Sunday, 17 January 2021

17 January, 2021 গোলাঘাটৰ সাত জন যুৱকৰ আদৰণীয় প্ৰদক্ষেপ ---------=-------------------=----=-- ১৭ জানুৱাৰী ভোগালী বিহু প্ৰতিজন অসমীয়াই আনন্দ উল্লাহ কৰি পাৰ কৰিলেও এচাম লোকে এসাঁজ ভাতৰ কাৰণে দিন অতিবাহিত কৰি আহিছে।ঠিক তেনে সময়তে আজি গোলাঘাট সাত জন যুৱকে এক ব্যতিক্ৰম কাৰ্যসূচীৰে ৰাইজৰ দৃষ্টি আৰ্কষণ কৰে।গোলাঘাট জিলা খনত থকা পথৰ ভিক্ষাৰী সকলক এসাঁজ খুৱাই এইকেইজন যুৱকে আনন্দ ললে ।পথৰ দাঁতিত,বাছ ষ্টেণ্ড ,ৰে'ল জংচন আদিত অস্থায়ী ভাৱে বসবাস কৰা লোকসকল এসাঁজ তৃপ্তিৰে খোৱালে গোলাঘাট টেঙানী বিতোপন গগৈ,বিকাশ বৰা,লীলাধৰ গগৈ,ফৰকাটিঙৰ হৃদয় দত্ত,বিভাচ দাস ,কমল নাথ ,ঘিলাধাৰীৰ ইন্দজিৎ গগৈয়ে।তদুপৰি এই সকল যুৱকে গোলাঘাট আমোলাপট্ৰি স্থিত শান্তি আলয় বৃদ্ধা আশ্ৰমত থকা আইতা সকলক এসাঁজ অন্ন দান কৰে।যুৱক সকলে লোৱা অনে প্ৰদক্ষেপক সকলোকে শলাগ লৈছে। কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷

 17 January, 2021


গোলাঘাটৰ সাত জন যুৱকৰ আদৰণীয় প্ৰদক্ষেপ

---------=-------------------=----=-- ১৭ জানুৱাৰী



ভোগালী বিহু প্ৰতিজন অসমীয়াই আনন্দ উল্লাহ কৰি পাৰ কৰিলেও এচাম লোকে এসাঁজ ভাতৰ কাৰণে দিন অতিবাহিত কৰি আহিছে।ঠিক তেনে সময়তে আজি  গোলাঘাট সাত  জন যুৱকে  এক ব্যতিক্ৰম কাৰ্যসূচীৰে ৰাইজৰ দৃষ্টি আৰ্কষণ কৰে।গোলাঘাট জিলা খনত থকা পথৰ ভিক্ষাৰী সকলক এসাঁজ খুৱাই এইকেইজন যুৱকে আনন্দ ললে ।পথৰ দাঁতিত,বাছ ষ্টেণ্ড ,ৰে'ল জংচন আদিত অস্থায়ী ভাৱে বসবাস কৰা লোকসকল এসাঁজ তৃপ্তিৰে খোৱালে গোলাঘাট টেঙানী বিতোপন গগৈ,বিকাশ বৰা,লীলাধৰ গগৈ,ফৰকাটিঙৰ হৃদয় দত্ত,বিভাচ দাস ,কমল নাথ ,ঘিলাধাৰীৰ ইন্দজিৎ গগৈয়ে।তদুপৰি এই সকল যুৱকে গোলাঘাট আমোলাপট্ৰি স্থিত শান্তি আলয় বৃদ্ধা আশ্ৰমত থকা আইতা সকলক এসাঁজ অন্ন দান কৰে।যুৱক সকলে লোৱা অনে প্ৰদক্ষেপক সকলোকে

