15 January, 2021
*Lakhimpur Covid Vechination* Date :- 15/1/21
## অসমৰ অন্যান্য প্ৰান্তৰ লগতে শনিবাৰৰ পৰা covid ৰ প্ৰতিষেধক প্ৰদানৰ কাম আৰম্ভ হব লখিমপুৰতো।
## প্ৰথম পৰ্য্যায়ত জিলা খনৰ উত্তৰ লখিমপুৰ অসামৰিক চিকিত্সালয়, লালুক আদৰ্শ চিকিত্সালয় আৰু বগীনদী আদৰ্শ চিকিত্সালয় এই তিনিটা স্থানত আৰম্ভ হব এই প্ৰতিষেধক প্ৰদানৰ।
## শুক্ৰবাৰে নৰ্থ লক্ষীমপুৰ প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেলত এই কথা সদৰী কৰিছে জিলা স্বাস্থ্য বিভাগৰ বিষয়া সকলে।
## চৰকাৰী নিৰ্দেশনা অনুযায়ী প্ৰথম পৰ্য্যায়ত স্বাস্থ্য কৰ্মী সকলক দিয়া হব এই প্ৰতিষেধক।
## জিলা খনত শনিবাৰে 300 স্বাস্থ্য কৰ্মীক দিয়া হব এই প্ৰতিষেধক।
## 3620 জন ব্যক্তিৰ বাবে প্ৰথম পৰ্য্যায়ত লখিমপুৰত এই প্ৰতিষেধক মজুত আছে বুলিও জানিবলৈ দিয়ে স্বাস্থ্য বিষয়া সকলে।
## ইতিমধ্য জিলা খনৰ 7709 গৰাকী স্বাস্থ্য কৰ্মীৰ নাম প্ৰথম পৰ্য্যায়ত তালিকাভুক্ত কৰা হৈছে বুলিও কয় স্বাস্থ্য বিভাগৰ বিষয়া সকলে।
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
No comments:
Post a Comment
Welcome Northeast News India