Wednesday, 11 October 2023

অৰুণোদয় আঁচনিৰ নতুন হিতাধীকাৰী সকলৰ মাজত অৰুণোদয় ২.০ ৰ কাৰ্ড বিতৰনৰ এক বিশেষ অনুষ্ঠান

১১ অক্টোবৰ, ২০২৩: গোলাঘাট


           ৰাজ্যৰ মহিলাসকলৰ সবলীকৰনৰ যোগেদি পৰিয়াল তথা  অসমৰ সবলীকৰনৰ লক্ষ্য ৰাখি আৰম্ভ কৰা অৰুণোদয়  আঁচনিৰ নতুন হিতাধীকাৰী সকলৰ মাজত অৰুণোদয় ২.০ ৰ কাৰ্ড বিতৰনৰ এক বিশেষ অনুষ্ঠান আজি গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হয় ৷ প্ৰায় ১০,৫০০ গৰাকী অৰুণোদয় ২.০ হিতাধীকাৰীক অৰুণোদয় আঁচনিৰ কাৰ্ড  বিতৰনৰ শুভাৰম্ভ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে  অসম চৰকাৰৰ  বিত্ত ইত্যাদি বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীযুতা অজন্তা নেওঁগ৷

              ১০ গৰাকী অৰুণোদয় হিতাধীকাৰীক মঞ্চত প্ৰতীকি হিচাপে অৰুণোদয় কাৰ্ড বিতৰন কৰি মন্ত্ৰী অজন্তা নেওঁগে কয় যে ৪১৪০ কোটি টকাৰে ২৭ লাখ মহিলা সামৰি লোৱা অসম চৰকাৰৰ এই আঁচনি দেশৰে একক ভাৱে অন্যতম সৰ্ববৃহৎ সামাজিক সুৰক্ষা আঁচনি৷ তেখেতে ভাষণত উল্লেখ কৰে যে মহিলা  সকলক এক শক্তি হিচাপে ভৱা হয়, দেৱী দূৰ্গা বুলি পূজা  কৰা হয় , কিন্তু সঁচা অৰ্থত মহিলা সকলক সবল কৰিবলৈ হলে সমাজৰ আৰু ৰাজনৈতিক সদিচ্ছাৰ প্ৰয়োজন৷ তেখেতে লগতে কয় যে অসমৰ দৰে ৰাজ্য এখনত  সমাজৰ আৰ্থিকভাৱে পিছপৰা আৰু  সামাজিক ভাৱে অনগ্ৰসৰ  মহিলা সকলৰ কাৰণে কিবা এটা কৰাটো অসমৰ মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ এক সপোন আছিল আৰু আৰুণোদয় আঁচনিৰ যোগেদি সেই সপোনৰে দিঠক ৰূপ দিয়া বাবে তেখেতে মুখ্যমন্ত্ৰীক ধন্যবাদ জনায়৷

                সভাত সন্মানীয় অতিথি হিচাপে উপস্থিত থকা ৰাজ্যসভাৰ সাংসদ শ্ৰীযুত  কামাখ্যা প্ৰসাদ তাছাই অৰুণোদয় আঁচনিয়ে অসমৰ মহিলা সকলক সবল কৰাত কেনেভাৱে সফল হৈছে সেয়া তুলি ধৰে৷ অনুষ্ঠানত উপস্থিত থকা সৰুপথাৰ সমষ্টিৰ বিধায়ক শ্ৰীযুত বিশ্বজিৎ ফুকনে অৰুণোদয় আঁচনিয়ে মহিলাসকলৰ জীৱনলৈ অনা পৰিৱৰ্তনৰ কথা উল্লেখ কৰি  মহিলাসকলৰ মাজত থকা শক্তিৰ জাগ্ৰত কৰি আৰু যাতে আগুৱাই যাব পাৰে তাৰ বাবে আহ্বান জনায় । গোলাঘাট জিলাৰ আয়ুক্ত ডা° পি উদয় প্ৰৱীনৰ আদৰণি ভাষণত অৰুণোদয় আঁচনিয়ে অৰ্থনৈতিক আৰু বিভিন্ন ক্ষেত্ৰত পিছপৰা অসমৰ মহিলা সকলৰ জীৱনলৈ নতুন আশা আৰু সুখ কঢ়িয়াই আনিছে বুলি উল্লেখ কৰে৷  

