30 August, 2020
গোলাঘাটৰ পৰা প্ৰকাশ শৰ্মা ৰ এক প্ৰতিবেদন।
NORTHEAST NEWS INDIA
30 August, 2020
গোলাঘাটৰ পৰা প্ৰকাশ শৰ্মা ৰ এক প্ৰতিবেদন।
NORTHEAST NEWS INDIA
28 August, 2020
Golaghat Woman -wine এই গৰাকী বাইদেউক মনকৰক ভালদৰে । সুৰাসক্ত ৰ মাজত এও জনপ্ৰিয় কলিতানি বাইদেউ বুলি।
গোলাঘাট চহৰৰ জ্যোতি নগৰৰ বাসিন্দা এই গৰাকী বাইদেৱে সুদীৰ্ঘদিন ধৰি নিজৰ ঘৰতে চলাই আহিছে এখন অবৈধ বাৰ । প্ৰাপ্ত অভিযোগ মতে পুৱাৰে পৰা মাজ নিশালৈকে বাইদেউৰ ঘৰ ভৰি থাকে মদাহীৰে। বাইদেউৰ দুগৰাকী কন্যাই মাছ মাংস ৰান্ধি চাকনা বনাই মদাহীক যোগান ধৰে আৰু মদাহীয়ে মদৰ সৈতে তপালি খায়। পুৱাৰে পৰা বাইদেউৰ ঘৰৰ সমুখভাগ গাড়ী বাইক আদিৰে গিজগিজাই থাকে । কোনো কোনোৱে আকৌ গুলাপী নিচাতে নিশাটোও বাইদেঊৰ ঘৰতে থাকি যায়। অভীযোগ অনুসৰি কেৱল সাধাৰণ মদাহীয়েই নহয় , সম্ভান্ত পৰিয়ালৰ বহু লোকো প্ৰায়ে বাইদেউক অবৈধ বাৰত ভীৰ কৰেহি। এনেকৈয়ে কলিতানি বাইদেউৰ ব্যৱসায় ঠিকমতে চলি আছিল। কিন্তু মঙ্গলবাৰে দিনটো বাইদেউৰ বাবে আছিল অমঙ্গলীয়া দিন । বাইদেউৰ ঘৰলৈ সঘনে অহা এজন মদাহীয়ে নিজৰ পৰিয়াল এৰি বাইদেউৰ ঘৰতে থিতাপি লৈছিল ৷ মদাহীৰ পৰিবাৰে বহুদিন ধৰি কথাটো মন কৰি আছিল। মঙ্গলবাৰে তেওঁ আৰক্ষীৰ কাষ চাপে আৰু সবিশেষ জানিবলৈ দিয়ে। নিশা লৈ কলিতা বাইদেউৰ অবৈধ বাৰত চলিল আৰক্ষীৰ অভিযান। হাতে লোকে ধৰা পৰিল আঠজন একেবাৰে খাতি মদাহী। ইয়াৰ মাজত এজন শিক্ষকো আছে। এতিয়া বাইদেউ ৰঙাঘৰত। এতিয়া শুনো আহক অভিযোগ কাৰী মহিলা গৰাকীয়ে কিনো কয়।:: প্ৰকাশ শৰ্মা ৰিপত গোলাঘাট ৷
27 August, 2020
GOLAGHAT MUNNA BHAI MBBS FLEE WOMEN
গোলাঘাটৰ বোৱাৰী নাৰ্চক পলুৱাইনিয়া মুন্না ভাই এমবিবিএচৰ এইবাৰ চুৰেনিলে কুকুৰা ৷ ভুৱা চিকিৎসকৰ পৰিচয়েৰে নাৰ্চক প্ৰেমত পেলাই পলায়ন কৰিছিল মুন্না ভাই।
গোলাঘাটত মুন্না ভাই এমবিবিএচৰ ভুৱা পৰিচয়ৰে এগৰাকী নাৰ্চক প্ৰেমত পেলালে মুন্না ভাইয়ে। গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত শাৰিৰীক অসুস্থতাৰ বাবে চিকিৎসা কৰিব আহি মুন্না ভাইয়ে প্ৰেমত পেলাইছিল দুই সন্তানৰ মাতৃ নাৰ্চক। প্ৰেমত মতলীয়া হৈ দুই পলায়ন কৰে। স্বামীৰ এজাহাৰৰ ভিত্তিত গোলাঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ভুৱা