17 January, 2021
গোলাঘাট চহৰত শনিবাৰে নিশা সৃষ্টি হয় এক আতংকময় পৰিস্থিতিৰ ৷
বিয়লি হঠাতে গোলাঘাট --ৰঙাজান পথটোত যানৱাহন চলাচল বন্ধ কৰিলে ৰাইজে ৷ কোনো প্ৰতিবাদি কায্যসূচী নহয় ৷ গাড়ীৰ দুৰ্ঘটনা ৰোধৰ বাবেহে ৰাইজে পথত চলাচল কৰা গাড়ীবোৰ ৰখাই দিলে ৷ ৰাজ্যজুৰি নামি আহিছে শীতৰ কুৱঁলী ৷ এই কুৱঁলীৰ বাবেই গোলাঘাট চহৰত বিয়পি পৰিল বিষাক্ত বায়ু ৷ কাৰণ এইয়া চাওক --- গোলাঘাট পৌৰসভাৰ জাৱৰ যোথৰ আৰু চিকিৎসালয়ৰ পেলনীয়া সামগ্ৰী জ্বলোৱা হল ধনশিৰি নদীৰ পাৰৰ নগাবালিত গধুলীৰ সময়ত সৃষ্টিহোৱা কুঁৱলীৰ বাবে জ্বলন্ত জাবৰৰ পৰা সৃষ্টি হোৱা বিষাক্ত ধোঁৱা ওপৰলৈ যাব নোৱাৰে ৷এই বিষাক্ত ধোৱা প্ৰায় বিশ মিটাৰ ওপৰলৈ উঠি সমগ্ৰ গোলাঘাট চহৰ আৰু পাৰ্শ্ব্ৱ্তী এলেকাসমূহ ধাকি ধৰে ৷ দেখাত কুৱলীযেন লগা এই বিষাক্ত ধোঁৱাৰ অকতা গোন্ধৰ বাবে আতংকৰ সৃষ্টি কৰে ৷ ইফালে নদীক সুৰক্ষিত কৰি ৰাখিবলৈ চৰকাৰে বিভিন্ন আঁচনি লৈছে যদিও গোলাঘাট ধনশিৰি নদীৰ পাৰতে প্ৰতিদিনে এনেদৰে জাৱৰ সমূহ জ্বলোৱা হয় ৷ ফলত খজুৱতী ; কেঞ্চাৰ আদি বিভিন্ন বেমাৰত আক্ৰান্ত হৈছে বহুলোক ৷ এই অনিয়মৰ বাবে মাতমতাৰ বাবে স্থানীয় কেইবাজন লোকৰ ওপৰত থানাত গোচৰহে দিলে পৌৰ সভাই ৷ জনস্বাস্থ্য প্ৰতি বিৰাট ভাবুকী হোৱা এই ঘটনাক গুৰুত্ব দিয়ানাই জিলা প্ৰশাসনৰ লগতে প্ৰদুষণৰ নিয়ন্ত্রণ পৰিষদে ৷
গোলাঘাটতৰ পৰা কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ নিউজ ইণ্ডিয়া ৷
No comments:
Post a Comment
Welcome Northeast News India