Monday, 9 August 2021

পদ্মশ্ৰী ৰং বং তেৰাঙৰ স্বাস্থ্যৰ বুজ ললে নদী আৰু নাৰীৰ সঁজাতি দলে।

পদ্মশ্ৰী ৰং বং তেৰাঙৰ স্বাস্থ্যৰ বুজ ললে নদী আৰু নাৰীৰ সঁজাতি দলে।
---------------------------------------
 আজি ০৯/০৮/২০২১  তাৰিখে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা প্ৰথিতযশা সাহিত্যিক ৰং বং তেৰাংৰ স্বাস্থ্যৰ বুজে লবলৈ  জনপ্ৰিয় কাব্যিক - বৌদ্ধিক তথা মানৱ দৰদী অনুষ্ঠান নদী আৰু নাৰীৰ এটা সঁজাতি দল ডিফু চহৰৰ   টিচাৰ্চ ক'লনীলৈ ৰাওনা হয়। উক্ত দলটোত আছিল ধেমাজি জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা নদী আৰু নাৰীৰ মুখ্য উপদেষ্টা  উৎপল দলে, নদী আৰু নাৰীৰ প্ৰতিষ্ঠাপক তথা  নৱ প্ৰজন্মৰ অন্যতম জনপ্ৰিয় কবি ৰুনাল্ডো টাইদ, নদী আৰু নাৰীৰ  গোলাঘাট জিলাৰ উপদেষ্টা তথা কবি হৰেন শইকীয়া, গোলাঘাট জিলা সম্পাদিকা ঊষাৰাণী দেৱী, সহকাৰী সম্পাদক বিতোপন শইকীয়া ,নদী আৰু নাৰীৰ কাব্য সম্পাদিকা দীপিকা ফুকন, নদী আৰু নাৰীৰ ডিফুৰ আহ্বায়িকা মণিকা তেৰণপি। 

অসম সাহিত্য সভাৰ ২০১১ চনৰ দেৰগাঁৱ অধিবেশনৰ সন্মানীয় সভাপতি তথা বিশিষ্ট লেখক ৰং বং তেৰাং দীৰ্ঘদিনৰ পৰা দুৰাৰোগ্য ৰোগত আক্ৰান্ত আছিল। সেয়েহে নদী আৰু নাৰীৰ এটা সঁজাতি দলে ৮৪ বছৰ বয়সীয়া বৰ্ষীয়ান সাহিত্যিক গৰাকীৰ স্বাস্থ্যৰ বুজ লয়।  উল্লেখযোগ্য যে এই গৰাকী সাহিত্যিকে ১৯৮১ চনত  "ৰংমিলিৰ হাঁহি"ৰ গ্ৰন্থৰ বাবে পদ্মশ্ৰী সন্মান লাভ কৰিছিল। তাৰোপৰি তেওঁ অসম সাহিত্য সভাৰ পৰা বিষ্ণু প্ৰসাদ ৰাভা বঁটা, অসম চৰকাৰৰ পৰা অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰিছিল। 

নদী আৰু নাৰীৰ তৰফৰ পৰা তেখেতক সম্বৰ্ধনা পত্ৰ,মিচিং গামোচা দুমেৰ, ফলমূল আৰু গ্ৰন্থৰ টোপোলা আদি প্ৰদান কৰা হয়। নদী আৰু নাৰীয়ে তেখেতৰ স্বাস্থ্যৰ বুজ লোৱাত পৰম সন্তুষ্টি প্ৰকাশ কৰে।

NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

धरती को पाप मय कर दिया

दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...