সংবাদ প্রতিবেদন
মানৱ জাতিলৈ প্ৰকৃতি ৰক্ষাৰ আহ্বান — মাধৱ গগৈ
অসম, ভাৰতঃ সমাজচিন্তক মাধৱ গগৈয়ে সমগ্ৰ মানৱ সমাজলৈ এক গভীৰ আহ্বান জনাইছে। তেওঁ কয় যে লোভী মানৱৰ কাৰণে দেশৰ সম্পদ দিনক দিনে ধ্বংস হ’বলৈ ধৰিছে। টকাৰ মোহত মানুহে নিজৰ ধৰ্ম, বিবেক আৰু দায়িত্ব পাহৰি পেলাইছে বুলি তেওঁ উদ্বেগ প্ৰকাশ কৰে।
তেওঁৰ মতে বন-পাহাৰ, নদী-নলা, মাটি আৰু সমগ্ৰ জীৱকোলেই পৃথিৱীৰ মূল প্ৰাণ। কিন্তু মানৱৰ অতি লোভ আৰু অসচেতন আচৰণে এই অমূল্য সম্পদসমূহ ধ্বংসৰ পথলৈ ঠেলি দিছে। ইয়াৰ ফলত কেৱল প্ৰকৃতিৰেই ক্ষতি নহয়, আগন্তুক প্ৰজন্মৰ জীৱনো সংকটৰ মুখলৈ গৈছে।
মাধৱ গগৈয়ে কয় যে পৃথিৱী কেৱল বৰ্তমান প্ৰজন্মৰ নহয়; ই আগন্তুক প্ৰজন্মৰো আশ্ৰয়স্থল। যদি মানুহে সময় থাকোