Monday, 9 October 2023

*গোলাঘাট বিধানসভা সমষ্টিত ৫ খন নতুন জলসিঞ্চন আঁচনিৰ আধাৰশিলা স্থাপন মন্ত্ৰী অশোক সিংহলৰ*

৯ অক্টোবৰ, ২০২৩: গোলাঘাট

*গোলাঘাট বিধানসভা সমষ্টিত  ৫ খন নতুন জলসিঞ্চন আঁচনিৰ আধাৰশিলা স্থাপন মন্ত্ৰী অশোক সিংহলৰ*
 ৰাজ্যৰ জলসিঞ্চন আন্তঃগাঁথনিত এক নতুন সংযোজন হিচাপে ৰাজ্য চৰকাৰৰ জলসিঞ্চন তথা গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মাননীয় মন্ত্ৰী অশোক সিংহলে আজি গোলাঘাট জিলাৰ দৈয়াং আমগুৰিত আয়োজিত এক বিশেষ অনুষ্ঠানত গোলাঘাট বিধানসভা সমষ্টিত ৰাজ্যৰ জলসিঞ্চন বিভাগে হাতত লোৱা ৫ খন নতুন জলসিঞ্চন আঁচনিৰ আধাৰশিলা স্থাপন কৰে। এই আঁচনিকেইখন হৈছে বৃহত্তৰ গমাৰীত দৈয়াং নৈৰ পৰা উত্তোলন জলসিঞ্চল আঁচনি, গোলাঘাট সমষ্টিত দৈয়াঙৰ পৰা উত্তোলন জলসিঞ্চল আঁচনি, চেলচেলি আৰু ঘিলাধাৰী নদীৰ পৰা উত্তোলন জলসিঞ্চল আঁচনি, ৰজাবাৰীত দৈয়াঙৰ পৰা উত্তোলন জলসিঞ্চল আঁচনি আৰু আমগুৰিত দৈয়াঙৰ পৰা উত্তোলন জলসিঞ্চল আঁচনি। ৪২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এই ৫ খন আঁচনিয়ে ১০৯০ হেক্টৰ বিশাল কৃষিভূমিত নিয়োজিত ১০১৬ টা কৃষক পৰিয়ালক উপকৃত কৰিব।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰী সিংহলে কয় যে অসমৰ প্ৰতিগৰাকী কৃষকৰ ঘৰ পোহৰ হৈ থাকিবলৈ হ'লে প্ৰতিখন পথাৰ সেউজীয়া হৈ থাকিব লাগিব। ইয়াৰ বাবে জলসিঞ্চন লাগিব আৰু তাৰ বাবে বিভাগটোৱে নতুন নতুন আঁচনি গ্ৰহণ কৰি আহিছে। আজি আধাৰশিলা স্থাপন কৰা এই পাঁচখন আঁচনিৰ সুবিধা গ্ৰহণ কৰি ৰাইজে বছৰি একাধিক কৃষিত আত্মনিয়োগ কৰিলে অতি সোনকালেই সমগ্ৰ দৈয়াংপৰীয়া ৰাইজ উপকৃত হোৱাকৈ এক বৃহৎ জলসিঞ্চন আঁচনি হাতত লোৱা হ'ব বুলি তেওঁ ঘোষণা কৰে।

আজিৰ অনুষ্ঠানত ৰাজ্য চৰকাৰৰ বিত্ত তথা মহিলা আৰু শিশু উন্নয়ন বিভাগৰ মন্ত্ৰী অজন্তা নেওগ, সাংসদ কামাখ্যা প্ৰসাদ তাচা, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ সচিব পৱিত্ৰ ৰাম খাউণ্ড আৰু বিভাগৰ মুখ্য অভিযন্তা কে.এম.এচ. ৰাজকুমাৰৰ লগতে জলসিঞ্চন যোৰহাট চক্ৰৰ অধীক্ষক অভিযন্তা শৈলেন্দ্ৰ কুমাৰ বৈশ্য,গোলাঘাট সৰুপথাৰ জলসিঞ্চন সংমণ্ডলৰ জলসিঞ্চন কাৰ্যবাহী অভিযন্ত্ৰা প্ৰৱোধ চন্দ্ৰ বৰা উপস্থিত থাকে। আজি মন্ত্ৰী সিংহলে বিত্তমন্ত্ৰী অজন্তা নেওঁগ, সাংসদ কামাখ্যা প্ৰসাদ তাছা, সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিত ফুকন আৰু  জিলা আয়ুক্ত ডা° পি উদয় প্ৰৱীনৰ উপস্থিতিত জিলা আয়ুক্ত কাৰ্যলয়ৰ সভাগৃহত জলসিঞ্চন বিভাগৰ বিষয়া সকলৰ সৈতে এক পৰ্য্যালোচনা সভাতো ভাগ লয়৷ 

 *ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*

NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...