 আজিৰ অনুষ্ঠানত গোলাঘাট জিলা পৰিষদৰ সভানেত্ৰী শ্ৰীমতী হেলিনা দলে পেগু, গোলাঘাট পৌৰসভাৰ সভানেত্ৰী শ্ৰীমতী দুলুমনি বৰবৰা, জিলা উন্নয়ন আয়ুক্ত শ্ৰীমতী অৰ্পা বাগলাৰী, জিলা প্ৰশাসনৰ বিভিন্ন বিষয় ববীয়া সকল , গোলাঘাটৰ নেতৃস্থানীয় ব্যক্তিসকল, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ মূৰব্বী সকল আৰু প্ৰায় ১০,৫০০ অৰুণোদয় ২.০ হিতাধীকাৰী আৰু সাধাৰন ৰাইজ উপস্থিত আছিল ।

ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট

NORTHEAST NEWS INDIA

Monday, 9 October 2023

*গোলাঘাট বিধানসভা সমষ্টিত ৫ খন নতুন জলসিঞ্চন আঁচনিৰ আধাৰশিলা স্থাপন মন্ত্ৰী অশোক সিংহলৰ*

৯ অক্টোবৰ, ২০২৩: গোলাঘাট

*গোলাঘাট বিধানসভা সমষ্টিত  ৫ খন নতুন জলসিঞ্চন আঁচনিৰ আধাৰশিলা স্থাপন মন্ত্ৰী অশোক সিংহলৰ*
 ৰাজ্যৰ জলসিঞ্চন আন্তঃগাঁথনিত এক নতুন সংযোজন হিচাপে ৰাজ্য চৰকাৰৰ জলসিঞ্চন তথা গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মাননীয় মন্ত্ৰী অশোক সিংহলে আজি গোলাঘাট জিলাৰ দৈয়াং আমগুৰিত আয়োজিত এক বিশেষ অনুষ্ঠানত গোলাঘাট বিধানসভা সমষ্টিত ৰাজ্যৰ জলসিঞ্চন বিভাগে হাতত লোৱা ৫ খন নতুন জলসিঞ্চন আঁচনিৰ আধাৰশিলা স্থাপন কৰে। এই আঁচনিকেইখন হৈছে বৃহত্তৰ গমাৰীত দৈয়াং নৈৰ পৰা উত্তোলন জলসিঞ্চল আঁচনি, গোলাঘাট সমষ্টিত দৈয়াঙৰ পৰা উত্তোলন জলসিঞ্চল আঁচনি, চেলচেলি আৰু ঘিলাধাৰী নদীৰ পৰা উত্তোলন জলসিঞ্চল আঁচনি, ৰজাবাৰীত দৈয়াঙৰ পৰা উত্তোলন জলসিঞ্চল আঁচনি আৰু আমগুৰিত দৈয়াঙৰ পৰা উত্তোলন জলসিঞ্চল আঁচনি। ৪২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এই ৫ খন আঁচনিয়ে ১০৯০ হেক্টৰ বিশাল কৃষিভূমিত নিয়োজিত ১০১৬ টা কৃষক পৰিয়ালক উপকৃত কৰিব।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰী সিংহলে কয় যে অসমৰ প্ৰতিগৰাকী কৃষকৰ ঘৰ পোহৰ হৈ থাকিবলৈ হ'লে প্ৰতিখন পথাৰ সেউজীয়া হৈ থাকিব লাগিব। ইয়াৰ বাবে জলসিঞ্চন লাগিব আৰু তাৰ বাবে বিভাগটোৱে নতুন নতুন আঁচনি গ্ৰহণ কৰি আহিছে। আজি আধাৰশিলা স্থাপন কৰা এই পাঁচখন আঁচনিৰ সুবিধা গ্ৰহণ কৰি ৰাইজে বছৰি একাধিক কৃষিত আত্মনিয়োগ কৰিলে অতি সোনকালেই সমগ্ৰ দৈয়াংপৰীয়া ৰাইজ উপকৃত হোৱাকৈ এক বৃহৎ জলসিঞ্চন আঁচনি হাতত লোৱা হ'ব বুলি তেওঁ ঘোষণা কৰে।

