Wednesday, 2 August 2023

*গোলাঘাট জিলাত পঞ্চদশ বিত্ত আয়োগৰ কাম অক্টোবৰ মাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ নিৰ্দেশ জিলা আয়ুক্তৰ*

জনসংযোগ, গোলাঘাট

*গোলাঘাট জিলাত পঞ্চদশ বিত্ত আয়োগৰ কাম অক্টোবৰ মাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ নিৰ্দেশ জিলা আয়ুক্তৰ*

*চাহ বাগিচাৰ হিতাধিকাৰীসকলক লৈ বাগিচা অঞ্চলত এম জি এনৰেগাৰ অধীনত আঁচনি ৰূপায়নৰ পৰামৰ্শ*

গোলাঘাট, ২ আগষ্ট ২০২৩: গোলাঘাট জিলাৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত সভাপতিত্ব কৰি জিলা আয়ুক্ত ডাঃ পি উদয় প্ৰবীণে বিভাগটোৰ অধীনত জিলাখনত ৰূপায়িত বিভিন্ন আঁচনিৰ কাম-কাজৰ বুজ লয়। তেওঁ পঞ্চদশ বিত্ত আয়োগৰ অধীনত গোলাঘাট জিলাত ৰূপায়ন হৈ থকা আঁচনিসমূহৰ অগ্ৰগতিৰ বুজ লৈ অহা অক্টোবৰ মাহৰ ভিতৰত এই প্ৰকল্পসমূহ সম্পূৰ্ণ কৰাৰ বাবে ক্ষিপ্ৰতাৰে কাম কৰিবলৈ নিৰ্দেশ দিয়ে। বিশেষকৈ ২০২০-২১ আৰু ২০২১-২২ বিত্তীয় বৰ্ষৰ আঁচনিসমূহৰ ৰূপায়ন খৰতকীয়া কৰিবলৈ তেওঁ নিৰ্দেশ দিয়ে। জিলা আয়ুক্তগৰাকীয়ে গোলাঘাট জিলাত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত গৃহ আবণ্টন আৰু নিৰ্মাণ আদিৰ বিতংভাৱে বুজ লয়। সভাত জিলাখনৰ এম জি এনৰেগাৰ বৰ্তমান স্থিতি সন্দৰ্ভতো জিলা আয়ুক্তগৰাকীয়ে পৰ্যালোচনা কৰে। তেওঁ চাহ বাগিচা অঞ্চলত এম জি এনৰেগাৰ অধীনত বিভিন্ন আঁচনি গ্ৰহণ কৰাৰ বাবে পৰামৰ্শ আগবঢ়ায়। এনে আঁচনিসমূহৰ ৰূপায়নৰ ক্ষেত্ৰত চাহ বাগিচা অঞ্চলসমূহৰ এম জি এনৰেগাৰ হিতাধিকাৰীসকলক জড়িত কৰোৱাবলৈ তেওঁ নিৰ্দেশ দিয়ে। আজিৰ পৰ্যালোচনা বৈঠকত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাস, উপ মুখ্য কাৰ্যবাহী বিষয়া জয়ন্ত শৰ্মা, উন্নয়ন খণ্ড বিষয়াসকল, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, গোলাঘাটৰ বিষয়াসকল আৰু সংশ্লিষ্ট বিষয়া-কৰ্মচাৰী উপস্থিত আছিল। 

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...