Wednesday, 8 July 2020
8 July, 2020 মাননীয় মূখ্য মন্ত্রী শ্ৰী যুত সৰ্বানন্দ সোণোৱাল সতীৰ্থ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, শ্ৰী চন্দ্রমোহন পাটোৱাৰী, শ্ৰী ফণীভূষণ চৌধুৰী আৰু উচ্চপদস্থ বিষয়াবৰ্গৰ সৈতে আজি অসমৰ ক'ভিড-১৯ সম্পৰ্কীয় সামগ্ৰিক পৰিস্থিতিৰ পৰ্যালোচনা কৰে। ক'ভিড-১৯ক প্ৰতিহত কৰাৰ বাবে সকলোৱে সাৱধানতা অৱলম্বন কৰাৰ লগতে চৰকাৰী নীতি-নিৰ্দেশনা আখৰে আখৰে মানি চলাটো অত্যন্ত প্ৰয়োজনীয় বুলি মাননীয় মূখ্যমন্ত্ৰী গৰাকীয়ে ব্যক্ত কৰে। গুৱাহাটীত দৈনিক সম্পন্ন হোৱা ক'ভিড-১৯ পৰীক্ষাৰ প'জিটিভ কেছৰ সংখ্যা পূৰ্বৰ ৩৬%ৰপৰা ১৬%লৈ হ্ৰাস পাইছে। এয়া সম্ভৱ হৈছে লকডাউন পালনৰ ক্ষেত্ৰত সকলোৰে আপোচবিহীন স্থিতিৰ বাবে। গুৱাহাটীৰ ৰাইজৰ লগতে জিলা প্ৰশাসন আৰু অসম আৰক্ষীক তেওঁলোকৰ এই সহযোগিতা আৰু সমৰ্পিত সেৱাৰ বাবে আন্তৰিক ধন্যবাদ জনাই। গুৱাহাটীবাসীক অত্যাৱশ্যকীয় সকলো সামগ্ৰী যোগান ধৰাৰ লগতে আর্থিকভাৱে পিছপৰা লোকসকলক প্ৰয়োজনীয় সহায় কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিছে । ক'ভিড-১৯ক প্ৰতিহত কৰাত চৰকাৰক এনেদৰেই সহযোগিতা আগবঢ়াই যাবলৈ সকলোকে পুনৰ মাননীয় মূখ্যমন্ত্ৰী গৰাকীয়ে অনুৰোধ জনাই।
8 July, 2020 মঙলবাৰে জনতা ভৱনত সংঘটিত অগ্নিকাণ্ড সন্দৰ্ভত বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়াবৰ্গৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত আজি মাননীয় মুখ্যমন্ত্ৰী শ্ৰী যুত সৰ্বানন্দ সোণোৱালে মিলিত হয়। এই ঘটনাৰ তদন্ত কৰাৰ বাবে সাধাৰণ প্ৰশাসন বিভাগৰ সচিব শ্ৰী গুৰু দত্ত লস্কৰক দায়িত্ব অৰ্পণ কৰাৰ লগতে জনতা ভৱন চৌহদত অগ্নি আৰু জৰুৰীকালীন সেৱা ব্যৱস্থাপনাৰ বাবে হাতত ল'ব লগা ব্যৱস্থাৱলী সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিবলৈ বিষয়াগৰাকীক নিৰ্দেশ প্ৰদান কৰে। বৈঠকত অগ্নিকাণ্ডৰ দৰে দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে জনতা ভৱন চৌহদত এটা ২৪x৭ নিয়ন্ত্ৰণ কক্ষ আৰু প্ৰতিটো ব্ল'কতে 'ছিংগল ছুইটচিং' ব্যৱস্থা সংস্থাপনৰ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে।
8 July, 2020 মাননীয় মুখ্যমন্ত্ৰী শ্ৰী যুত সৰ্বানন্দ সোণোৱালে যোৱাকালি ভিডিঅ' কনফাৰেন্সযোগে কেন্দ্ৰীয় জল শক্তি মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱট, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শ্ৰী ৰতন লাল কাটাৰিয়া আৰু অসম চৰকাৰৰ মন্ত্ৰী শ্ৰী ৰিহণ দৈমাৰীৰ সৈতে যৌথভাৱে 'জল জীৱন মিছন, অসম'ৰ সামগ্ৰিক অগ্ৰগতিৰ পৰ্যালোচনা কৰে। চলিত বিত্তীয় বৰ্ষৰ ভিতৰতে এই মিছনৰ অধীনত ৰাজ্যৰ ১৩.১৫ লাখ পৰিয়ালক টেপ সংযোগেৰে বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ ক্ষেত্ৰত যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিষয়াসকলক মাননীয় মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে।
Subscribe to:
Comments (Atom)
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...