আজিৰ অনুষ্ঠানত ৰাজ্য চৰকাৰৰ বিত্ত তথা মহিলা আৰু শিশু উন্নয়ন বিভাগৰ মন্ত্ৰী অজন্তা নেওগ, সাংসদ কামাখ্যা প্ৰসাদ তাচা, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ সচিব পৱিত্ৰ ৰাম খাউণ্ড আৰু বিভাগৰ মুখ্য অভিযন্তা কে.এম.এচ. ৰাজকুমাৰৰ লগতে জলসিঞ্চন যোৰহাট চক্ৰৰ অধীক্ষক অভিযন্তা শৈলেন্দ্ৰ কুমাৰ বৈশ্য,গোলাঘাট সৰুপথাৰ জলসিঞ্চন সংমণ্ডলৰ জলসিঞ্চন কাৰ্যবাহী অভিযন্ত্ৰা প্ৰৱোধ চন্দ্ৰ বৰা উপস্থিত থাকে। আজি মন্ত্ৰী সিংহলে বিত্তমন্ত্ৰী অজন্তা নেওঁগ, সাংসদ কামাখ্যা প্ৰসাদ তাছা, সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিত ফুকন আৰু  জিলা আয়ুক্ত ডা° পি উদয় প্ৰৱীনৰ উপস্থিতিত জিলা আয়ুক্ত কাৰ্যলয়ৰ সভাগৃহত জলসিঞ্চন বিভাগৰ বিষয়া সকলৰ সৈতে এক পৰ্য্যালোচনা সভাতো ভাগ লয়৷ 

 *ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*

NORTHEAST NEWS INDIA

*গোলাঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত পাঁচটা নৱনিৰ্মিত পথৰ শুভ উদ্বোধন মন্ত্ৰী অশোক সিংহলৰ*

৯  অক্টোবৰ, ২০২৩: গোলাঘাট

*গোলাঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত পাঁচটা নৱনিৰ্মিত পথৰ শুভ উদ্বোধন মন্ত্ৰী অশোক সিংহলৰ*


ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি গোলাঘাট চহৰত বিত্তমন্ত্ৰী তথা স্থানীয় বিধায়িকা অজন্তা নেওগৰ উপস্থিতিত গোলাঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত পাঁচটা নৱনিৰ্মিত পথৰ শুভ উদ্বোধন কৰে। এই পথকেইটি হৈছে কৃষ্ণনগৰ আৰু ৰূপনগৰ পথ, বি পি লাডিয়া পথ, ষ্টেচন সংযোগী পথ, লাচিত বৰফুকন পথ আৰু সুভাষ কলনী সংযোগী পথ। এই পথকেইটিৰ মুঠ দৈৰ্ঘ্য ১.৯৯৭ কিলোমিটাৰ।

