Monday, 9 August 2021

*মৰঙিত ৩২ টা অবৈধভাৱে মজুত কৰি ৰখা ঘৰুৱা ৰন্ধন গেছৰ ছিলিণ্ডাৰ জব্দ*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ১৪২

*মৰঙিত ৩২ টা অবৈধভাৱে মজুত কৰি ৰখা ঘৰুৱা ৰন্ধন গেছৰ ছিলিণ্ডাৰ জব্দ*
গোলাঘাট, ৯ আগষ্ট : গোলাঘাট জিলাৰ মৰঙি ৰাজহ চক্ৰৰ অধীনৰ দৈগ্ৰোঙ আৰু ২ নং পংকা গ্ৰেণ্টত আজি খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে নুমলীগড় আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীৰ সহযোগত গোপন সূত্ৰৰ পম খেদি চলোৱা এটা অভিযানত অবৈধ ভাৱে ৰখা ৩২ টা ঘৰুৱা ৰন্ধন গেছৰ ছিলিণ্ডাৰ জব্দ কৰে । প্ৰথমটো অভিযানত দৈগ্ৰোঙৰ ধৰ্মেশ্বৰ শইকীয়া নামৰ এজন লোকৰ দোকানৰ পৰা ৰন্ধন গেছৰ ছটা ছিলিণ্ডাৰ জব্দ কৰা হয় । দ্বিতীয়টো অভিযানত অভিযানকাৰী দলটোৱে এখন পিক আপ ভেনত ২ নং পংকা গ্ৰেণ্টৰ মছফিকা বেগম নামৰ মহিলাগৰাকীৰ বাসগৃহৰ পৰা ২৬টা ৰন্ধন গেছৰ ছিলিণ্ডাৰ জব্দ কৰে । বাহনখন সম্প্ৰতি নুমলীগড় আৰক্ষী চকীৰ জিম্মাত ৰখা হৈছে । 

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

धरती को पाप मय कर दिया

दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...