জনসংযোগ, গোলাঘাট
গোলাঘাট, ১ ছেপ্তেম্বৰ ২০২৩: ৰাষ্ট্ৰীয় পোষণ মাহ ২০২৩ ৰ লগত সংগতি ৰাখি ৰাজ্যিক পৰ্য্যায়ত গোলাঘাট জিলাতো পোষণ মাহৰ শুভ উদ্বোধন কৰা হয়। গোলাঘাট সমন্বয় খেলপথাৰত অনুষ্ঠিত এই সভাত বিশিষ্ট ব্যক্তি ৰূপে উপস্থিত থাকে অসমৰ মাননীয় বিত্ত তথা মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী শ্ৰীমতী অজন্তা নেওগ, মাননীয় কৃষি মন্ত্রী অতুল বৰা, মাননীয় সাংসদ কামাখ্যা প্ৰসাদ তাছা, সৰুপথাৰ সমষ্টিৰ মাননীয় বিধায়ক বিশ্বজিৎ ফুকন, খুমটাই সমষ্টিৰ মাননীয় বিধায়ক মৃণাল শইকীয়া আৰু অন্যান্য উচ্চস্তৰীয় বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে।
এই সভাত পথ সুৰক্ষাৰ লগত সংগতি ৰাখি জিলা পৰিবহন বিভাগৰ উদ্যোগত এখনি বাটৰ নাট প্ৰদৰ্শন কৰা হয়।
এই অনুষ্ঠানত এখন বাল্য বিবাহ বিৰোধী পুতলা নাচ অংগনবাড়ী সহায়িকা সকলৰ দ্বাৰা প্ৰদৰ্শন কৰা হয়।
মাননীয় কৃষি মন্ত্ৰী গৰাকীয়ে সভাত থলুৱা খাদ্যৰ গুণগত মানৰ বিষয়ে এটি চমু আভাষ প্ৰদান কৰাৰ লগতে মিলেট খেতিৰ দ্বাৰা আৰ্থিক সমৃদ্ধি বঢ়োৱা তথা খাদ্য তালিকাতো মিলেটক অন্তৰ্ভু্ক্ত কৰি এটি সু-স্বাস্থ্যৰ অধিকাৰী হ'ব পাৰে বুলি আশা প্ৰকাশ কৰে। মাননীয় বিত্ত তথা মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী শ্ৰীমতী অজন্তা নেওগে পৰিয়ালৰ মাতৃ সকলক পুষ্টিগত খাদ্য যোগান ধৰাৰ ক্ষেত্ৰত এটি গুৰুতৰ ভূমিকা গ্ৰহণ কৰিবলৈ সকলোকে আহ্বান জনাই।
ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট। NORTHEAST NEWS INDIA
No comments:
Post a Comment
Welcome Northeast News India