প্ৰেছ বিজ্ঞপ্তি: ২ আগষ্ট, ২০২৩
স্বাস্থ্য বিভাগ, গোলাঘাট
*জাপানীজ এংকেফেলাইটিছ, ডেংগু আৰু মেলেৰিয়াৰ ওপৰত আলোচনা সভা অনুষ্ঠিত*
*গোলাঘাটত সংবাদকৰ্মী সকলৰ লগত স্বাস্থ্য বিভাগৰ বাহক জনিত ৰোগৰ বিষয়ে মত - বিনিময়। ৰাইজক স্বাস্থ্য বিভাগৰ বাৰ্তা সমূহ মানি চলিবলৈ আহ্বান।*
আজি ইংৰাজী ২ আগষ্ট, 2023 তাৰিখে যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ত সংবাকৰ্মী সকলৰ লগত এখনি আলোচনা সভা অনুষ্ঠিত হয়। উক্ত সভাত গোলাঘাট জিলাত বৰ্তমানৰ জাপানীজ এনকেফেলাইটিছ, ডেংগু আৰু মেলেৰিয়াৰ স্থিতিৰ ওপৰত বিতং ভাবে আলোচনা হয়।
আজি পৰ্যন্ত জিলাখনত JE=23, ডেংগু=16 আৰু মেলেৰিয়াত 1 জন লোক আক্ৰান্ত হৈ আছে। JE ৰ 23 জনৰ ভিতৰত 11 পুৰুষ, 12 গৰাকী মহিলা, 9 জন শিশু আৰু 14 জন প্ৰাপ্তবয়স্ক আছে। ডেংগুৰ 16 জনৰে বহুসংখ্যক লোক কাৰ্বিআংলং, নাগালেণ্ড বাংগালোৰ আৰু চেন্নাইৰ পৰা প্ৰবজন হৈ আহিছে। ডেংগুত আক্ৰান্ত লোকৰ 9 জন পুৰুষ, 7 গৰাকী মহিলা আছে। ইয়াৰে 3 জন শিশু আৰু 13 জন প্ৰাপ্তবয়স্ক লোক আছে।
ইতিমধ্যে স্বাস্থ্য বিভাগে গাওঁ আৰু চাহ বাগান অঞ্চলত স্বাস্থ্যকৰ্মী সকলে সজাগতা সভা অনুষ্ঠিত কৰি ৰাইজক বাহক জনিত ৰোগৰ সন্দৰ্ভত সজাগ আৰু সতৰ্ক কৰাৰ কাৰ্যসূচী ৰূপায়ন কৰি থকা হৈছে। ঘৰে ঘৰে গৈ জ্বৰৰ ৰোগী বিচৰা, আঠুৱা ঔষধিকৰণ কৰা, মহৰ বংশবৃদ্ধিৰ উৎস নষ্ট কৰা, নলা- নৰ্দমাত লাৰভিছাইড স্প্রে আৰু লাৰভিভোৰাছ মাছ (গাপ্পী) এৰা হৈছে। ৰোগী চিনাক্ত হোৱা অঞ্চলত ফগিঙৰ ব্যৱস্থাও স্বাস্থ্য বিভাগে চলিত ৰাখিছে। উল্লেখ্য যে এই পৰ্যন্ত গোলাঘাট জিলাত জাপানীজ এনকেফেলাইটিছ, ডেংগু আৰু মেলেৰিয়াত আক্ৰান্ত হৈ কোনো লোক মৃত্যু মুখত পৰা নাই।
আজিৰ আলোচনা সভাত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক
ড: অনুৰাধা বৰুৱা, মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ( বাহক জনিত ৰোগ) ড: ৰঞ্জিত ভূঞা, মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ( বিদ্যালয় স্বাস্থ্য) ড: ৰঞ্জিত হাজৰিকা, জিলা মেলেৰিয়া বিষয়া ড০ নৱনিতা দাস, জিলা বাহক জনিত ৰোগ কনচালটেন্ত বিঞ্জী ৰহমান, জিলা এপিডেমিওলʼজিষ্ট ড° প্ৰণৱ গগৈ, ডিএমই পূৰ্বালি হাজৰিকাকে আদি কৰি অন্য বিষয়া উপস্থিত থাকে।
NORTHEAST NEWS INDIA