ চিকিৎসক সকলৰ উপৰিও অন্য স্বাস্থ্য বিষয়া, কমিউনিটি হেলথ অফিচাৰ, চিকিৎসাকৰ্মী সকল, স্বাস্থ্যকৰ্মী সকল, আশা চুপাৰভাইজৰ, আশা কৰ্মী, ৰাষ্ট্ৰীয় স্বস্ত্য অভিযান, গোলাঘাটৰ বিষয়া আদি উপস্থিত থাকে। সমগ্ৰ দেশব্যাপী চলি থকা আয়ুষ্মান ভৱ অভিযানৰ অংশস্বৰূপে এই মেলাৰ আয়োজন কৰা হৈছে।

NORTHEAST NEWS INDIA

Tuesday, 3 October 2023

*দেৰগাঁও সামূহিক চিকিৎসা কেন্দ্ৰত আয়ুষ্মান ভৱ অভিযানৰ অধীনত স্বাস্থ্য মেলা অনুষ্ঠিত*

৩ অক্টোবৰ, ২০২৩

*দেৰগাঁও সামূহিক চিকিৎসা কেন্দ্ৰত আয়ুষ্মান ভৱ অভিযানৰ অধীনত স্বাস্থ্য মেলা অনুষ্ঠিত*

সমগ্ৰ দেশজুৰি চলি থকা আয়ুস্মান ভৱ অভিযানৰ অন্তৰ্গত আজি ইংৰাজী ৩ অক্টোবৰ, ২০২৩ তাৰিখে গোলাঘাট জিলাৰ দেৰগাঁও সামূহিক চিকিৎসা কেন্দ্ৰত এখন স্বাস্থ্য মেলা অনুষ্ঠিত হয়। আজিৰ স্বাস্থ্য মেলা খন আনুষ্ঠানিক ভাৱে মুকলি কৰে দেৰগাঁও বিধানসভা সমষ্টিৰ মাননিয় বিধায়ক শ্ৰীযুত ভবেন্দ্ৰনাথ ভৰালী দেৱে। 

তিনি শতাধিক লোকে চিকিৎসা সেৱা লাভ কৰা এই স্বাস্থ্য মেলা খনত প্ৰসূতি, শিশু, অসংক্রামক ৰোগ, ই এন টি, মেডিচিন বিভাগকে আদি কৰি বিভিন্ন চিকিৎসা সেৱা ৰাইজলৈ আগবঢ়োৱা হয়। স্বাস্থ্য মেলাত চিকিৎসা প্ৰদান কৰাৰ হেতু যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পৰা চিকিৎসা বিশেষজ্ঞ সকল উপস্থিত থাকে যেনে ঔষধ বিভাগৰ ডা: শুভম কাশ্যপ, প্ৰসূতি বিভাগৰ ডা: সমৰ্পিতা সিনহা, ই এন টিৰ ডা: অস্মিতা শৰ্মা। 

চিকিৎসা প্ৰদান কৰাৰ উপৰিও উপস্থিত ৰাইজক অসংক্রামক ৰোগ, বয়োজ্যেষ্ঠ লোকৰ স্বাস্থ্যৰ যত্ন, মানসিক স্বাস্থ্য, পুষ্টিকৰ খাদ্য, গৰ্ভধাৰণৰ সময়ত লব লগা যত্ন, পৰিয়াল পৰিকল্পনা, যক্ষ্মা, আয়ুষ্মান কাৰ্ডকে আদি কৰি বিভিন্ন বিষয়ৰ ওপৰত সজাগতা আগবঢ়োৱা  হয়।

দেৰগাঁও সামূহিক চিকিৎসা কেন্দ্ৰত অনুষ্ঠিত এই স্বাস্থ্য মেলাত বিশেষজ্ঞ চিকিৎসক সকলৰ উপৰিও অন্য স্বাস্থ্য বিষয়া, কমিউনিটি হেলথ অফিচাৰ, চিকিৎসাকৰ্মী সকল, স্বাস্থ্যকৰ্মী সকল, আশা চুপাৰভাইজৰ, আশা কৰ্মী, ৰাষ্ট্ৰীয় স্বস্ত্য অভিযান, গোলাঘাটৰ বিষয়া আদি উপস্থিত থাকে।

NORTHEAST NEWS INDIA

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...