গোলাঘাট ১৩ চেপ্তেম্বৰ,২০২৩ঃ আজি গোলাঘাটৰ পদুমনি খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত অনুষ্ঠিত এক পৰ্য্যালোচনা সভাত জিলা আয়ুক্ত ডা: পি উদয় প্ৰবীণে বিভিন্ন আঁচনি যেনে প্ৰধান মন্ত্ৰী আবাস যোজনা গ্ৰামীণ (PMAYG), MGNREGA, পঞ্চদশ বিত্তীয় আয়োগ অনুদানৰ ৰুপায়ণ, নতুন ৰেচন কাৰ্ডৰ আবেদন প্ৰক্ৰিয়া, অমৃত বৃক্ষ আন্দোলন আদি নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। এই সভাত পদুমনি আঞ্চলিক পঞ্চায়তৰ সভাপতি, খণ্ড উন্নয়ন বিষয়া, বিভিন্ন গাঁও পঞ্চায়তৰ সভাপতিসকল , পঞ্চায়তৰ সচিব সমূহ আৰু অনান্য সদস্য তথা খণ্ড উন্নয়ন কাৰ্য্যালয়ৰ কৰ্মচাৰী সকল উপস্থিত আছিল।
NORTHEAST NEWS INDIA
No comments:
Post a Comment
Welcome Northeast News India