16 January, 2021
গোলাঘাটত আৰম্ভ হৈছে কভিড প্ৰতিষেধক প্ৰদান কাৰ্যসূচী জিলাৰ বাতৰি দিওতা , গোলাঘাট ১৬ জানুৱাৰী :----- সমগ্ৰ দেশৰপৰা লগতে শনিবাৰৰ পৰা গোলাঘাটতো আৰম্ভ কৰা হৈছে কভিড ১৯ ৰ প্ৰতিষেধক প্ৰদান অভিযান। গোলাঘাট জিলাত প্ৰথম পয্যায়ত সাঙুৰি লোৱা হৈছে ২০০ জনকৈ কভিড যোদ্ধাক। গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয় আৰু বোকাখাত মহকুমাৰ শ্বহীদ কমলামিৰি অসামৰিক চিকিৎসালয়ত আজি স্বাস্থ্য বিভাগৰ লগত জড়িত মুঠ দুশ জন বিষয়া,চিকিৎসক, কৰ্মচাৰীক কভিড১৯ ৰ প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।আজি গোলাঘাটত প্ৰথম এই প্ৰতিষেধক প্ৰদান কৰা হয় গোলাঘাটৰ শিশু ৰোগৰ জেষ্ঠ চিকিৎসক ডা: দিলীপ ডেকাক । প্ৰতিষেধক প্ৰদান অনুষ্ঠানত জিলা উপায়ুক্ত বিভাস চন্দ্ৰ মোদী , আৰু জিলা স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰী সকল উপস্থিত আছিল।
গোলাঘাটতৰ পৰা কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ নিউজ ইণ্ডিয়া ৷
No comments:
Post a Comment
Welcome Northeast News India