চিকিৎসক গৰাকীক আৰু নাৰ্চ গৰাকীক উদ্ধাৰ কৰে। আৰক্ষীয়ে ভুৱা চিকিৎসকৰ নামটোৱেই সঠিকসঠিক ভাৱে জানিব পৰা নাই। ভুৱা চিকিৎসক গৰাকীয়ে কেতিয়াবা অৰিন্দম শৰ্মা, কেতিয়াবা অবিনাশ শৰ্মা, এম শৰ্মা আদি ভুৱা চিকিৎসক গৰাকীয়ে অসুস্থতাৰ গইনা লৈ চিকিৎসাধীন হৈ আছিল গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত। কিন্ত অতি চতুৰ মুন্নাভায়ে চিকিৎসালয়তে আৰম্ভকৰিলে অন্যএক খেল ৷ তেওৰ স্বাস্থ্যৰ বুজলবলৈ যোৱা চিকিৎসক অহাৰ উমান পালেই স্বাস্থ্যৰ অধিক অবনতি হয় ৷ কেতিয়াবা কপি কঁপি বিচনাৰ পৰা পৰিও যায় ৷সেয়েহে গোলাঘাটৰ চিকিৎসালয় কতৃপক্ষই ৰিস্ক নলৈ প্ৰেৰণ কৰিলে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিলে ৷ ভুৱা চিকিৎসকৰ বিৰুদ্ধে পূৰ্বতো অভিযোগ আছিল গোলাঘাট আৰক্ষী থানাত। নিজকে হিমন্ত বিশ্ব শৰ্মা আৰু স্বাস্থ্য বিভাগৰ লগত ভাল সম্বন্ধ থকা বুলি কৈ ডা° উত্তম দত্তক পদোন্নতিৰ বাবে ধন দাবী কৰিছিল ৷
এতিয়া শুনক অন্য এক কাহিনী ; এওঁ বৰ্তমান সংসাৰ কৰিথকা পত্নী ভাকলীৰ পৃতি গৃহ গোলাঘাটৰ মইনাপাৰাত ৷ আমাৰ সাংবাদিক উপস্থিত হৈছিল গাওখনত ৷ শহুৰৰ গাওঁখনত তেওঁৰ আদৰ বেছি ৷ কিয়নো তেও মানুহক চিনাকীদিয়ে এজন চিকিৎসক বুলি আৰু নিজকে মন্ত্ৰী হিমন্তৰ মানুহ বুলি কয় ৷ তেওক ৰাইজে অভিজিৎ শৰ্মা বুলিয়েই জানে ৷ মুন্নাভায়ে জেঠেৰিয়কৰ পৰা প্ৰায় সাতবিঘা মাটি লীজত লৈ এটা পামঘৰ সাজি খেটিবাতি কৰিছিল গৰু ; ছাগলী মুৰগী আদি প্ৰতিপালন কৰিছিল ৷ ঘৰটো তলাওলমি থকাত বৃহশ্পতিবাৰে বাচি বাচি চোৰে নিলে ৫ টা মুৰ্গী ৷ কিন্ত তেওৰ পামঘৰলৈ আন মানুহ যোৱাটো অতি জতীল ৷ মইনাপাৰাৰ এখন বিলৰ ফুটুকানীৰ মাজেৰে তেও পামঘৰলৈ যোৱা এডাল বাঁহৰ সাকোঁ নিৰ্মাণ কৰিছিল সাকোঁডাল আছে একফুট পানীৰ তলত ৷ এই ঘৰটোলৈ নাৱৰেও যাব পাৰি যদিও মাটিডোখৰৰ চাৰিওফালে জপনা নোহোৱাকৈ দিছে বাহৰ জেওৰা জেওৰা পাৰহৈ আছে এবুকু ওখ ঢ়েকীয়াৰ হাবি ৷ হাবীৰ মাজেদি থকা লুংলুঙীয়া পথত খোজেপতি বিপদ কিয়নো ঢ়েকীয়াৰ মাজত থাকে বিষাক্ত মুচুৰাগোম ; ফেটিসাপ ; অজগৰ ৷ যিকোনো সাম্ভাব্য বিপদৰ উমান লবৰ বাবে তেও এজোপা গছত সাজিলে এটা চাংঘৰ ৷ এই চাংঘৰৰ পৰা চৌদিশে এক কিলোমিটাৰ আগলৈকে সকলো দেখা পায় সেয়েহে প্ৰদীপ নাথ নামৰ এজন