Wednesday, 13 September 2023

আয়ুষ্মান ভৱ অভিযানৰ শুভ উদ্বোধনী

*আয়ুষ্মান ভৱ অভিযানৰ শুভ উদ্বোধনী*

*মাননীয় ৰাষ্ট্ৰপতি শ্ৰীযুতা দ্ৰৌপদী মূৰ্মু ডাঙৰীয়ানীৰ দ্বাৰা আয়ুষ্মান ভৱ অভিযানৰ শুভাৰম্ভণি* 

গোলাঘাট ১৩ ছেপ্টেম্বৰ, ২০২৩ঃ স্বাস্থ্য সেৱাৰ আঁচনিসমূহক প্ৰমূল্যবোধেৰে সংপৃক্তকৰণৰ উদ্দেশ্যেৰে আয়ুষ্মান ভৱ অভিযানৰ আজি শুভাৰম্ভ কৰে ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতি শ্ৰীযুতা দ্ৰৌপদী মূর্মু ডাঙৰীয়ানীয়ে।  উক্ত অনুষ্ঠানৰ ডিজিটেল মাধ্যমেৰে দেশৰ ৰাজধানীৰ পৰা শুভাৰম্ভ কৰি মাননিয় ৰাষ্ট্ৰপতি গৰাকীয়ে কয় যে এই অভিযানৰ দ্বাৰা স্বাস্থ্য সেৱাৰ সুবিধা আৰু আঁচনি
সমূহ সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোকে যাতে সহজতে লাভ কৰিব পাৰে তাৰে প্ৰচেষ্টাৰে আয়ুষ্মান ভৱ অভিযানৰ পৰিকল্পনা হাতত লোৱা হৈছে।

আয়ুষ্মান ভৱ অভিযানৰ অন্তৰ্গত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা তথা মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত আয়ুস্মান ভাৰত কাৰ্ড সমূহৰ বিতৰণ, আভা পৰিচয় ক্ৰমাংক তৈয়াৰ কৰা, সংক্ৰমিত - অসংক্ৰমিত ৰোগ নিৰ্ণয়কৰণ, মাতৃ আৰু শিশু স্বাস্থ্যৰ ওপৰত গুৰুত্বৰ প্ৰদান কৰা, যক্ষ্মা ৰোগ নিৰ্মূল কৰণৰ ক্ষেত্ৰত ৰাইজৰ মাজত সজাগতা আৰু পৰীক্ষাৰ ওপৰত জোৰ দিয়াকে আদি কৰি বিভিন্ন স্বাস্থ্য সম্বন্ধীয় বিষয় সাঙুৰি লোৱা হৈছে। 

এই অভিযানৰ কাৰ্যসূচীৰ অন্তৰ্গত প্ৰত্যেক সামূহিক স্বাস্থ্য কেন্দ্ৰ আৰু প্ৰত্যেক স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ সমূহত স্বাস্থ্য মেলাৰ আয়োজন কৰা হব। ইয়াৰ উপৰি স্বাস্থ্য মেলা সমূহত ৰাইজক স্বাস্থ্য সন্মত বিধি - বিধান যেনে টিকাকৰণ, পুষ্টিকৰ খাদ্য, প্ৰাক - প্ৰসৱ-কালিন পৰীক্ষা, এনিমিয়া, পুষ্টিহীনতাত ভোগা শিশুৰ চিনাক্তকৰণ, বয়োজেষ্ঠ জনৰ চিকিৎসাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰাকে আদি কৰি বিভিন্ন চিকিৎসা সম্বন্ধীয় পৰামৰ্শ প্ৰদান কৰা হব।

এই অভিযানৰ লগত সংগতি ৰাখি ২ অক্টোবৰ, ২০২৩ তাৰিখে প্ৰতিটো পঞ্চায়তত গ্ৰাম সভা আৰু নগৰ অঞ্চলৰ ৱাৰ্ড সমূহত সভা অনুষ্ঠিত কৰা হব। এই সভা সমূহত ভি. এইহ. এচ. এণ. চি (গাওঁ স্বাস্থ্য  অনাময় আৰু পুষ্টি সমিতি), জন আৰোগ্য সমিতি আদিৰ জৰিয়তে পঞ্চায়ত আৰু ৱাৰ্ড সমূহত স্বাস্থ্য বিষয়ে আলোচনা আৰু স্বাস্থ্য বিভাগৰ বিভিন্ন আঁচনি সমূহৰ দ্বাৰা ৰাইজৰ কল্যাণৰ দিশত অনুসৰণ কৰা হব। 

আয়ুষ্মান ভৱ অভিয়ানৰ যোগেদি ৰক্তদান শিবিৰ অনুষ্ঠিত কৰা হব আৰু  অংগদানৰ সপত লোৱা হব। এই ক্ষেত্ৰত ৰাইজক ৰক্তদান আৰু অংগদানৰ ওপৰত সজাগ কৰি এই মহান কাৰ্যৰ অংশীদাৰ হোৱাৰ বাবে অণুপ্ৰাণীত কৰা হব। এই অভিযানৰ দ্বাৰা ৰাইজলৈ আহ্বান কৰা হৈছে যাতে তেওঁলোকে এই মহান কাৰ্যৰ দ্বাৰা অন্য লোকৰ স্বাস্থ্য আৰু কল্যাণৰ বাবে আগবাঢ়ি আহে।

আজি এই শুভাৰম্ভ অনুষ্ঠানত  অতিৰিক্ত উপায়ুক্ত ( স্বাস্থ্য বিভাগ) চৈয়দ ৱাচবিৰ সুভানী, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ড: অনুৰাধা বৰুৱা, মহকুমা স্বাস্থ্য বিষয়া ড: ৰঞ্জিত হাজৰিকা, জিলা টি. বি. বিষয়া ড: সুনিতা এক্কা, ৰটাৰী ক্লাবৰ সভাপতি ড০ মিনুৱাৰা বেগম, চাহ বাগান  বাল্য বিকাশ ভৱনৰ সম্পাদক  শ্ৰী সোণেশ্বৰ বাঢ়ৈ, এন. এইহ.   এমৰ জিলা স্বাস্থ্য গোটৰ বিষয়া সকল, আশা কৰ্মী সকল আদি উপস্থিত থাকে।

NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

धरती को पाप मय कर दिया

दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...