এই উপলক্ষে গোলাঘাটৰ কৃষ্ণনগৰ অঞ্চলত আয়োজিত এক অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰী সিংহলে কয় যে স্থানীয় বিধায়িকা অজন্তা নেওগৰ তৎপৰতাত গোলাঘাট চহৰৰ ৰূপনগৰ-কৃষ্ণনগৰৰ ৰাইজে এক অভূতপূৰ্ব নজিৰ দাঙি ধৰিলে। নিজৰ অঞ্চলৰ উন্নয়নৰ স্বাৰ্থত অঞ্চলটোৰ ৭০ ঘৰতকৈ অধিক মানুহে পথ নিৰ্মাণৰ বাবে নিজৰ মাটি এৰি দি পূৰ্বৰ ২.৫ মিটাৰ বহল পথটিক ৬ মিটাৰ পৰ্যন্ত বহল কৰাত সহযোগিতা আগবঢ়ালে। এই কাৰ্য্যৰ বাবে মন্ত্ৰী সিংহলে ৭০ ঘৰ পৰিয়ালক প্ৰশংসাও কৰে৷  গোলাঘাট চহৰৰ বাসিন্দাসকলৰ এই কাৰ্য সামাজিক দায়বদ্ধতাৰ এক উজ্জ্বল দৃষ্টান্ত হৈ ৰ'ব বুলি মন্তব্য কৰি ৰাজ্যৰ অন্যান্য চহৰাঞ্চলৰ বাসিন্দাসকলকো এই আদৰ্শ অনুকৰণ কৰিবলৈ তেওঁ আহ্বান জনায়।

অনুষ্ঠানত সাংসদ কামাখ্যা প্ৰসাদ তাছা, সৰুপথাৰৰ বিধায়ক বিশ্বজিত ফুকন আৰু গোলাঘাট পৌৰসভাৰ পৌৰপতি দুলুমনি বৰবৰাৰ লগতে বিভাগীয় বিষয়-ববীয়াসকল উপস্থিত থাকে।  


 *ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*

NORTHEAST NEWS INDIA

Friday, 6 October 2023

জিলাখনত যান বাহন চলাচলৰ বাবে তলত উল্লেখ কৰাৰ দৰে নিয়মাৱলী ধাৰ্য্য

৬ অক্টোবৰ, ২০২৩ গোলাঘাটঃ

কাইলৈৰ পৰা গোলাঘাট জিলাৰ সমন্বয় ক্ষেত্ৰত হ’বলগীয়া বিভিন্ন কাৰ্য্যসূচীৰ বাবে আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা জিলাখনত যান বাহন চলাচলৰ বাবে তলত উল্লেখ কৰাৰ দৰে নিয়মাৱলী ধাৰ্য্য কৰা হৈছে। সকলোৰে জ্ঞাতাৰ্থে জনোৱা হ’ল।

ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট

NORTHEAST NEWS INDIA

*কাছমাৰি আদৰ্শ চিকিৎসালয়ত আয়ুষ্মান ভৱ স্বাস্থ্য মেলা অনুষ্ঠিত**চাৰি শতাধিক লোকৰ চিকিৎসা সেৱা লাভ*

৬ অক্টোবৰ, ২০২৩

*কাছমাৰি আদৰ্শ চিকিৎসালয়ত আয়ুষ্মান ভৱ স্বাস্থ্য মেলা অনুষ্ঠিত*

*চাৰি শতাধিক লোকৰ চিকিৎসা সেৱা লাভ* 

গোলাঘাট জিলাৰ কমাৰবন্ধা আলি খণ্ড প্ৰাথমিক চিকিৎসা কেন্দ্ৰৰ অধীনত আজি ইংৰাজী ৬ অক্টোবৰ, ২০২৩ তাৰিখে কাছমাৰি আদৰ্শ চিকিৎসালয়ত এখন স্বাস্থ্য মেলাৰ আয়োজন কৰা হয়। প্ৰসূতি, শিশু, অসংক্রামক ৰোগ, মেডিচিন বিভাগকে আদি কৰি বিভিন্ন চিকিৎসা সেৱা ৰাইজলৈ আগবঢ়োৱাৰ উদ্দেশ্যেৰে মেলা খনত স্থানীয় চিকিৎসক সকলৰ উপৰিও যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পৰা ঔষধ বিভাগৰ বিশেষজ্ঞ 
ডা: দেৱযানি বৰা আৰু প্ৰসূতি বিভাগৰ বিশেষজ্ঞ ডা: খাইৰুল ইছলাম উপস্থিত থাকে। 