 শলাগ লৈছে। 


কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷


17 January, 2021 গোলাঘাট চহৰত শনিবাৰে নিশা সৃষ্টি হয় এক আতংকময় পৰিস্থিতিৰ ৷ বিয়লি হঠাতে গোলাঘাট --ৰঙাজান পথটোত যানৱাহন চলাচল বন্ধ কৰিলে ৰাইজে ৷ কোনো প্ৰতিবাদি কায্যসূচী নহয় ৷ গাড়ীৰ দুৰ্ঘটনা ৰোধৰ বাবেহে ৰাইজে পথত চলাচল কৰা গাড়ীবোৰ ৰখাই দিলে ৷ ৰাজ্যজুৰি নামি আহিছে শীতৰ কুৱঁলী ৷ এই কুৱঁলীৰ বাবেই গোলাঘাট চহৰত বিয়পি পৰিল বিষাক্ত বায়ু ৷ কাৰণ এইয়া চাওক --- গোলাঘাট পৌৰসভাৰ জাৱৰ যোথৰ আৰু চিকিৎসালয়ৰ পেলনীয়া সামগ্ৰী জ্বলোৱা হল ধনশিৰি নদীৰ পাৰৰ নগাবালিত গধুলীৰ সময়ত সৃষ্টিহোৱা কুঁৱলীৰ বাবে জ্বলন্ত জাবৰৰ পৰা সৃষ্টি হোৱা বিষাক্ত ধোঁৱা ওপৰলৈ যাব নোৱাৰে ৷এই বিষাক্ত ধোৱা প্ৰায় বিশ মিটাৰ ওপৰলৈ উঠি সমগ্ৰ গোলাঘাট চহৰ আৰু পাৰ্শ্ব্ৱ্তী এলেকাসমূহ ধাকি ধৰে ৷ দেখাত কুৱলীযেন লগা এই বিষাক্ত ধোঁৱাৰ অকতা গোন্ধৰ বাবে আতংকৰ সৃষ্টি কৰে ৷ ইফালে নদীক সুৰক্ষিত কৰি ৰাখিবলৈ চৰকাৰে বিভিন্ন আঁচনি লৈছে যদিও গোলাঘাট ধনশিৰি নদীৰ পাৰতে প্ৰতিদিনে এনেদৰে জাৱৰ সমূহ জ্বলোৱা হয় ৷ ফলত খজুৱতী ; কেঞ্চাৰ আদি বিভিন্ন বেমাৰত আক্ৰান্ত হৈছে বহুলোক ৷ এই অনিয়মৰ বাবে মাতমতাৰ বাবে স্থানীয় কেইবাজন লোকৰ ওপৰত থানাত গোচৰহে দিলে পৌৰ সভাই ৷ জনস্বাস্থ্য প্ৰতি বিৰাট ভাবুকী হোৱা এই ঘটনাক গুৰুত্ব দিয়ানাই জিলা প্ৰশাসনৰ লগতে প্ৰদুষণৰ নিয়ন্ত্রণ পৰিষদে ৷ গোলাঘাটতৰ পৰা কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ নিউজ ইণ্ডিয়া ৷

 17 January, 2021


গোলাঘাট চহৰত শনিবাৰে নিশা সৃষ্টি হয় এক আতংকময় পৰিস্থিতিৰ ৷ 


বিয়লি হঠাতে গোলাঘাট --ৰঙাজান পথটোত যানৱাহন চলাচল বন্ধ কৰিলে ৰাইজে ৷ কোনো প্ৰতিবাদি কায্যসূচী নহয় ৷ গাড়ীৰ দুৰ্ঘটনা ৰোধৰ বাবেহে ৰাইজে পথত চলাচল কৰা গাড়ীবোৰ ৰখাই দিলে ৷ ৰাজ্যজুৰি নামি আহিছে শীতৰ কুৱঁলী ৷ এই কুৱঁলীৰ বাবেই গোলাঘাট চহৰত বিয়পি পৰিল বিষাক্ত বায়ু ৷ কাৰণ এইয়া চাওক --- গোলাঘাট পৌৰসভাৰ জাৱৰ যোথৰ আৰু চিকিৎসালয়ৰ পেলনীয়া সামগ্ৰী জ্বলোৱা হল ধনশিৰি নদীৰ পাৰৰ নগাবালিত গধুলীৰ সময়ত সৃষ্টিহোৱা কুঁৱলীৰ বাবে জ্বলন্ত জাবৰৰ পৰা সৃষ্টি হোৱা বিষাক্ত ধোঁৱা ওপৰলৈ যাব নোৱাৰে ৷এই বিষাক্ত ধোৱা প্ৰায় বিশ মিটাৰ ওপৰলৈ উঠি সমগ্ৰ গোলাঘাট চহৰ আৰু পাৰ্শ্ব্ৱ্তী এলেকাসমূহ ধাকি ধৰে ৷ দেখাত কুৱলীযেন লগা এই বিষাক্ত ধোঁৱাৰ অকতা গোন্ধৰ বাবে আতংকৰ সৃষ্টি কৰে ৷ ইফালে নদীক সুৰক্ষিত কৰি ৰাখিবলৈ চৰকাৰে বিভিন্ন আঁচনি লৈছে যদিও গোলাঘাট ধনশিৰি নদীৰ পাৰতে প্ৰতিদিনে এনেদৰে জাৱৰ সমূহ জ্বলোৱা হয় ৷ ফলত খজুৱতী ; কেঞ্চাৰ আদি বিভিন্ন বেমাৰত আক্ৰান্ত হৈছে বহুলোক ৷ এই  অনিয়মৰ বাবে মাতমতাৰ বাবে স্থানীয় কেইবাজন লোকৰ ওপৰত থানাত গোচৰহে দিলে পৌৰ সভাই ৷ জনস্বাস্থ্য প্ৰতি বিৰাট ভাবুকী হোৱা এই ঘটনাক গুৰুত্ব দিয়ানাই জিলা প্ৰশাসনৰ লগতে প্ৰদুষণৰ নিয়ন্ত্রণ পৰিষদে ৷  


