15 January, 2021
আপেল বগৰী ; মধুৰী আৰু অমিতা খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাইছে গোলাঘাটৰ নোগোৰা গাঁৱৰ শিক্ষিত যুৱক বেদান্ত দত্তই ৷
কামবন নকৰিলেহে নিবনুৱা হৈ থাকিব লাগে ৷ শিক্ষিতহৈ চৰকাৰি চাকৰীৰ পিছত দৌৰি সময়ৰ অপব্যয় নকৰি কৃষীকায্যত মনদিলে গোলাঘাট নোগোৰা গাৱৰ যুৱক বেদান্ত দত্তই ৷ মাতৃস্বৰূপা দৈয়াং নদীৰ পাৰৰ সাৰুৱা ৫ বিঘা মাটিত আপেল বগৰী ; তিনি বিঘা মাটিত মধুৰী আৰু অমিতা খেতিত মন দিয়ে ৷ কিছূবছৰৰ আগতে নীপক’ৱে সৃষ্টি কৰা দৈয়াং নদীৰ বানপানীয়ে হেজাৰ হেজাৰ কৃষকৰ জীৱনলৈ অমানিশা অনাৰ লগতে বেদান্তৰ এই বাৰিখনো ধৱংস কৰিলে ৷ চৰকাৰ কিম্বা নীপক’ৱে ও এটকাও ক্ষতিপূৰণ নিদিলে ৷ কিন্ত হতাশ নহল তেও দুগুণ উৎসাহেৰে মনদিলে এই খেতিত ৷এই তিনিওা খেতি গছ এবাৰ ৰূপনৰ পিছতেই বহুৱছৰ ধৰি ফচল উৎপাদন কৰিব পাৰি ৷ এতিয়া বেদান্তৰ বাৰীৰ ফচল বজাৰলৈ নিয়াৰ সময় ৷ সপ্তাহত বগৰী উৎপাদন হয় ৫ কুইণ্টলৰ অধিক ৷ ৫০ টকাকৈ পাইকাৰী দৰত বিক্ৰী কৰে ৷ মধুৰী বিক্ৰী কৰি বিগত সময়ছোৱাত তেও লাভ কৰিছে ৬০ হেজাৰ টকা ৷ অমিতাও লোমালোমে লাগিছে এইপয্যন্ত সাত টকা কিলো দৰত অমিতা বিক্ৰী কৰি লাভকৰিছে ২০ হেজাৰ টকা ৷ তেও নিজা খৰচত
কথোৰ শ্ৰমেৰে কৰা এইখেতিত তেওক উৎসাহ দিয়াৰ লগতে সহায় কৰে প্ৰৱক্তা দেৱজিৎ ফুকনে ৷ সেহতীয়াকৈ কৃষি বিভাগৰ পৰা ৬০টা ড্ৰেগন ফ্ৰুইটৰ পুলি দিছিল ৷ নিজাখৰচত পকাখুটা সাজি পুলীও ৰূপন কৰিলে কিন্ত পুলী সমূহ ডাঙৰ হোৱা নাই ৷ গেথেলা লাগিহে আছে ৷ উদ্যনশস্যৰ খেতিৰ বাবে কৃষিবিভাগৰ আঁচনি বহুত ৷ বেদান্তৰ দৰে সচাঁ অৰ্থৰ পৰিশ্ৰমি কৃষকক চৰকাৰে এনে আচনি প্ৰদান কৰিলে বহুতো নিবনুৱাক সংস্থাপিত কৰি নিবনুৱা সমস্যা দূৰ কৰিব পৰা যাব ৷
কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷
No comments:
Post a Comment
Welcome Northeast News India