Monday, 9 August 2021

পদ্মশ্ৰী ৰং বং তেৰাঙৰ স্বাস্থ্যৰ বুজ ললে নদী আৰু নাৰীৰ সঁজাতি দলে।

পদ্মশ্ৰী ৰং বং তেৰাঙৰ স্বাস্থ্যৰ বুজ ললে নদী আৰু নাৰীৰ সঁজাতি দলে।
---------------------------------------
 আজি ০৯/০৮/২০২১  তাৰিখে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা প্ৰথিতযশা সাহিত্যিক ৰং বং তেৰাংৰ স্বাস্থ্যৰ বুজে লবলৈ  জনপ্ৰিয় কাব্যিক - বৌদ্ধিক তথা মানৱ দৰদী অনুষ্ঠান নদী আৰু নাৰীৰ এটা সঁজাতি দল ডিফু চহৰৰ   টিচাৰ্চ ক'লনীলৈ ৰাওনা হয়। উক্ত দলটোত আছিল ধেমাজি জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা নদী আৰু নাৰীৰ মুখ্য উপদেষ্টা  উৎপল দলে, নদী আৰু নাৰীৰ প্ৰতিষ্ঠাপক তথা  নৱ প্ৰজন্মৰ অন্যতম জনপ্ৰিয় কবি ৰুনাল্ডো টাইদ, নদী আৰু নাৰীৰ  গোলাঘাট জিলাৰ উপদেষ্টা তথা কবি হৰেন শইকীয়া, গোলাঘাট জিলা সম্পাদিকা ঊষাৰাণী দেৱী, সহকাৰী সম্পাদক বিতোপন শইকীয়া ,নদী আৰু নাৰীৰ কাব্য সম্পাদিকা দীপিকা ফুকন, নদী আৰু নাৰীৰ ডিফুৰ আহ্বায়িকা মণিকা তেৰণপি। 

অসম সাহিত্য সভাৰ ২০১১ চনৰ দেৰগাঁৱ অধিবেশনৰ সন্মানীয় সভাপতি তথা বিশিষ্ট লেখক ৰং বং তেৰাং দীৰ্ঘদিনৰ পৰা দুৰাৰোগ্য ৰোগত আক্ৰান্ত আছিল। সেয়েহে নদী আৰু নাৰীৰ এটা সঁজাতি দলে ৮৪ বছৰ বয়সীয়া বৰ্ষীয়ান সাহিত্যিক গৰাকীৰ স্বাস্থ্যৰ বুজ লয়।  উল্লেখযোগ্য যে এই গৰাকী সাহিত্যিকে ১৯৮১ চনত  "ৰংমিলিৰ হাঁহি"ৰ গ্ৰন্থৰ বাবে পদ্মশ্ৰী সন্মান লাভ কৰিছিল। তাৰোপৰি তেওঁ অসম সাহিত্য সভাৰ পৰা বিষ্ণু প্ৰসাদ ৰাভা বঁটা, অসম চৰকাৰৰ পৰা অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰিছিল। 

নদী আৰু নাৰীৰ তৰফৰ পৰা তেখেতক সম্বৰ্ধনা পত্ৰ,মিচিং গামোচা দুমেৰ, ফলমূল আৰু গ্ৰন্থৰ টোপোলা আদি প্ৰদান কৰা হয়। নদী আৰু নাৰীয়ে তেখেতৰ স্বাস্থ্যৰ বুজ লোৱাত পৰম সন্তুষ্টি প্ৰকাশ কৰে।

NORTHEAST NEWS INDIA

Golaghat COVID-19🦠😷Details

Golaghat COVID-19🦠😷Details

*মৰঙিত ৩২ টা অবৈধভাৱে মজুত কৰি ৰখা ঘৰুৱা ৰন্ধন গেছৰ ছিলিণ্ডাৰ জব্দ*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ১৪২