উক্ত স্বাস্থ্য মেলাৰ যোগেদি মুঠ চাৰি শতাধিক লোকে চিকিৎসা সেৱা, বিনামূলীয়া ঔষধ আৰু বিভিন্ন স্বাস্থ্য পৰীক্ষাৰ সুবিধা লাভ কৰে। ইয়াৰে ভিতৰত ২৪ গৰাকী গৰ্ভৱতী মহিলা, ৯৬ জন শিশু, ৭৩ জন বয়োজ্যেষ্ঠ জনে চিকিৎসা সেৱা লাভ কৰে। প্ৰসূতি বিভাগত মুঠ ৮৬ গৰাকী মহিলা, ঔষধ বিভাগত ২০৭ জন লোকে চিকিৎসা সেৱা লাভ কৰে। 

চিকিৎসা প্ৰদানৰ উপৰিও উপস্থিত ৰাইজক স্বাস্থ্য জনিত বহু পৰামৰ্শ প্ৰদান কৰাৰ উদ্দেশ্যেৰে এখন সজাগতা সভা অনুষ্ঠিত কৰা হয় যত মাতৃ আৰু শিশু স্বাস্থ্য,  সংক্ৰামক - অসংক্রামক ৰোগ, বয়োজ্যেষ্ঠ লোকৰ স্বাস্থ্যৰ যত্ন, মানসিক স্বাস্থ্য, পুষ্টিকৰ খাদ্য, গৰ্ভধাৰণৰ সময়ত লব লগা যত্ন,পৰিয়াল পৰিকল্পনা, যক্ষ্মা, আভা পৰিচয় সংখ্যা, আয়ুষ্মান ভাৰত যোজনাকে আদি কৰি বহু দিশ সামৰি লোৱা হয়।

আজিৰ স্বাস্থ্য মেলা খনৰ শুভ উদ্বোধন কৰে বিজেপি দলৰ
জিলা সম্পাদক শ্ৰীযুত পুনা বৰায়ে। উপস্থিত থাকে গমাৰি উন্নয়ন খণ্ডৰ সভাপতি শ্ৰীযুত কেশৱ শইকীয়া, কাছমাৰি উন্নয়ন খণ্ডৰ সভাপতি শ্ৰীযুত সোণাৰাম গগৈ, চিকিৎসালয় পৰিচালনা সমিতিৰ সদস্য সকল, চিকিৎসক - চিকিৎসাকৰ্মী, স্বাস্থ্যকৰ্মী আৰু স্থানীয় ৰাইজ।

কাছমাৰি আদৰ্শ চিকিৎসালয়ত অনুষ্ঠিত এই স্বাস্থ্য মেলাত বিশেষজ্ঞ চিকিৎসক সকলৰ উপৰিও অন্য স্বাস্থ্য বিষয়া, কমিউনিটি হেলথ অফিচাৰ, চিকিৎসাকৰ্মী সকল, স্বাস্থ্যকৰ্মী সকল, আশা চুপাৰভাইজৰ, আশা কৰ্মী, ৰাষ্ট্ৰীয় স্বস্ত্য অভিযান, গোলাঘাটৰ বিষয়া আদি উপস্থিত থাকে। সমগ্ৰ দেশব্যাপী চলি থকা আয়ুষ্মান ভৱ অভিযানৰ অংশস্বৰূপে এই মেলাৰ আয়োজন কৰা হৈছে।

