Wednesday, 8 July 2020
8 July, 2020 মাননীয় মূখ্য মন্ত্রী শ্ৰী যুত সৰ্বানন্দ সোণোৱাল সতীৰ্থ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, শ্ৰী চন্দ্রমোহন পাটোৱাৰী, শ্ৰী ফণীভূষণ চৌধুৰী আৰু উচ্চপদস্থ বিষয়াবৰ্গৰ সৈতে আজি অসমৰ ক'ভিড-১৯ সম্পৰ্কীয় সামগ্ৰিক পৰিস্থিতিৰ পৰ্যালোচনা কৰে। ক'ভিড-১৯ক প্ৰতিহত কৰাৰ বাবে সকলোৱে সাৱধানতা অৱলম্বন কৰাৰ লগতে চৰকাৰী নীতি-নিৰ্দেশনা আখৰে আখৰে মানি চলাটো অত্যন্ত প্ৰয়োজনীয় বুলি মাননীয় মূখ্যমন্ত্ৰী গৰাকীয়ে ব্যক্ত কৰে। গুৱাহাটীত দৈনিক সম্পন্ন হোৱা ক'ভিড-১৯ পৰীক্ষাৰ প'জিটিভ কেছৰ সংখ্যা পূৰ্বৰ ৩৬%ৰপৰা ১৬%লৈ হ্ৰাস পাইছে। এয়া সম্ভৱ হৈছে লকডাউন পালনৰ ক্ষেত্ৰত সকলোৰে আপোচবিহীন স্থিতিৰ বাবে। গুৱাহাটীৰ ৰাইজৰ লগতে জিলা প্ৰশাসন আৰু অসম আৰক্ষীক তেওঁলোকৰ এই সহযোগিতা আৰু সমৰ্পিত সেৱাৰ বাবে আন্তৰিক ধন্যবাদ জনাই। গুৱাহাটীবাসীক অত্যাৱশ্যকীয় সকলো সামগ্ৰী যোগান ধৰাৰ লগতে আর্থিকভাৱে পিছপৰা লোকসকলক প্ৰয়োজনীয় সহায় কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিছে । ক'ভিড-১৯ক প্ৰতিহত কৰাত চৰকাৰক এনেদৰেই সহযোগিতা আগবঢ়াই যাবলৈ সকলোকে পুনৰ মাননীয় মূখ্যমন্ত্ৰী গৰাকীয়ে অনুৰোধ জনাই।
Subscribe to:
Post Comments (Atom)
মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ
প্ৰেছ বিজ্ঞপ্তি তাৰিখ: ২৫ জুলাই, ২০২৬ মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ গোলাঘাট, অসম...
-
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি: ১৪-১২-২০২২ *১৬ ডিচেম্বৰৰ পৰা গোলাঘাটত বিশেষ টিকাকৰন অভিযান ২.০ ...
-
জনসংযোগ গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং ৩৮৪/২০২৩ *গোলাঘাটত ধান ক্ৰয় ব্যৱস্থাৰ পৰ্যালোচনা উপায়ুক্তৰ* ...




No comments:
Post a Comment
Welcome Northeast News India