গোলাঘাট, ২৮ চেপ্তেম্বৰ,২০২৩ঃ আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই গোলাঘাট জিলাৰ দেৰগাঁওস্থিত লাচিত বৰফুকন পুলিচ একাডেমীত অসম আৰক্ষীৰ কনিষ্টবল জোৱানৰ দীক্ষান্ত সমাৰোহত ভাগ লয়। পেৰেড গ্ৰাউণ্ডত মুখ্যমন্ত্ৰী গৰাকীয়ে অসম আৰক্ষীৰ জোৱান সকলৰ অভিবাদন গ্ৰহণ কৰে। সমাৰোহত অসম আৰক্ষীৰ নবনিযুক্ত ১১৮সংখ্যক বেট্চৰ ১১৮৫ গৰাকী সশস্ত্ৰ বাহিনী আৰু ১৭৯সংখ্যক বেট্চৰ ৬৩২ গৰাকী অশস্ত্ৰ বাহিনীৰ সৰ্বমুঠ ১৮১৭ প্ৰশিক্ষাত্ৰীয়ে প্ৰশিক্ষণৰ অন্তত আৰক্ষীৰ স্বীকৃতি লাভ কৰে। পুৱা ভাগৰ পৰা আৰম্ভ হোৱা অনুষ্ঠানটোত আৰক্ষী বিভাগৰ কেতবোৰ অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানত সশস্ত্ৰ আৰু অশস্ত্ৰ শাখাৰ বিভিন্ন বিভাগৰ সৰ্বশ্রেষ্ঠ নৱনিযুক্ত আৰক্ষী জোৱান সকলক বটা প্ৰদান কৰা হয়। মুখ্যমন্ত্ৰী গৰাকীয়ে আৰক্ষী জোৱান সকলক নিজ কৰ্মস্থলীলৈ যোৱাৰ প্ৰাকক্ষণত বহু গঠণমূলক পৰামৰ্শ আগবঢ়ায়। তেখেতে নিযুক্তি পোৱা সকলো জোৱানকে দৰিদ্ৰ জনসাধাৰণৰ প্ৰতি সহানুভূতিশীল হ’ৱলৈ আহ্বান জনায়। আজিৰ এই অনুস্থানত অসমৰ কৃষি আৰু পশুপালন ইত্যাদি বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীযুত অতুল বৰা, ৰাজ্য সভাৰ সাংসদ মাননীয় শ্ৰীযুত কামাখ্যা প্ৰসাদ তাচা, দেৰগাওঁ সমষ্টিৰ বিধায়ক শ্ৰীযুত ভবেন ভৰালী, অসম আৰক্ষীৰ সঞ্চালক প্ৰধান শ্ৰীযুত জি পি সিং, অসম চৰকাৰৰ অতিৰিক্ত মূখ্যসচিব শ্রীযুত ৰবি কোটা, গোলাঘাটৰ জিলা আয়ুক্ত ডাঃ পি উদয় প্ৰবীণ, যোৰহাটৰ জিলা আয়ুক্ত শ্রীযুত পুলক মহন্তৰ লগতে আৰক্ষী বিভাগৰ বিষয়া সকল উপস্থিত থাকে।
NORTHEAST NEWS INDIA