১৫ অক্টোবৰ, ২০২৩: গোলাঘাট
আজি ইংৰাজী ১৫ অক্টোবৰ ২০২৩ তাৰিখে ৰাজ্যৰ বন আৰু পৰিবেশ ইত্যাদি বিভাগৰ মন্ত্ৰী শ্ৰীযুত চন্দ্ৰমোহন পাটোৱাৰীয়ে কাজিৰঙা পৰ্য্যটন ক্ষেত্ৰ পৰ্য্যটক সকলৰ বাবে মুকলি কৰে। অনুস্থানৰ আৰম্ভণীতে মন্ত্ৰী গৰাকীয়ে কাজিৰঙা স্থিত P D Strachey পুথিভৰাল উদ্ধোধন কৰে আৰু লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চালকালয়ৰ দ্বাৰা প্ৰকাশিত “Eastern Swamp Deer in Kaziranga National Park and Tiger Reserve Assam, India status and Distribution” শীৰ্ষক আৰু শ্রী বুবুল শৰ্মা দ্বাৰা লিখিত “হাতী আৰু মাউত” শীৰ্ষক কিতাপ কেইখনৰ উন্মোচন কৰে। ইয়াৰ পিছতে তেখেতে পৰ্য্যটকৰ বাবে এটা চাইকেল আস্থান মুকলি কৰে। ইয়াৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীপ ছাফাৰী কেন্দ্ৰটো মুকলি কৰে। সমগ্ৰ অনুস্থাতটোত মন্ত্ৰী গৰাকীৰ লগতে ৰাজ্যৰ কৃষি, পশুপালন ইত্যাদি বিভাগৰ মন্ত্ৰী শ্ৰীযুত অতুল বৰা, গোলাঘাটৰ জিলা আয়ুক্ত ডাঃ পি উদয় প্ৰৱীণ, বোকাখাটৰ মহকুমাধিপতি শ্ৰীমতী চিমি কৰন, গোলাঘাটৰ আৰক্ষী অধীক্ষক শ্ৰীযুত ৰাজেন সিং, প্ৰধান মূখ্য বন সংৰক্ষক তথা বনবল মূৰব্বী (অসম) শ্ৰীযুত এম কে যাদৱ, প্ৰধান বন সংৰক্ষক (বন্যপ্ৰানী) আৰু মুখ্য বন্যপ্ৰানী প্ৰৱন্ধক শ্ৰীযুত সন্দীপ কুমাৰ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চালক সোনালী ঘোষ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পূব অসম বন সংমণ্ডলৰ প্ৰাধিকাৰী শ্ৰীযুত অৰুণ বিঘ্নেশ, আৰু অন্যান্য বিষয়া সকল উপস্থিত থাকে। অনুস্থানৰ পিছতে মন্ত্ৰীদ্বয়ে মিহিমূখৰ পৰা জীপ ছাফাৰীত অংশগ্ৰহন কৰে। শেষত মন্ত্ৰী মহোদয়ে “বন-সৃষ্টি” আৰু “অসমী” নামৰ কাজিৰঙাস্থিত দুটা Eco Development Committee তথা আত্মসহায়ক গোট আৰু বিবেচন কেন্দ্ৰ মুকলি কৰে।
ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট
NORTHEAST NEWS INDIA
No comments:
Post a Comment
Welcome Northeast News India