Friday, 5 June 2020

অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে বিভিন্ন আঁচনি আৰু কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে মাননীয় মুখ্যমন্ত্ৰী শ্ৰী যুত সৰ্বানন্দ সোণোৱালে গুৱাহাটীত মন্ত্ৰী শ্ৰী নৱ কুমাৰ দলেৰ উপস্থিতিত । ক'ভিড-১৯ৰ সময়ছোৱাত ৰাজ্যৰ পঞ্চায়তসমূহে গ্রামাঞ্চলত গ্ৰহণ কৰা ছেনিটাইজেচন অভিযান, মাস্ক প্ৰস্তুত আৰু সজাগতামূলক বিভিন্ন পদক্ষেপ সন্দৰ্ভত বিষয়াবৰ্গই মুখ্যমন্ত্ৰীক অৱগত কৰে। তেখেতে সকলোৰে প্ৰচেষ্টাৰ শলাগ লয়। তদুপৰি, MGNREGA-ত মহিলাৰ নিয়োগৰ সংখ্যা প্ৰায় ৪২.৭% লৈ বৃদ্ধি পোৱা আৰু কৰ্মচাৰীসকলে কাম কৰাৰ সময়ত সামাজিক দূৰত্ব, হাত ছেনিটাইজেচন আৰু মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে বুলি বিষয়াসকলে উল্লেখ কৰে। দুৰ্নীতিমুক্ত পঞ্চায়ত তথা অসম গঢ়িবলৈ পুঁজিসমূহৰ প্ৰয়োগৰ ক্ষেত্ৰত চোকা দৃষ্টি ৰাখি দুৰ্নীতিক প্ৰতিৰোধ কৰাৰ বাবে কঠোৰ ব্যৱস্থা ল'বলৈ বিষয়াসকলক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে। ক'ভিড-১৯ৰ পৰৱৰ্তী সময়ৰ গ্ৰাম্য অৰ্থনীতি মজবুত কৰাৰ উদ্দেশ্যে নিৰ্দিষ্ট ৰ'ডমেপ প্ৰস্তুত কৰি প্ৰতিগৰাকী কৃষকে যাতে উপাৰ্জনৰ ক্ষেত্ৰত আত্মনির্ভৰশীল হ'ব পাৰে, তাৰ ব্যৱস্থা কৰিবলৈও মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে। তদুপৰি, সকলো আঁচনিৰ কাম দ্ৰুতগতিত সম্পন্ন কৰাৰ লগতে গাঁওসমূহত বসবাস কৰা লোকসকলৰ লাভ অর্জনৰ বিভিন্ন সম্ভাৱনাপূৰ্ণ দিশ নিৰ্ধাৰণ কৰি সেই বিষয়ত পদক্ষেপ ল'বলৈ বিষয়াবৰ্গক তেখেতে নিৰ্দেশ প্ৰদান কৰে। আজি "বিশ্ব পৰিৱেশ দিৱস"ৰ সৈতে সংগতি ৰাখি তেখেতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আয়ুক্তৰ কাৰ্যালয় চৌহদত এটি গছপুলিও ৰোপণ কৰে।






5 Jun, 2020 মাননীয় মুখ‍্যমন্ত্ৰী শ্ৰী যুত সৰ্বানন্দ সোণোৱালে "বিশ্ব পৰিৱেশ দিৱস"ৰ সৈতে সংগতি ৰাখি তেখেতৰ গুৱাহাটীস্থিত বাসভৱনৰ চৌহদত এটি গছপুলি ৰোপণ কৰে।


আজি ৫ জুন "বিশ্ব পৰিৱেশ দিৱস"। এখন সেউজ আৰু প্ৰদূষণমুক্ত বিশ্ব গঢ়াৰ লক্ষ্যৰে আমি সকলোৱে একোটিকৈ গছপুলি ৰোপণ কৰোঁ আহক আৰু আমাৰ এই ধৰিএী আইক ধ্বংসৰ দিশৰ পৰা উদ্ধাৰ কৰো। ধৰিএী আই নাথাকিলে আমিও জীয়াই থাকিব নোৱাৰো। সেউজীয়া থাকিলেহে আমাৰ ধৰিত্ৰী আই জীয়াই থাকিব। তেতিয়াহে আমি জীৱকুল জীয়াই থাকিম। আহক আমি প্ৰকৃতি ধ্বংস বন্ধ কৰো। এটা কথা সদায় মনত ৰাখিৱ, যি দিনা প্ৰকৃতি শেষ হ'ব সেইদিনাই জীৱকুলো ধ্বংস হব এই পৃথিবীত।











Thursday, 4 June 2020

Covid19 #Assam and actions taken till 04/06/2020 (6 pm).



৫ জুন "বিশ্ব পৰিৱেশ দিৱস এখন সেউজ আৰু প্ৰদূষণমুক্ত বিশ্ব গঢ়াৰ লক্ষ্যৰে আমি সকলোৱে একোটিকৈ গছপুলি ৰোপণ কৰোঁ আহক । আৰু আমাৰ এই ধৰিএী আইক মৃত্যু মুখৰ পৰা উদ্ধাৰ কৰো। আই নাথাকিলে আমিও জীয়াই থাকিব নোৱাৰো। আইৰ সমান হব কোন, নৈ সমান বৱ কোন। প্ৰকৃতি থাকিলেহে আমাৰ ধৰিত্ৰী জীয়াই থাকিব। তেতিয়াহে আমি জীৱকোল জীয়াই থাকিম। আহক আমি প্ৰকৃতি ধ্বংস বন্ধ কৰো। এটা কথা সদায় মনত ৰাখিৱ, যি দিনা প্ৰকৃতি শেষ হ'ব সেইদিনাই জীৱকুলো ধ্বংস হব এই পৃথিবীত।


৫ জুন "বিশ্ব পৰিৱেশ দিৱস এখন সেউজ আৰু প্ৰদূষণমুক্ত বিশ্ব গঢ়াৰ লক্ষ্যৰে আমি সকলোৱে একোটিকৈ গছপুলি ৰোপণ কৰোঁ আহক । আৰু আমাৰ এই ধৰিএী আইক মৃত্যু মুখৰ পৰা উদ্ধাৰ কৰো। আই নাথাকিলে আমিও জীয়াই থাকিব নোৱাৰো। আইৰ সমান হব কোন, নৈ সমান বৱ কোন।


৫জুন বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ৰাজ্যবাসীলৈ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱালৰ এক বিশেষ আহ্বান


পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...