Friday, 5 June 2020
অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে বিভিন্ন আঁচনি আৰু কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে মাননীয় মুখ্যমন্ত্ৰী শ্ৰী যুত সৰ্বানন্দ সোণোৱালে গুৱাহাটীত মন্ত্ৰী শ্ৰী নৱ কুমাৰ দলেৰ উপস্থিতিত । ক'ভিড-১৯ৰ সময়ছোৱাত ৰাজ্যৰ পঞ্চায়তসমূহে গ্রামাঞ্চলত গ্ৰহণ কৰা ছেনিটাইজেচন অভিযান, মাস্ক প্ৰস্তুত আৰু সজাগতামূলক বিভিন্ন পদক্ষেপ সন্দৰ্ভত বিষয়াবৰ্গই মুখ্যমন্ত্ৰীক অৱগত কৰে। তেখেতে সকলোৰে প্ৰচেষ্টাৰ শলাগ লয়। তদুপৰি, MGNREGA-ত মহিলাৰ নিয়োগৰ সংখ্যা প্ৰায় ৪২.৭% লৈ বৃদ্ধি পোৱা আৰু কৰ্মচাৰীসকলে কাম কৰাৰ সময়ত সামাজিক দূৰত্ব, হাত ছেনিটাইজেচন আৰু মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে বুলি বিষয়াসকলে উল্লেখ কৰে। দুৰ্নীতিমুক্ত পঞ্চায়ত তথা অসম গঢ়িবলৈ পুঁজিসমূহৰ প্ৰয়োগৰ ক্ষেত্ৰত চোকা দৃষ্টি ৰাখি দুৰ্নীতিক প্ৰতিৰোধ কৰাৰ বাবে কঠোৰ ব্যৱস্থা ল'বলৈ বিষয়াসকলক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে। ক'ভিড-১৯ৰ পৰৱৰ্তী সময়ৰ গ্ৰাম্য অৰ্থনীতি মজবুত কৰাৰ উদ্দেশ্যে নিৰ্দিষ্ট ৰ'ডমেপ প্ৰস্তুত কৰি প্ৰতিগৰাকী কৃষকে যাতে উপাৰ্জনৰ ক্ষেত্ৰত আত্মনির্ভৰশীল হ'ব পাৰে, তাৰ ব্যৱস্থা কৰিবলৈও মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে। তদুপৰি, সকলো আঁচনিৰ কাম দ্ৰুতগতিত সম্পন্ন কৰাৰ লগতে গাঁওসমূহত বসবাস কৰা লোকসকলৰ লাভ অর্জনৰ বিভিন্ন সম্ভাৱনাপূৰ্ণ দিশ নিৰ্ধাৰণ কৰি সেই বিষয়ত পদক্ষেপ ল'বলৈ বিষয়াবৰ্গক তেখেতে নিৰ্দেশ প্ৰদান কৰে। আজি "বিশ্ব পৰিৱেশ দিৱস"ৰ সৈতে সংগতি ৰাখি তেখেতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আয়ুক্তৰ কাৰ্যালয় চৌহদত এটি গছপুলিও ৰোপণ কৰে।
Subscribe to:
Post Comments (Atom)
মানুহক মানুহ হিচাপে চাওক
জীয়াই থাকোঁতেই মানুহক মানুহ হিচাপে চাওক এজন মানুহ জীয়াই থাকে— নীৰৱে হাঁহে, নীৰৱে কান্দে। বুকুৰ ভিতৰত কিমান যে ধুমুহা বৈ থাকে, কিমান যে অপূ...
-
জনসংযোগ গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং ৩৮৪/২০২৩ *গোলাঘাটত ধান ক্ৰয় ব্যৱস্থাৰ পৰ্যালোচনা উপায়ুক্তৰ* ...
-
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি: ১৪-১২-২০২২ *১৬ ডিচেম্বৰৰ পৰা গোলাঘাটত বিশেষ টিকাকৰন অভিযান ২.০ ...





No comments:
Post a Comment
Welcome Northeast News India