গোলাঘাটতৰ পৰা কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ নিউজ ইণ্ডিয়া  ৷


17 January, 2021 *লখিমপুৰ DJ NIGHT* Date :- 17/1/21 ## লখিমপুৰত নিশা ZIRO 7 নামেৰ এটা গ্ৰোপে এক সংগীতৰ অনুষ্ঠানত আয়োজন কৰে। ## লখিমপুৰৰ হাতীলোঙৰ মন ডে ৰিজ'টত আয়োজন কৰা এই সংগীতানুস্থানত লখিমপুৰৰ লগতে অসমৰ বিভিন্ন প্ৰান্ত পৰা ১২ জনকৈ শিল্পীয়ে অংশগ্ৰহন কৰে। ## এই সংগীতানুস্থানৰ মুল উদ্দেশ্যই হৈছে অসমৰ বিভিন্ন প্ৰান্তত চুকে কোণে সোমাই থকা শিল্পী সকলক উলিয়াই আনি ৰাইজৰ মাজত চিনাকি কৰি দিয়া। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 17 January, 2021


*লখিমপুৰ DJ NIGHT* Date :- 17/1/21


## লখিমপুৰত নিশা ZIRO 7 নামেৰ এটা গ্ৰোপে এক সংগীতৰ অনুষ্ঠানত আয়োজন কৰে।


## লখিমপুৰৰ হাতীলোঙৰ মন ডে ৰিজ'টত আয়োজন কৰা এই সংগীতানুস্থানত লখিমপুৰৰ লগতে অসমৰ বিভিন্ন প্ৰান্ত পৰা ১২ জনকৈ শিল্পীয়ে অংশগ্ৰহন কৰে।


## এই সংগীতানুস্থানৰ মুল উদ্দেশ্যই হৈছে অসমৰ বিভিন্ন প্ৰান্তত চুকে কোণে সোমাই থকা শিল্পী সকলক উলিয়াই আনি ৰাইজৰ মাজত চিনাকি কৰি দিয়া।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


Saturday, 16 January 2021

16 January, 2021 গোলাঘাটত আৰম্ভ হৈছে কভিড প্ৰতিষেধক প্ৰদান কাৰ্যসূচী জিলাৰ বাতৰি দিওতা , গোলাঘাট ১৬ জানুৱাৰী :----- সমগ্ৰ দেশৰপৰা লগতে শনিবাৰৰ পৰা গোলাঘাটতো আৰম্ভ কৰা হৈছে কভিড ১৯ ৰ প্ৰতিষেধক প্ৰদান অভিযান। গোলাঘাট জিলাত প্ৰথম পয্যায়ত সাঙুৰি লোৱা হৈছে ২০০ জনকৈ কভিড যোদ্ধাক। গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয় আৰু বোকাখাত মহকুমাৰ শ্বহীদ কমলামিৰি অসামৰিক চিকিৎসালয়ত আজি স্বাস্থ্য বিভাগৰ লগত জড়িত মুঠ দুশ জন বিষয়া,চিকিৎসক, কৰ্মচাৰীক কভিড১৯ ৰ প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।আজি গোলাঘাটত প্ৰথম এই প্ৰতিষেধক প্ৰদান কৰা হয় গোলাঘাটৰ শিশু ৰোগৰ জেষ্ঠ চিকিৎসক ডা: দিলীপ ডেকাক । প্ৰতিষেধক প্ৰদান অনুষ্ঠানত জিলা উপায়ুক্ত বিভাস চন্দ্ৰ মোদী , আৰু জিলা স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰী সকল উপস্থিত আছিল। গোলাঘাটতৰ পৰা কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ নিউজ ইণ্ডিয়া ৷


 16 January, 2021


গোলাঘাটত আৰম্ভ হৈছে কভিড      প্ৰতিষেধক প্ৰদান  কাৰ্যসূচী                                         জিলাৰ বাতৰি দিওতা ,  গোলাঘাট ১৬ জানুৱাৰী    :-----  সমগ্ৰ দেশৰপৰা  লগতে  শনিবাৰৰ পৰা গোলাঘাটতো আৰম্ভ কৰা হৈছে কভিড ১৯ ৰ প্ৰতিষেধক প্ৰদান  অভিযান। গোলাঘাট জিলাত প্ৰথম পয্যায়ত সাঙুৰি লোৱা হৈছে ২০০ জনকৈ কভিড যোদ্ধাক। গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ  অসামৰিক চিকিৎসালয় আৰু বোকাখাত মহকুমাৰ শ্বহীদ কমলামিৰি অসামৰিক চিকিৎসালয়ত আজি স্বাস্থ্য বিভাগৰ লগত জড়িত মুঠ দুশ জন বিষয়া,চিকিৎসক, কৰ্মচাৰীক কভিড১৯ ৰ প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।আজি গোলাঘাটত প্ৰথম এই প্ৰতিষেধক প্ৰদান কৰা হয় গোলাঘাটৰ শিশু ৰোগৰ জেষ্ঠ চিকিৎসক ডা: দিলীপ ডেকাক ।  প্ৰতিষেধক প্ৰদান অনুষ্ঠানত জিলা উপায়ুক্ত বিভাস চন্দ্ৰ মোদী , আৰু জিলা স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰী সকল উপস্থিত আছিল।    


গোলাঘাটতৰ পৰা কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ নিউজ ইণ্ডিয়া  ৷

16 January, 2021 *Lakhimpur Hospital (Covid Vechination)* Date :- 16/1/21 ## দীৰ্ঘ দিনৰ ক'ৰনা সন্ত্ৰাস অন্তত ভাৰতত ক'ৰনা প্ৰতিষেধকৰ মুকলি হল। ## দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে ভিডিঅ কন্ফাৰেঞ্চৰ জৰিয়তে শোভাৰম্ভ কৰাৰ পাছতেই সমগ্ৰ দেশতে প্ৰথম পৰ্যায়ত প্ৰতিষেধকৰ প্ৰদানৰ আৰম্ভণি হয়। ## দেশৰ অন্যান্য প্ৰান্তৰ লগতে লখিমপুৰতো শনিবাৰে দিনৰ 11 বজাত আৰম্ভ হয় covid প্ৰতিষেধক প্ৰদানৰ কাৰ্য্যসূচী। ## উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়, লালুক আদৰ্শ চিকিৎসালয় আৰু বগিনদী আদৰ্শ চিকিৎসালয়কে ধৰি এই তিনিটা স্থানত শনিবাৰে আৰম্ভ হয় এই প্ৰতিষেধক প্ৰদানৰ কাৰ্য্যসূচী। ## জিলা উপায়ুক্তৰ উপস্থিতিত উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়ত 11 বজাত আৰম্ভ হয় covid প্ৰতিষেধক প্ৰদান কাৰ্য্যসূচী। ## উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়ত শনিবাৰে 100 চিকিৎসক, নাৰ্চ আৰু চিকিৎসা কৰ্মীক প্ৰদান কৰা হয় এই প্ৰতিষেধক। ## একেদৰে লালুক আৰু বগিনদী আদৰ্শ চিকিৎসালয়তো 100 গৰাকীকৈ চিকিৎসা কৰ্মীক প্ৰদান কৰা হয় এই প্ৰতিষেধক। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 16 January, 2021



