১৪ অক্টোবৰ, ২০২৩: গোলাঘাট
ৰাজ্যৰ মহিলা আৰু শিশু সকলৰ সবৰ্তোপ্ৰকাৰৰ বিকাশত গুৰুত্ব দিয়া ৰাজ্য চৰকাৰে মিছন শক্তিৰ অধীনত লোৱা বিভিন্ন কাৰ্যসূচীৰ অংশ হিচাপি আজি ইংৰাজী ১৪ অক্টোবৰ ২০২৩ তাৰিখে গোলঘাট জিলাৰ মক্ৰং চাহ বাগিছাত মহিলা আৰু শিশু বিকাশ বিভাগৰ দ্বাৰা চাহ বাগিছা অঞ্চলত ''মহিলাৰ নিৰাপত্তা, সুৰক্ষা আৰু সৱলীকৰণৰ '' উদেশ্যৰে এখনি সভা অনুস্থিত হয়। উক্ত সভাত অসম চৰকাৰৰ বিত্ত আৰু মহিলা শিশু বিকাশ বিভাগৰ মন্ত্ৰী শ্ৰীযুতা অজন্তা নেওঁগ , ৰাজ্যসভাৰ সাংসদ শ্ৰী কামাখ্যা প্ৰসাদ তাছা , মহিলা আৰু শিশু বিকাশ বিভাগৰ সঞ্চালক শ্ৰী বিভাষ মোডী, গোলাঘাটৰ জিলা আয়ুক্ত ডাঃ পি উদয় প্ৰবীণ, গোলাঘাট জিলা পৰিষদৰ সভানেত্ৰী শ্ৰীমতী হেলিনা দলে পেগু, গোলাঘাটৰ আৰক্ষী অধীক্ষক শ্ৰীযুত ৰাজেন সিং, সদৰ মহকুমাধিপতি শ্ৰীমতী পাপৰি দাস, বিশিষ্ট সমাজকৰ্মী শ্ৰীমতী দেৱপ্ৰদীপ বৰুৱা, আটচাৰ সাধাৰণ সম্পাদক জগদিশ বাৰাইক, বিশিষ্ট সমাজকৰ্মী সঞ্জয় কৃষ্ণ তাঁতী আৰু অনেক গণ্য মান্য ব্যক্তি সকল উপস্থিত থাকে ।
অনুস্থানৰ আৰম্ভনিতে চাহ বাগানৰ কিশোৰী আৰু মহিলা সকলৰ দ্বাৰা নাৰী সজাগতা সুৰক্ষা আৰু সবলীকৰণৰ উদেশ্য এক শুভাযাত্ৰা অনুষ্ঠিত হয়। ইয়াৰ পিছত মন্ত্ৰী মহোদয়াই মিছন শক্তিৰ পতাকা আৰু ষ্টলৰ ফিটা কাটি উদ্ধোধন কৰে । মহিলা আৰু শিশু বিকাশ বিভাগৰ সঞ্চালক বিভাষ মোডীয়ে সভাৰ উদ্বোধনী ভাষণ প্ৰদান কৰে । ভাষনত তেখেতে নাৰী সকলৰ সবলীকৰণ, সুৰক্ষা আৰু নিৰাপত্তাৰ দিশৰ ওপৰত আলোকপাত কৰে। ইয়াৰ পিছতে মন্ত্ৰী মহোদয়াই মহিলাৰ নিৰাপত্তা আৰু সৱলীকৰণৰ প্ৰযোজনীয়তা আৰু চাহ বাগিছাৰ অঞ্চল সমূহৰ মহিলা শিশুৰ সমস্যাৰ আৰু আমাৰ কৰণীয় দিশ সমূহৰ সম্পৰ্কে বক্তব্য দিয়ে। ইয়াৰ লগতে মহিলা আৰু শিশুসকলৰ স্বাস্থ্যৰ প্ৰতি লবলগীয়া যতনৰ বিষয়টোৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। ৰাজ্যসভাৰ সাংসদ তাচায়ে বাগান অঞ্চলৰ বিভিন্ন সামাজিক সমস্যা সমূহ আৰু বাগান কতৃপক্ষৰ ভূমিকা সম্পৰ্কে মতামত আগবঢ়ায়। ইয়াৰ লগতে চাহবাগান অঞ্চলৰ উন্নয়নৰ কাৰনে চৰকাৰে আগবঢ়োৱা ব্যৱস্থা সম্পৰ্কে অৱগত কৰে।
সভাত গোলাঘাটৰ জিলা আয়ুক্ত ডাঃ পি উদয় প্ৰৱীনে চাহ বাগিছা অঞ্চলৰ মহিলা আৰু গৰ্ভৱতী মহিলাৰ স্বাস্থ্যৰ সমস্যাৰ দিশৰ ওপৰত মতামত আগঢ়ায়। বাগান এলেকাৰ বাসিন্দা সকলৰ আধাৰ আৰু বেংক একাউন্ট সম্পৰ্কীয় সমস্যা সমাধানৰ কাৰণে জিলা প্ৰশাসনে প্ৰয়োজনীয় ব্যবস্থা গ্ৰহন কৰাৰ আশ্বাস দিয়ে। জিলা আৰক্ষী আয়ুক্ত শ্ৰী ৰাজেন সিঙে চাহবাগিচাৰ মহিলা আৰু কিশোৰ কিশোৰ তথা শিশু সুৰক্ষাৰ দিশতোৰ ওপৰত আলোকপাত কৰি চৰকাৰে লোৱা ব্যৱস্থা সমূহৰ বিষয়ে অৱগত কৰে৷
মক্ৰং চাহবাগিচাকে ধৰি জিলাখনৰ বহু চাহ বাগিচাৰ সহস্ৰাধিক মহিলাকে ধৰি সাধাৰন ৰাইজে আজিৰ সভাত অংশগ্ৰহণ কৰে৷
ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট
NORTHEAST NEWS INDIA
No comments:
Post a Comment
Welcome Northeast News India