গোলাঘাট ২৩ ছেপ্টেম্বৰ, ২০২৩ঃ স্বাস্থ্য সেৱাৰ আঁচনিসমূহক প্ৰমূল্যবোধেৰে সংপৃক্তকৰণৰ উদ্দেশ্যেৰে সমগ্ৰ দেশজুৰি আয়ুস্মান ভৱ অভিযানৰ কাৰ্যসূচী হাতত লোৱা হৈছে। ইয়াৰে অংশ হিচাপে স্বাস্থ্য মেলা সমূহৰ আয়োজন কৰা হৈছে। গোলাঘাট জিলাত প্ৰথম সপ্তাহত ১৭ ছেপ্টেম্বৰ, ২০২৩ তাৰিখে ১৫৬ খন মেলা আৰু দ্বিতীয় সপ্তাহত ২৩ ছেপ্টেম্বৰ, ২০২৩ তাৰিখে ১৪৬ খন মেলা ইতিমধ্যে আয়োজিত হৈছে। প্ৰথম সপ্তাহত ১০,৯৩৮ লোকে এই স্বাস্থ্য মেলাৰ যোগেদি স্বাস্থ্য পৰীক্ষাৰ সুযোগ লাভ কৰিছে, ২৩০৩ আভা পৰিচয় ক্ৰমাংক তৈয়াৰ কৰা হৈছে, ১৪৬১ খন আয়ুষ্মান ভাৰত কাৰ্ড বিতৰণ কৰা হৈছে, ১৩৩ তা যোগ শিবিৰ অনুষ্ঠিত হৈছে আৰু ৭৯৮ জন লোকক আয়ুস চিকিৎসা পদ্ধতিৰ অন্তৰ্গত পৰামৰ্শ প্ৰদান কৰা হৈছে। স্বাস্থ্য মেলাৰ যোগেদি ৭৩৫৮ জন লোকে বিনামূলীয়া ঔষধৰ সুবিধা লাভ কৰিছে।
এই মেলা সমূহ প্ৰত্যেক স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ (উপ-স্বাস্থ্য কেন্দ্ৰ আৰু প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ) সমূহত আয়োজিত হৈছে। এই স্বাস্থ্য মেলা সমূহত প্ৰথম সপ্তাহত অসংক্রমিত ৰোগ আৰু দ্বিতীয় সপ্তাহত যক্ষ্মা ৰোগৰ ওপৰত বিশেষ ভাবে স্বাস্থ্য পৰীক্ষা কৰা হৈছে। ইয়াৰ উপৰিও এই অভিযানৰ দ্বাৰা প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা তথা মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত আয়ুস্মান ভাৰত কাৰ্ড সমূহৰ বিতৰণ, আভা পৰিচয় ক্ৰমাংক তৈয়াৰ কৰা, সংক্ৰমিত - অসংক্ৰমিত ৰোগ নিৰ্ণয়কৰণ, মাতৃ আৰু শিশু স্বাস্থ্যৰ ওপৰত গুৰুত্বৰ প্ৰদান কৰা, যক্ষ্মা ৰোগ নিৰ্মূল কৰণৰ ক্ষেত্ৰত ৰাইজৰ মাজত সজাগতা আৰু পৰীক্ষাৰ ওপৰত জোৰ দিয়াকে আদি কৰি বিভিন্ন স্বাস্থ্য সম্বন্ধীয় বিষয় সাঙুৰি লোৱা হৈছে। এই অভিযানৰ কাৰ্যসূচীৰ অন্তৰ্গত প্ৰত্যেক সামূহিক স্বাস্থ্য কেন্দ্ৰ আৰু প্ৰত্যেক স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ সমূহত স্বাস্থ্য মেলাৰ আয়োজন কৰা হব। ইয়াৰ উপৰি স্বাস্থ্য মেলা সমূহত ৰাইজক স্বাস্থ্য সন্মত বিধি - বিধান যেনে টিকাকৰণ, পুষ্টিকৰ খাদ্য, প্ৰাক - প্ৰসৱ-কালিন পৰীক্ষা, এনিমিয়া, পুষ্টিহীনতাত ভোগা শিশুৰ চিনাক্তকৰণ, বয়োজেষ্ঠ জনৰ চিকিৎসাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰাকে আদি কৰি বিভিন্ন চিকিৎসা সম্বন্ধীয় পৰামৰ্শ প্ৰদান কৰা হব।এই অভিযানৰ লগত সংগতি ৰাখি ২ অক্টোবৰত প্ৰতিটো পঞ্চায়তত গ্ৰাম সভা আৰু নগৰ অঞ্চলৰ ৱাৰ্ড সমূহত সভা অনুষ্ঠিত কৰা হব বুলি জানিব পৰা গৈছে। এই সভা সমূহত ভি. এইহ. এচ. এণ. চি (গাওঁ স্বাস্থ্য অনাময় আৰু পুষ্টি সমিতি), জন আৰোগ্য সমিতি আদিৰ জৰিয়তে পঞ্চায়ত আৰু ৱাৰ্ড সমূহত স্বাস্থ্য বিষয়ে আলোচনা আৰু স্বাস্থ্য বিভাগৰ বিভিন্ন আঁচনি সমূহৰ দ্বাৰা ৰাইজৰ কল্যাণৰ দিশত অনুসৰণ কৰা হব। জিলা স্বাস্থ্য বিভাগে লগতে জনায় যে,আয়ুষ্মান ভৱ অভিয়ানৰ যোগেদি ৰক্তদান শিবিৰ অনুষ্ঠিত কৰা হব আৰু অংগদানৰ শপত লোৱা হব। এই ক্ষেত্ৰত ৰাইজক ৰক্তদান আৰু অংগদানৰ ওপৰত সজাগ কৰি এই মহান কাৰ্যৰ অংশীদাৰ হোৱাৰ বাবে অণুপ্ৰাণীত কৰা হব। এই অভিযানৰ দ্বাৰা ৰাইজলৈ আহ্বান কৰা হৈছে যাতে তেওঁলোকে এই মহান কাৰ্যৰ দ্বাৰা অন্য লোকৰ স্বাস্থ্য আৰু কল্যাণৰ বাবে আগবাঢ়ি আহে।
NORTHEAST NEWS INDIA
No comments:
Post a Comment
Welcome Northeast News India