*Lakhimpur Hospital (Covid Vechination)* Date :- 16/1/21


## দীৰ্ঘ দিনৰ  ক'ৰনা সন্ত্ৰাস অন্তত ভাৰতত ক'ৰনা প্ৰতিষেধকৰ  মুকলি হল।


## দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে ভিডিঅ কন্ফাৰেঞ্চৰ জৰিয়তে শোভাৰম্ভ কৰাৰ পাছতেই সমগ্ৰ দেশতে প্ৰথম পৰ্যায়ত প্ৰতিষেধকৰ প্ৰদানৰ আৰম্ভণি হয়।


## দেশৰ অন্যান্য প্ৰান্তৰ লগতে লখিমপুৰতো শনিবাৰে দিনৰ 11 বজাত আৰম্ভ হয় covid প্ৰতিষেধক প্ৰদানৰ কাৰ্য্যসূচী।


## উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়, লালুক আদৰ্শ চিকিৎসালয় আৰু বগিনদী আদৰ্শ চিকিৎসালয়কে ধৰি  এই তিনিটা স্থানত শনিবাৰে আৰম্ভ হয় এই প্ৰতিষেধক প্ৰদানৰ কাৰ্য্যসূচী।


## জিলা উপায়ুক্তৰ উপস্থিতিত উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়ত 11 বজাত আৰম্ভ হয় covid প্ৰতিষেধক প্ৰদান কাৰ্য্যসূচী।


## উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়ত শনিবাৰে 100 চিকিৎসক, নাৰ্চ আৰু চিকিৎসা কৰ্মীক প্ৰদান কৰা হয় এই প্ৰতিষেধক।


## একেদৰে লালুক আৰু বগিনদী আদৰ্শ চিকিৎসালয়তো 100 গৰাকীকৈ চিকিৎসা কৰ্মীক প্ৰদান কৰা হয় এই প্ৰতিষেধক।


লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


Friday, 15 January 2021

15 January, 2021 আপেল বগৰী ; মধুৰী আৰু অমিতা খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাইছে গোলাঘাটৰ নোগোৰা গাঁৱৰ শিক্ষিত যুৱক বেদান্ত দত্তই ৷ কামবন নকৰিলেহে নিবনুৱা হৈ থাকিব লাগে ৷ শিক্ষিতহৈ চৰকাৰি চাকৰীৰ পিছত দৌৰি সময়ৰ অপব্যয় নকৰি কৃষীকায্যত মনদিলে গোলাঘাট নোগোৰা গাৱৰ যুৱক বেদান্ত দত্তই ৷ মাতৃস্বৰূপা দৈয়াং নদীৰ পাৰৰ সাৰুৱা ৫ বিঘা মাটিত আপেল বগৰী ; তিনি বিঘা মাটিত মধুৰী আৰু অমিতা খেতিত মন দিয়ে ৷ কিছূবছৰৰ আগতে নীপক’ৱে সৃষ্টি কৰা দৈয়াং নদীৰ বানপানীয়ে হেজাৰ হেজাৰ কৃষকৰ জীৱনলৈ অমানিশা অনাৰ লগতে বেদান্তৰ এই বাৰিখনো ধৱংস কৰিলে ৷ চৰকাৰ কিম্বা নীপক’ৱে ও এটকাও ক্ষতিপূৰণ নিদিলে ৷ কিন্ত হতাশ নহল তেও দুগুণ উৎসাহেৰে মনদিলে এই খেতিত ৷এই তিনিওা খেতি গছ এবাৰ ৰূপনৰ পিছতেই বহুৱছৰ ধৰি ফচল উৎপাদন কৰিব পাৰি ৷ এতিয়া বেদান্তৰ বাৰীৰ ফচল বজাৰলৈ নিয়াৰ সময় ৷ সপ্তাহত বগৰী উৎপাদন হয় ৫ কুইণ্টলৰ অধিক ৷ ৫০ টকাকৈ পাইকাৰী দৰত বিক্ৰী কৰে ৷ মধুৰী বিক্ৰী কৰি বিগত সময়ছোৱাত তেও লাভ কৰিছে ৬০ হেজাৰ টকা ৷ অমিতাও লোমালোমে লাগিছে এইপয্যন্ত সাত টকা কিলো দৰত অমিতা বিক্ৰী কৰি লাভকৰিছে ২০ হেজাৰ টকা ৷ তেও নিজা খৰচত কথোৰ শ্ৰমেৰে কৰা এইখেতিত তেওক উৎসাহ দিয়াৰ লগতে সহায় কৰে প্ৰৱক্তা দেৱজিৎ ফুকনে ৷ সেহতীয়াকৈ কৃষি বিভাগৰ পৰা ৬০টা ড্ৰেগন ফ্ৰুইটৰ পুলি দিছিল ৷ নিজাখৰচত পকাখুটা সাজি পুলীও ৰূপন কৰিলে কিন্ত পুলী সমূহ ডাঙৰ হোৱা নাই ৷ গেথেলা লাগিহে আছে ৷ উদ্যনশস্যৰ খেতিৰ বাবে কৃষিবিভাগৰ আঁচনি বহুত ৷ বেদান্তৰ দৰে সচাঁ অৰ্থৰ পৰিশ্ৰমি কৃষকক চৰকাৰে এনে আচনি প্ৰদান কৰিলে বহুতো নিবনুৱাক সংস্থাপিত কৰি নিবনুৱা সমস্যা দূৰ কৰিব পৰা যাব ৷ কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷

