১৫ অক্টোবৰ, ২০২৩: গোলাঘাট
আজি গোলাঘাট জিলাৰ বীৰাংগনা সতী সাধনী কলাক্ষেত্ৰৰ সভাকক্ষত “মোৰ মাটি মোৰ দেশ” ৰ অন্তৰ্গত অমৃত কলহ যাত্ৰা কাৰ্যসূচীৰ অনুষ্ঠান আয়োজন কৰা হয়৷ গোলাঘাট জিলাৰ সকলো পৌৰসভাৰ পৰা মাটি আনি আজিৰ অনুষ্ঠানত একত্ৰিত কৰা হয়। এই অনুস্থানত অসম চৰকাৰৰ বিত্ত ইত্যাদি বিভাগৰ মন্ত্ৰী মাননীয়া শ্ৰীযুতা অজন্তা নেওঁগে মূখ্য অতিথি হিচাপে অংশগ্ৰহন কৰে। অনুস্থানত বোকাখাত, দেৰগাঁও, সৰুপথাৰ আৰু বৰপথাৰ পৌৰসভাৰ পৰা পৌৰপতি সকলৰ লগতে ভালে সংখ্যক লোকে মাটিৰ সৈতে শোভাযাত্ৰা কৰি অনুস্থানৰ উদ্যোক্তা হিচাপে থকা গোলাঘাট পৌৰসভাক যোগদান কৰে। অনুস্থানত মাননীয়া মন্ত্ৰী গৰাকীয়ে আনুস্থানিক ভাৱে সকলো পৌৰসভাৰ মাটি একগোট কৰি নিৰ্দিষ্ট পিতলৰ কলহত আগন্তুক যাত্ৰাৰ বাবে ভৰায়। উল্লেখযোগ্য যে পিতলৰ কলহৰ সৈতে এই মাটি পিছৰ পৰ্য্যায়ৰ কাৰ্যসূচীৰ অংশ হিচাপে দিল্লীলৈ লৈ যোৱা হ’ব৷
আজিৰ সভাত ভাষণ দি মাননীয় মন্ত্ৰী গৰাকীয়ে অমৃত কলহ যাত্ৰাৰ দৰে মহৎ কাৰ্য্যক্ৰমৰ দ্বাৰা দেশৰ প্ৰতিজন নাগৰিকৰ মনত দেশপ্ৰেমৰ ভাৱ জগাই তুলিছে বুলি উল্লেখ কৰাৰ লগতে দেশৰ প্ৰতি জীৱন উৎচৰ্গা কৰা প্ৰতিগৰাকী শ্বহীদ আৰু বীৰক শ্ৰদ্ধাৰে সোঁৱৰে। মন্ত্ৰী গৰাকীয়ে লগতে প্ৰতিজন নাগৰিককে দাসত্বৰ মনোভাৱ ত্যাগ কৰি আত্মনিৰ্ভৰশীল হবলৈ আহ্বান জনায়।
কাৰ্য্যক্ৰমৰ আৰম্ভনিতে গোলাঘাটৰ জিলা আয়ুক্ত ডাঃ পি উদয় প্ৰৱীণে আদৰনি ভাষণ আগবঢায়। আদৰণি ভাষণত জিলা আয়ুক্ত গৰাকীয়ে অমৃত কলহ যাত্ৰাই দেশলৈ কিভাৱে একতাৰ ভাৱ কঢ়িয়াই আনিছে সেয়া কয়। গোলাঘাটৰ বিশিষ্ট ব্যক্তি তথা অৱসৰপ্ৰাপ্ত অধ্যাপিকা ড° তৰালি গগৈয়ে মোৰ মাটি মোৰ দেশৰ ওপৰত বক্তব্য আগবঢায় আৰু ইয়াৰ তাৎপৰ্য ব্যাখ্যা কৰে৷
অনুস্থানত গোলাঘাটৰ জিলা উন্নয়ন আয়ুক্ত শ্ৰীমতী অৰ্পা বাগলাৰী, গোলাঘাট পৌৰসভাৰ পৌৰনেত্ৰী শ্ৰীমতী দুলুমনি বৰবৰা, দেৰগাঁৱৰ পৌৰনেত্ৰী শ্ৰীমতী ৰূপাঞ্জলী ফুকন, বৰপথাৰৰ পৌৰপতি শ্ৰীযুত সঞ্জীৱ বৰুৱা, সৰুপথাৰৰ পৌৰনেত্ৰী শ্ৰীমতী ঊষা ভিলুৱাৰিয়া, বোকাখাতৰ পৌৰপতি শ্ৰী ৰত্নেশ্বৰ বৰুৱাৰ লগতে পৌৰসভাৰ সমূহৰ কাৰ্য্যবাহী বিষয়া সকল, গোলাঘাটৰ বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে।
ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট
NORTHEAST NEWS INDIA
No comments:
Post a Comment
Welcome Northeast News India