*মৰঙিত ৩২ টা অবৈধভাৱে মজুত কৰি ৰখা ঘৰুৱা ৰন্ধন গেছৰ ছিলিণ্ডাৰ জব্দ*
গোলাঘাট, ৯ আগষ্ট : গোলাঘাট জিলাৰ মৰঙি ৰাজহ চক্ৰৰ অধীনৰ দৈগ্ৰোঙ আৰু ২ নং পংকা গ্ৰেণ্টত আজি খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে নুমলীগড় আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীৰ সহযোগত গোপন সূত্ৰৰ পম খেদি চলোৱা এটা অভিযানত অবৈধ ভাৱে ৰখা ৩২ টা ঘৰুৱা ৰন্ধন গেছৰ ছিলিণ্ডাৰ জব্দ কৰে । প্ৰথমটো অভিযানত দৈগ্ৰোঙৰ ধৰ্মেশ্বৰ শইকীয়া নামৰ এজন লোকৰ দোকানৰ পৰা ৰন্ধন গেছৰ ছটা ছিলিণ্ডাৰ জব্দ কৰা হয় । দ্বিতীয়টো অভিযানত অভিযানকাৰী দলটোৱে এখন পিক আপ ভেনত ২ নং পংকা গ্ৰেণ্টৰ মছফিকা বেগম নামৰ মহিলাগৰাকীৰ বাসগৃহৰ পৰা ২৬টা ৰন্ধন গেছৰ ছিলিণ্ডাৰ জব্দ কৰে । বাহনখন সম্প্ৰতি নুমলীগড় আৰক্ষী চকীৰ জিম্মাত ৰখা হৈছে । 

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

আমাৰ বিশ্বৰ সকলো মানৱ জাতিৰ এটাই মহান উদ্দেশ্য হওঁক।

আমাৰ বিশ্বৰ সকলো মানৱ জাতিৰ এটাই মহান উদ্দেশ্য হওঁক। 
বিশ্বত চিৰ শান্তি, সুস্থ বাৰ্তাবৰণ, সুস্থ পৰিবেশ , সুস্থ সমাজ গঢ় লৈ উঠাত সকলো মানৱ জাতিয়ে গুৰুত্ব দিয়ক । সমগ্র বিশ্বত আমি সকলো মানৱ জাতিয়ে সত্য পথত অগ্রসৰ হওঁ। তেতিয়াহে শান্তি বিৰাজ কৰিব সমগ্র পৃথিবীত। 

ধন্যবাদেৰে।। 

মাধৱ গগৈ।।

যোৰহাট জিলাত জিলা উপায়ুক্তৰ নতুন নিৰ্দেশনা অনুসৰি যোৰহাট জিলাত অহা ১০ আগষ্টৰ পৰা সান্ধ্য আইন সন্ধিয়া ৬ বজাৰ পৰা পিছদিনা পুৱা ৫ বজালৈকে বলবৎ থাকিব৷যোৰহাট জিলাত অহা ১০ আগষ্টৰ পৰা কাৰ্যালয়, ব্যৱসায় প্ৰতিষ্ঠান, সকলো দোকান পোহাৰ, ৰেষ্টোৰেন্ট,ধাবা আদি বিয়লি ৫ বজালৈকে খোলা ৰাখিব পাৰিব৷

যোৰহাট জিলাত জিলা উপায়ুক্তৰ নতুন নিৰ্দেশনা অনুসৰি যোৰহাট জিলাত অহা ১০ আগষ্টৰ পৰা সান্ধ্য আইন সন্ধিয়া ৬ বজাৰ পৰা পিছদিনা পুৱা ৫ বজালৈকে বলবৎ থাকিব৷

যোৰহাট জিলাত অহা ১০ আগষ্টৰ পৰা কাৰ্যালয়, ব্যৱসায় প্ৰতিষ্ঠান, সকলো দোকান পোহাৰ, ৰেষ্টোৰেন্ট,ধাবা আদি বিয়লি ৫ বজালৈকে খোলা ৰাখিব পাৰিব৷

১০ আগষ্টৰ পৰা সান্ধ্য আইন সন্ধিয়া ৬ বজাৰ পৰা পিছদিনা পুৱা ৫ বজালৈকে বলবৎ থাকিব৷

১০ আগষ্টৰ পৰা সান্ধ্য আইন সন্ধিয়া ৬ বজাৰ পৰা পিছদিনা পুৱা ৫ বজালৈকে বলবৎ থাকিব৷
 ১০ আগষ্টৰ পৰা কাৰ্যালয়, ব্যৱসায় প্ৰতিষ্ঠান, সকলো দোকান পোহাৰ, ৰেষ্টোৰেন্ট,ধাবা আদি বিয়লি ৫ বজালৈকে খোলা ৰাখিব পাৰিব৷

Press Release

নতুন নতুন আবিষ্কাৰ

নতুন নতুন আবিষ্কাৰ হোৱা মানেই হৈছে জীৱকোলৰ ধংস সমাগত। সেৱাৰে মাধৱ গগৈ অসম, ভাৰত।