 15 January, 2021


আপেল বগৰী ; মধুৰী আৰু অমিতা খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাইছে গোলাঘাটৰ নোগোৰা গাঁৱৰ শিক্ষিত যুৱক বেদান্ত দত্তই ৷


কামবন নকৰিলেহে নিবনুৱা হৈ থাকিব লাগে ৷ শিক্ষিতহৈ চৰকাৰি চাকৰীৰ পিছত দৌৰি সময়ৰ অপব্যয় নকৰি কৃষীকায্যত মনদিলে গোলাঘাট নোগোৰা গাৱৰ যুৱক বেদান্ত দত্তই ৷ মাতৃস্বৰূপা দৈয়াং নদীৰ পাৰৰ সাৰুৱা ৫ বিঘা মাটিত আপেল বগৰী  ; তিনি বিঘা মাটিত মধুৰী আৰু অমিতা খেতিত মন দিয়ে ৷ কিছূবছৰৰ আগতে নীপক’ৱে সৃষ্টি কৰা দৈয়াং নদীৰ বানপানীয়ে হেজাৰ হেজাৰ কৃষকৰ জীৱনলৈ অমানিশা অনাৰ লগতে বেদান্তৰ এই বাৰিখনো ধৱংস কৰিলে ৷ চৰকাৰ কিম্বা নীপক’ৱে ও এটকাও ক্ষতিপূৰণ নিদিলে ৷ কিন্ত হতাশ নহল তেও দুগুণ উৎসাহেৰে মনদিলে এই খেতিত ৷এই তিনিওা খেতি গছ এবাৰ ৰূপনৰ পিছতেই বহুৱছৰ ধৰি ফচল উৎপাদন কৰিব পাৰি ৷ এতিয়া বেদান্তৰ বাৰীৰ ফচল বজাৰলৈ নিয়াৰ সময় ৷ সপ্তাহত বগৰী উৎপাদন হয় ৫ কুইণ্টলৰ অধিক ৷ ৫০ টকাকৈ পাইকাৰী দৰত বিক্ৰী কৰে ৷ মধুৰী বিক্ৰী কৰি বিগত সময়ছোৱাত তেও লাভ কৰিছে ৬০ হেজাৰ টকা ৷ অমিতাও লোমালোমে লাগিছে এইপয্যন্ত সাত টকা কিলো দৰত অমিতা বিক্ৰী কৰি লাভকৰিছে ২০ হেজাৰ টকা ৷  তেও নিজা খৰচত

 কথোৰ শ্ৰমেৰে কৰা এইখেতিত তেওক উৎসাহ দিয়াৰ লগতে সহায় কৰে প্ৰৱক্তা দেৱজিৎ ফুকনে ৷  সেহতীয়াকৈ কৃষি বিভাগৰ পৰা ৬০টা ড্ৰেগন ফ্ৰুইটৰ পুলি দিছিল ৷ নিজাখৰচত পকাখুটা সাজি পুলীও ৰূপন কৰিলে কিন্ত পুলী সমূহ ডাঙৰ হোৱা নাই ৷ গেথেলা লাগিহে আছে ৷ উদ্যনশস্যৰ খেতিৰ বাবে কৃষিবিভাগৰ আঁচনি বহুত ৷ বেদান্তৰ দৰে সচাঁ অৰ্থৰ পৰিশ্ৰমি কৃষকক চৰকাৰে এনে আচনি প্ৰদান কৰিলে বহুতো নিবনুৱাক সংস্থাপিত কৰি নিবনুৱা সমস্যা দূৰ কৰিব পৰা যাব ৷ 



কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷


15 January, 2021 *Lakhimpur Covid Vechination* Date :- 15/1/21 ## অসমৰ অন্যান্য প্ৰান্তৰ লগতে শনিবাৰৰ পৰা covid ৰ প্ৰতিষেধক প্ৰদানৰ কাম আৰম্ভ হব লখিমপুৰতো। ## প্ৰথম পৰ্য্যায়ত জিলা খনৰ উত্তৰ লখিমপুৰ অসামৰিক চিকিত্সালয়, লালুক আদৰ্শ চিকিত্সালয় আৰু বগীনদী আদৰ্শ চিকিত্সালয় এই তিনিটা স্থানত আৰম্ভ হব এই প্ৰতিষেধক প্ৰদানৰ। ## শুক্ৰবাৰে নৰ্থ লক্ষীমপুৰ প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেলত এই কথা সদৰী কৰিছে জিলা স্বাস্থ্য বিভাগৰ বিষয়া সকলে। ## চৰকাৰী নিৰ্দেশনা অনুযায়ী প্ৰথম পৰ্য্যায়ত স্বাস্থ্য কৰ্মী সকলক দিয়া হব এই প্ৰতিষেধক। ## জিলা খনত শনিবাৰে 300 স্বাস্থ্য কৰ্মীক দিয়া হব এই প্ৰতিষেধক। ## 3620 জন ব্যক্তিৰ বাবে প্ৰথম পৰ্য্যায়ত লখিমপুৰত এই প্ৰতিষেধক মজুত আছে বুলিও জানিবলৈ দিয়ে স্বাস্থ্য বিষয়া সকলে। ## ইতিমধ্য জিলা খনৰ 7709 গৰাকী স্বাস্থ্য কৰ্মীৰ নাম প্ৰথম পৰ্য্যায়ত তালিকাভুক্ত কৰা হৈছে বুলিও কয় স্বাস্থ্য বিভাগৰ বিষয়া সকলে। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 15 January, 2021


*Lakhimpur Covid Vechination* Date :- 15/1/21


## অসমৰ অন্যান্য প্ৰান্তৰ লগতে শনিবাৰৰ পৰা covid ৰ প্ৰতিষেধক প্ৰদানৰ কাম আৰম্ভ হব লখিমপুৰতো।


## প্ৰথম পৰ্য্যায়ত জিলা খনৰ উত্তৰ লখিমপুৰ অসামৰিক চিকিত্সালয়, লালুক আদৰ্শ চিকিত্সালয় আৰু বগীনদী আদৰ্শ চিকিত্সালয় এই  তিনিটা স্থানত আৰম্ভ হব এই প্ৰতিষেধক প্ৰদানৰ। 


## শুক্ৰবাৰে নৰ্থ লক্ষীমপুৰ প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেলত এই কথা সদৰী কৰিছে জিলা স্বাস্থ্য বিভাগৰ বিষয়া সকলে।


## চৰকাৰী নিৰ্দেশনা  অনুযায়ী  প্ৰথম পৰ্য্যায়ত স্বাস্থ্য কৰ্মী সকলক দিয়া হব এই প্ৰতিষেধক।


## জিলা খনত শনিবাৰে 300 স্বাস্থ্য কৰ্মীক দিয়া হব এই প্ৰতিষেধক।


## 3620 জন  ব্যক্তিৰ বাবে প্ৰথম পৰ্য্যায়ত লখিমপুৰত  এই প্ৰতিষেধক মজুত আছে বুলিও জানিবলৈ দিয়ে স্বাস্থ্য বিষয়া সকলে।


## ইতিমধ্য জিলা খনৰ 7709 গৰাকী স্বাস্থ্য কৰ্মীৰ নাম প্ৰথম পৰ্য্যায়ত তালিকাভুক্ত কৰা হৈছে বুলিও কয় স্বাস্থ্য বিভাগৰ বিষয়া সকলে।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...