লোকৰ বাহিৰে অন্য লোক এই পামঘৰলৈ নেয়ায় ৷ গজন কৃষকে জানিবলৈ দিয়লে যে তেও এই দুৰ্গম দুৰ্গটোলৈ মাজেমধ্যে সুন্দৰী মহিলা ; যুৱতীও আনে ৷ এতিয়া জালিয়া মুন্নাভাইৰ আচল পৰিচয় ওলাই পৰাত শহুৰেকৰ গাঁৱত লাগিছে হাহাকাৰ ৷ কিয়নে প্ৰদীপ নাথৰ যোগেদি তেও কেইবালাখ টকা বিভিন্ন জনৰ পৰা ধাৰলৈ লৈছিল ৷ সম্প্ৰতি কৌশলেৰে গোলাঘাট অৰক্ষীৰ পৰা আঁতৰি যোৰহাটৰ চিকিৎসালয়ত বিশ্ৰামত থকা এই মুন্নাভাই প্ৰৱঞ্চনাকটোৰ সন্দৰ্ভত অধিক তথ্য ওলোৱাৰ সম্ভাৱনা আছে ৷ ::প্ৰকাশ শৰ্মা ৰিপত গোলাঘাট ৷
27 August, 2020
চাহ শ্ৰমিকৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত আজি আটছা গোলাঘাট শাখাৰ অন্তগত মৰঙী উপ শাখাৰ উদ্যোগত , সমূহ প্ৰাথমিক গোট আৰু চাহ শ্ৰমিক ৰাইজৰ সহযোগত , মৰঙী, লেটেকুজান, অৰুণোদয়, বকিয়াল চাহ বাগিচাত, ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰে। আছিক তাৰ্তী ৰিপত গোলাঘাট।
26 August, 2020
গোলাঘাট ব্ৰেকিং -----
গোলাঘাটৰ পাঁছ আলিৰ মাছৰ বজাৰৰ ওচৰত আজি পুৱতীনিশা তিনিজোপা গছ বাগৰি পৰাত বিদ্যৎ তাৰঁ চিঙিপৰাত দিনটো বিদ্যুৎ সৰবৰাহ বন্ধ হৈ পৰে ৷
বিয়লি প্ৰায় ছয় বজাত
পুণৰ বিদ্যুৎ যোগান
দিয়াৰ পিছত পুণৰ প্ৰায় ছয় বজাত উচ্চক্ষমতাসম্পন্ন ট্ৰেঞ্চফৰমাৰটোৰ এডাল কেৱোল জ্বলি যোৱাত পুণৰবাৰ বিদ্যুৎ সৰবৰাহ বন্ধ হৈ পৰে ৷ ফলত আজিৰ নিশাটো বিদু্্যৎ সেৱাৰ পৰা ৰাইজ বঞ্চিত হোৱাৰ সম্ভাবনা আহি পৰিছে :: প্ৰকাশ শৰ্মা ৰিপত গোলাঘাত ২৬/৮/২০২০ NORTHEAST NEWS INDIA
26 August, 2020
খহনীয়াত যাহ যোৱাৰ উপক্ৰম হৈছে গোলাঘাটৰ এখন গাও ৷
গোলাঘাটৰ মইনাপাৰাৰ বিন্দুগুৰি গাওঁখনত ধনশিৰিনদীৰ খহনীয়াৰ গ্ৰাসত পৰি নি:শেষ হোৱাৰ উপক্ৰম হৈছে ৷ নদীৰ পাৰত থকা পথটো নৈয়ে খহাই লৈযোৱাৰ ফলত মানুহৰ বাৰীৰ মাটিয়েদি পথ উলিযাই যাতায়ত কৰে যদিও এইবাৰ খহনীয়াৰ তীব্ৰতাৰ বাবে ৪বাৰমান পথ নিৰ্মাণ কৰিবলগা হৈছে ৷ বিশেষকৈ ধনশিৰি নদীৰ খহনীয়া অব্যাহত থাকিলে গোলাঘাট -ৰঙাজানৰ পথৰ ওপৰত থকা দলংখন নদীৰ খহনীযাৰ গ্ৰাসত পৰাৰ আশংকা আহি পৰিছে ৷ : প্ৰকাশ শৰ্মা ৰিপত গোলাঘাট ২৬/৮/২০২০ NORTHEAST NEWS INDIA
🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি। সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...