Monday, 9 October 2023

*গোলাঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত পাঁচটা নৱনিৰ্মিত পথৰ শুভ উদ্বোধন মন্ত্ৰী অশোক সিংহলৰ*

৯  অক্টোবৰ, ২০২৩: গোলাঘাট

*গোলাঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত পাঁচটা নৱনিৰ্মিত পথৰ শুভ উদ্বোধন মন্ত্ৰী অশোক সিংহলৰ*


ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি গোলাঘাট চহৰত বিত্তমন্ত্ৰী তথা স্থানীয় বিধায়িকা অজন্তা নেওগৰ উপস্থিতিত গোলাঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত পাঁচটা নৱনিৰ্মিত পথৰ শুভ উদ্বোধন কৰে। এই পথকেইটি হৈছে কৃষ্ণনগৰ আৰু ৰূপনগৰ পথ, বি পি লাডিয়া পথ, ষ্টেচন সংযোগী পথ, লাচিত বৰফুকন পথ আৰু সুভাষ কলনী সংযোগী পথ। এই পথকেইটিৰ মুঠ দৈৰ্ঘ্য ১.৯৯৭ কিলোমিটাৰ।

এই উপলক্ষে গোলাঘাটৰ কৃষ্ণনগৰ অঞ্চলত আয়োজিত এক অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰী সিংহলে কয় যে স্থানীয় বিধায়িকা অজন্তা নেওগৰ তৎপৰতাত গোলাঘাট চহৰৰ ৰূপনগৰ-কৃষ্ণনগৰৰ ৰাইজে এক অভূতপূৰ্ব নজিৰ দাঙি ধৰিলে। নিজৰ অঞ্চলৰ উন্নয়নৰ স্বাৰ্থত অঞ্চলটোৰ ৭০ ঘৰতকৈ অধিক মানুহে পথ নিৰ্মাণৰ বাবে নিজৰ মাটি এৰি দি পূৰ্বৰ ২.৫ মিটাৰ বহল পথটিক ৬ মিটাৰ পৰ্যন্ত বহল কৰাত সহযোগিতা আগবঢ়ালে। এই কাৰ্য্যৰ বাবে মন্ত্ৰী সিংহলে ৭০ ঘৰ পৰিয়ালক প্ৰশংসাও কৰে৷  গোলাঘাট চহৰৰ বাসিন্দাসকলৰ এই কাৰ্য সামাজিক দায়বদ্ধতাৰ এক উজ্জ্বল দৃষ্টান্ত হৈ ৰ'ব বুলি মন্তব্য কৰি ৰাজ্যৰ অন্যান্য চহৰাঞ্চলৰ বাসিন্দাসকলকো এই আদৰ্শ অনুকৰণ কৰিবলৈ তেওঁ আহ্বান জনায়।

অনুষ্ঠানত সাংসদ কামাখ্যা প্ৰসাদ তাছা, সৰুপথাৰৰ বিধায়ক বিশ্বজিত ফুকন আৰু গোলাঘাট পৌৰসভাৰ পৌৰপতি দুলুমনি বৰবৰাৰ লগতে বিভাগীয় বিষয়-ববীয়াসকল উপস্থিত থাকে।  


 *ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*

NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...