27 August, 2020
GOLAGHAT MUNNA BHAI MBBS FLEE WOMEN
গোলাঘাটৰ বোৱাৰী নাৰ্চক পলুৱাইনিয়া মুন্না ভাই এমবিবিএচৰ এইবাৰ চুৰেনিলে কুকুৰা ৷ ভুৱা চিকিৎসকৰ পৰিচয়েৰে নাৰ্চক প্ৰেমত পেলাই পলায়ন কৰিছিল মুন্না ভাই।
গোলাঘাটত মুন্না ভাই এমবিবিএচৰ ভুৱা পৰিচয়ৰে এগৰাকী নাৰ্চক প্ৰেমত পেলালে মুন্না ভাইয়ে। গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত শাৰিৰীক অসুস্থতাৰ বাবে চিকিৎসা কৰিব আহি মুন্না ভাইয়ে প্ৰেমত পেলাইছিল দুই সন্তানৰ মাতৃ নাৰ্চক। প্ৰেমত মতলীয়া হৈ দুই পলায়ন কৰে। স্বামীৰ এজাহাৰৰ ভিত্তিত গোলাঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ভুৱা চিকিৎসক গৰাকীক আৰু নাৰ্চ গৰাকীক উদ্ধাৰ কৰে। আৰক্ষীয়ে ভুৱা চিকিৎসকৰ নামটোৱেই সঠিকসঠিক ভাৱে জানিব পৰা নাই। ভুৱা চিকিৎসক গৰাকীয়ে কেতিয়াবা অৰিন্দম শৰ্মা, কেতিয়াবা অবিনাশ শৰ্মা, এম শৰ্মা আদি ভুৱা চিকিৎসক গৰাকীয়ে অসুস্থতাৰ গইনা লৈ চিকিৎসাধীন হৈ আছিল গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত। কিন্ত অতি চতুৰ মুন্নাভায়ে চিকিৎসালয়তে আৰম্ভকৰিলে অন্যএক খেল ৷ তেওৰ স্বাস্থ্যৰ বুজলবলৈ যোৱা চিকিৎসক অহাৰ উমান পালেই স্বাস্থ্যৰ অধিক অবনতি হয় ৷ কেতিয়াবা কপি কঁপি বিচনাৰ পৰা পৰিও যায় ৷সেয়েহে গোলাঘাটৰ চিকিৎসালয় কতৃপক্ষই ৰিস্ক নলৈ প্ৰেৰণ কৰিলে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিলে ৷ ভুৱা চিকিৎসকৰ বিৰুদ্ধে পূৰ্বতো অভিযোগ আছিল গোলাঘাট আৰক্ষী থানাত। নিজকে হিমন্ত বিশ্ব শৰ্মা আৰু স্বাস্থ্য বিভাগৰ লগত ভাল সম্বন্ধ থকা বুলি কৈ ডা° উত্তম দত্তক পদোন্নতিৰ বাবে ধন দাবী কৰিছিল ৷
এতিয়া শুনক অন্য এক কাহিনী ; এওঁ বৰ্তমান সংসাৰ কৰিথকা পত্নী ভাকলীৰ পৃতি গৃহ গোলাঘাটৰ মইনাপাৰাত ৷ আমাৰ সাংবাদিক উপস্থিত হৈছিল গাওখনত ৷ শহুৰৰ গাওঁখনত তেওঁৰ আদৰ বেছি ৷ কিয়নো তেও মানুহক চিনাকীদিয়ে এজন চিকিৎসক বুলি আৰু নিজকে মন্ত্ৰী হিমন্তৰ মানুহ বুলি কয় ৷ তেওক ৰাইজে অভিজিৎ শৰ্মা বুলিয়েই জানে ৷ মুন্নাভায়ে জেঠেৰিয়কৰ পৰা প্ৰায় সাতবিঘা মাটি লীজত লৈ এটা পামঘৰ সাজি খেটিবাতি কৰিছিল গৰু ; ছাগলী মুৰগী আদি প্ৰতিপালন কৰিছিল ৷ ঘৰটো তলাওলমি থকাত বৃহশ্পতিবাৰে বাচি বাচি চোৰে নিলে ৫ টা মুৰ্গী ৷ কিন্ত তেওৰ পামঘৰলৈ আন মানুহ যোৱাটো অতি জতীল ৷ মইনাপাৰাৰ এখন বিলৰ ফুটুকানীৰ মাজেৰে তেও পামঘৰলৈ যোৱা এডাল বাঁহৰ সাকোঁ নিৰ্মাণ কৰিছিল সাকোঁডাল আছে একফুট পানীৰ তলত ৷ এই ঘৰটোলৈ নাৱৰেও যাব পাৰি যদিও মাটিডোখৰৰ চাৰিওফালে জপনা নোহোৱাকৈ দিছে বাহৰ জেওৰা জেওৰা পাৰহৈ আছে এবুকু ওখ ঢ়েকীয়াৰ হাবি ৷ হাবীৰ মাজেদি থকা লুংলুঙীয়া পথত খোজেপতি বিপদ কিয়নো ঢ়েকীয়াৰ মাজত থাকে বিষাক্ত মুচুৰাগোম ; ফেটিসাপ ; অজগৰ ৷ যিকোনো সাম্ভাব্য বিপদৰ উমান লবৰ বাবে তেও এজোপা গছত সাজিলে এটা চাংঘৰ ৷ এই চাংঘৰৰ পৰা চৌদিশে এক কিলোমিটাৰ আগলৈকে সকলো দেখা পায় সেয়েহে প্ৰদীপ নাথ নামৰ এজন লোকৰ বাহিৰে অন্য লোক এই পামঘৰলৈ নেয়ায় ৷ গজন কৃষকে জানিবলৈ দিয়লে যে তেও এই দুৰ্গম দুৰ্গটোলৈ মাজেমধ্যে সুন্দৰী মহিলা ; যুৱতীও আনে ৷ এতিয়া জালিয়া মুন্নাভাইৰ আচল পৰিচয় ওলাই পৰাত শহুৰেকৰ গাঁৱত লাগিছে হাহাকাৰ ৷ কিয়নে প্ৰদীপ নাথৰ যোগেদি তেও কেইবালাখ টকা বিভিন্ন জনৰ পৰা ধাৰলৈ লৈছিল ৷ সম্প্ৰতি কৌশলেৰে গোলাঘাট অৰক্ষীৰ পৰা আঁতৰি যোৰহাটৰ চিকিৎসালয়ত বিশ্ৰামত থকা এই মুন্নাভাই প্ৰৱঞ্চনাকটোৰ সন্দৰ্ভত অধিক তথ্য ওলোৱাৰ সম্ভাৱনা আছে ৷ ::প্ৰকাশ শৰ্মা ৰিপত গোলাঘাট ৷
No comments:
Post a Comment
Welcome Northeast News India