NORTHEAST NEWS INDIA

দুৰ্গা পূজা বানচ সমূহ অতি সোনকালে মুকলি কৰি দিবলৈ সকলো বাগিচা কৰ্তৃপক্ষক আহ্বান

৬ অক্টোবৰ, ২০২৩: গোলাঘাট


আজি গোলাঘাট জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত দুৰ্গা পুজা উপলক্ষে প্ৰদান কৰিব লগীয়া বানচ সম্পৰ্কে এখন আলোচনা সভা অনুস্থিত হয়। সভাত সভাপতিত্ব কৰে গোলাঘাটৰ জিলা আয়ুক্ত ডাঃ পি উদয় প্ৰৱীণে। বিষয়টোৰ ওপৰত পৰ্য্যলোচনা কৰি জিলা আয়ুক্ত গৰাকীয়ে দুৰ্গা পূজা বানচ সমূহ অতি সোনকালে মুকলি কৰি দিবলৈ সকলো বাগিচা কৰ্তৃপক্ষক আহ্বান জনায়। সভাত জিলা উন্নয়ন আয়ুক্ত শ্ৰীমতী অৰ্পা বাগলাৰী, সহকাৰী শ্ৰম আয়ুক্ত শ্ৰীমতী তিলোত্তমা দেউৰী, ABITA ৰ সম্পাদক, উত্তৰ পুৱ চাহ সংঘৰ সম্পাদক, অসম চাহ মজদুৰ সংঘ গোলাঘাট শাখাৰ সভাপতি তথা সম্পাদক, ভাৰতীয় চাহ মজদুৰ সংঘ গোলাঘাট শাখাৰ সভাপতি তথা সম্পাদক, গোলাঘাট জিলা বাগিচা কৰ্তৃপক্ষৰ পৰিচালক সকল আৰু অন্যান্য ব্যক্তি সকল উপস্থিত থাকে।

*ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*

NORTHEAST NEWS INDIA

*'আমাৰ ঘৰ ' বৃদ্ধাশ্ৰমত বিশেষ স্বাস্থ্য পৰীক্ষা শিবিৰ**আন্ত:ৰাষ্ট্ৰীয় বয়োজ্যেষ্ঠ দিৱস উপলক্ষে অনুষ্ঠিত স্বাস্থ্য শিবিৰ*

৬ অক্টোবৰ, ২০২৩

*'আমাৰ ঘৰ ' বৃদ্ধাশ্ৰমত বিশেষ স্বাস্থ্য পৰীক্ষা শিবিৰ*

*আন্ত:ৰাষ্ট্ৰীয় বয়োজ্যেষ্ঠ দিৱস উপলক্ষে অনুষ্ঠিত স্বাস্থ্য শিবিৰ*


১ অক্টোবৰ, ২০২৩ তাৰিখে উদযাপিত হোৱা আন্ত:ৰাষ্ট্ৰীয় বায়োজ্যেষ্ঠ দিৱসৰ সাপ্তাহিক কাৰ্যসূচীৰ অংশস্বৰূপে আজি ইংৰাজী ৬ অক্টোবৰ, ২০২৩ তাৰিখে গোলাঘাট নগৰৰ বেঙেনাখোৱা স্থিত 'আমাৰ ঘৰ' নামৰ বৃদ্ধাশ্ৰমত এখন স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা হয়। স্বাস্থ্য পৰীক্ষাৰ লগতে উপস্থিত বয়োজ্যেষ্ঠ ব্যক্তি সকলক বৃদ্ধ বয়সত হব পৰা ৰোগৰ বিষয়ে সজাগ কৰা হয় আৰু স্বাস্থ্য সন্মত বিধি - বিধান প্ৰদান কৰা হয়। 

আজিৰ এই বিশেষ স্বাস্থ্য শিবিৰত চিকিৎসাকৰ্মীৰ দলৰ উপৰিও ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, গোলাঘাটৰ ডিপিএম অনুষ্কা বৰা, ডিপিচি অনুজ গগৈ, ডিএমই পূৰ্বালী হাজৰিকাকে আদি কৰি অন্যান্য ব্যক্তি সকল।

NORTHEAST NEWS INDIA

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...