Thursday, 3 August 2023

*গোলাঘাটত সৰ্বাত্মক মিছন ইন্দ্ৰধনুষৰ জিলা টাস্ক ফ’ৰ্চৰ সভা**উপযুক্ত কোনো শিশু যাতে প্ৰতিষেধকৰ পৰা বাদ নপৰে তাৰ বাবে সতৰ্ক হ'বলৈ আহ্বান জিলা আয়ুক্তৰ*

*গোলাঘাটত সৰ্বাত্মক মিছন ইন্দ্ৰধনুষৰ জিলা টাস্ক ফ’ৰ্চৰ সভা*

*উপযুক্ত কোনো শিশু যাতে প্ৰতিষেধকৰ পৰা বাদ নপৰে তাৰ বাবে সতৰ্ক হ'বলৈ আহ্বান জিলা আয়ুক্তৰ*

গোলাঘাট ৩ আগষ্ট ২০২৩: গোলাঘাটৰ জিলা আয়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত আজি জিলা আয়ুক্ত ডাঃ পি উদয় প্ৰবীণৰ সভাপতিত্বত সৰ্বাত্মক মিছন ইন্দ্ৰধনুষ( আই এম আই) ৫.০ ৰ জিলা টাস্ক ফ’ৰ্চৰ এখন সভা অনুষ্ঠিত হয়। সভাত আই এম আই ৫.০ ৰ অধীনত জিলাখনত টিকাকৰণ কৰিবলগীয়া শিশুৰ সঠিক হিচাপ, চাহ বাগিচাৰ লগতে স্পৰ্শকাতৰ তথা দুৰ্গম  এলেকাসমূহত টিকাকৰণৰ ক্ষেত্ৰত  ল’বলগীয়া যথোপযুক্ত ব্যৱস্থা, ইউ-উইন (U-WIN) পৰ্টেলত টিকাকৰণ কৰিবলগীয়া শিশু তথা গৰ্ভৱতী মহিলাৰ সবিশেষ তথ্য সন্নিবিষ্টকৰণ আদি বিষয়ৰ ওপৰত বিস্তৃতভাৱে আলোচনা কৰা হয়। সভাত জিলা আয়ুক্তগৰাকীয়ে মিছন ইন্দ্ৰধনুষ-৫.০ ৰ অধীনত জিলাখনত উপযুক্ত কোনো শিশুৱে যাতে টিকাকৰণৰ পৰা বাদ নপৰে তাৰবাবে সংশ্লিষ্ট সকলো বিভাগকে সন্মিলিতভাবে দায়বদ্ধতাৰে প্ৰচেষ্টা আগবঢ়াবলৈ আহ্বান জনায়। তেওঁ লগতে প্ৰয়োজন অনুসৰি বাদ পৰা শিশুৰ পুনৰ চিনাক্তকৰণ কৰিবলৈও নিৰ্দেশ দিয়ে। জিলা আয়ুক্তগৰাকীয়ে কোনোধৰণৰ বেমেজালি নোহোৱাকৈ টিকাকৰণ প্রক্ৰিয়া সম্পন্ন কৰাৰ লগতে ইউ-উইন পৰ্টেলত সময় অনুসৰি সকলো তথ্য আপলোড কৰিবৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট বিভাগ তথা স্বাস্থ্য বিভাগৰ  বিষয়া-কৰ্মচাৰীসকলক নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে, মিছন ইন্দ্ৰধনুষ ৫.০ ৰ অধীনত তিনিটা পৰ্যায়ত টিকাকৰণ কৰা হ'ব। প্ৰথম পৰ্যায়ত ৭ আগষ্টৰ পৰা ১২ আগষ্টলৈ, দ্বিতীয় পৰ্যায়ত  ১১ ছেপ্টেম্বৰৰ পৰা ১৬ ছেপ্টেম্বৰলৈ আৰু তৃতীয় পৰ্যায়ত ৯ অক্টোবৰৰ পৰা ১৪ অক্টোবৰলৈ টিকাকৰণ কৰোৱা হ'ব। এই মিছন ইন্দ্ৰধনুষ ৫.০ ত বিশেষভাৱে মিছলছ আৰু ৰুবেলাৰ দৰে ৰোগৰ বিৰুদ্ধে টিকাকৰণ কৰোৱা হ'ব। এই কাৰ্যসূচীৰ অধীনত গোলাঘাট জিলাত প্ৰথম পৰ্যায়ত অৰ্থাৎ ৭ৰ পৰা ১২ আগষ্টলৈ নিয়মীয়া টিকাকৰণৰ পৰা বাদ পৰা বা আংশিকভাৱে প্ৰতিষেধক লোৱা ০ ৰ পৰা ৫ বছৰ বয়সৰ প্ৰায় ২৯০০ টি শিশু আৰু ৬৬৮ গৰাকী গৰ্ভৱতী মহিলাক প্ৰতিষেধক প্ৰদান কৰা হ'ব। জিলা আয়ুক্তগৰাকীয়ে প্ৰতিষেধক ল'বলৈ বাকী থকা সকলো শিশুক প্ৰতিষেধক দিবলৈ আগবাঢ়ি আহিবলৈ অভিভাৱকসকলৰ প্ৰতিও আহ্বান জনায়। আজিৰ সভাত অতিৰিক্ত জিলা আয়ুক্ত (স্বাস্থ্য) চৈয়দ ৱাছবিৰ চুভানি, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ মাণ্ডলিক প্ৰশাসনিক বিষয়া (উজনি অসম) প্ৰীতম দাস, গোলাঘাট জিলাৰ স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ অনুৰাধা বৰুৱা, অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ জেচমিন বেগম, জিলা টিকাকৰণ বিষয়া ডাঃ কবিতা উজীৰ, স্বাস্থ্য আৰু চিকিৎসা বিষয়াসকল আৰু বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত আছিল।

 *জনসংযোগ, গোলাঘাট*
NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...