*গোলাঘাট নগৰৰ বেঙেনাখোৱা স্থিত স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰত আয়ুষ্মান ভৱ অভিযানৰ অধীনত স্বাস্থ্য মেলা অনুষ্ঠিত*
গোলাঘাট,২৬ ছেপ্টেম্বৰ, ২০২৩ঃ
স্বাস্থ্য সেৱাৰ আঁচনিসমূহক প্ৰমূল্যবোধেৰে সংপৃক্তকৰণৰ উদ্দেশ্যেৰে সমগ্ৰ দেশজুৰি আয়ুস্মান ভৱ অভিযানৰ কাৰ্যসূচী হাতত লোৱা হৈছে। ইয়াৰে অংশ হিচাপে গোলাঘাট বেঙেনাখোৱা স্থিত নগৰীয়া স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰত আয়ুষ্মান ভৱ অভিযানৰ অধীনত আজি ২৬ ছেপ্টেম্বৰ, ২০২৩ তাৰিখে প্ৰথম খন স্বাস্থ্য মেলা অনুষ্ঠিত হয়। এই স্বাস্থ্য মেলাত চিকিৎসক, ষ্টাফ নাৰ্চ, এ.এন. এমৰ দ্বাৰা ৰক্তচাপ, হিমোগ্লবিন, ব্লাড চুগাৰকে আদি কৰি বিভিন্ন পৰীক্ষা কৰা হৈছে। লগতে ৰাইজক স্বাস্থ্য সন্মত বিধি - বিধান, পৰামৰ্শ আদি প্ৰদান কৰা হৈছে।
উল্লেখ্য যে গোলাঘাট জিলাত প্ৰথম সপ্তাহত ১৭ ছেপ্টেম্বৰ, ২০২৩ তাৰিখে ১৫৬ খন মেলা আৰু দ্বিতীয় সপ্তাহত ২৩ ছেপ্টেম্বৰ, ২০২৩ তাৰিখে ১৪৬ খন মেলা ইতিমধ্যে আয়োজিত হৈছে। প্ৰথম সপ্তাহত ১০,৯৩৮ লোকে এই স্বাস্থ্য মেলাৰ যোগেদি স্বাস্থ্য পৰীক্ষাৰ সুযোগ লাভ কৰিছে, ২৩০৩ আভা পৰিচয় ক্ৰমাংক তৈয়াৰ কৰা হৈছে, ১৪৬১ খন আয়ুষ্মান ভাৰত কাৰ্ড বিতৰণ কৰা হৈছে, ১৩৩ তা যোগ শিবিৰ অনুষ্ঠিত হৈছে আৰু ৭৯৮ জন লোকক আয়ুস চিকিৎসা পদ্ধতিৰ অন্তৰ্গত পৰামৰ্শ প্ৰদান কৰা হৈছে। স্বাস্থ্য মেলাৰ যোগেদি ৭৩৫৮ জন লোকে এই পৰ্যন্ত বিনামূলীয়া ঔষধৰ সুবিধা লাভ কৰিছে। স্বাস্থ্য মেলাৰ যোগেদি মুঠ ২৯৮৯ আভা পৰিচয় ক্ৰমাংক ইতিমধ্যে প্ৰস্তুত কৰা হৈছে।
এই মেলা সমূহ প্ৰত্যেক স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ (উপ-স্বাস্থ্য কেন্দ্ৰ আৰু প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ) সমূহত আয়োজিত কৰি থকা হৈছে। এই স্বাস্থ্য মেলা সমূহত প্ৰথম সপ্তাহত অসংক্রমিত ৰোগ আৰু দ্বিতীয় সপ্তাহত যক্ষ্মা ৰোগৰ ওপৰত বিশেষ ভাবে স্বাস্থ্য পৰীক্ষা কৰা হৈছে। ইয়াৰ উপৰিও এই অভিযানৰ দ্বাৰা প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা তথা মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত আয়ুস্মান ভাৰত কাৰ্ড সমূহৰ বিতৰণ, আভা পৰিচয় ক্ৰমাংক তৈয়াৰ কৰা, সংক্ৰমিত - অসংক্ৰমিত ৰোগ নিৰ্ণয়কৰণ, মাতৃ আৰু শিশু স্বাস্থ্যৰ ওপৰত গুৰুত্বৰ প্ৰদান কৰা, যক্ষ্মা ৰোগ নিৰ্মূল কৰণৰ ক্ষেত্ৰত ৰাইজৰ মাজত সজাগতা আৰু পৰীক্ষাৰ ওপৰত জোৰ দিয়াকে আদি কৰি বিভিন্ন স্বাস্থ্য সম্বন্ধীয় বিষয়ৰ ওপৰত সজাগতা বৃদ্ধি কৰা হৈছে।ইয়াৰ উপৰি স্বাস্থ্য মেলা সমূহত ৰাইজক স্বাস্থ্য সন্মত বিধি - বিধান যেনে টিকাকৰণ, পুষ্টিকৰ খাদ্য, প্ৰাক - প্ৰসৱ-কালিন পৰীক্ষা, এনিমিয়া, পুষ্টিহীনতাত ভোগা শিশুৰ চিনাক্তকৰণ, বয়োজেষ্ঠ জনৰ চিকিৎসাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰাকে আদি কৰি বিভিন্ন চিকিৎসা সম্বন্ধীয় পৰামৰ্শ প্ৰদান কৰি থকা হৈছে।
NORTHEAST NEWS INDIA
No comments:
Post a Comment
Welcome Northeast News India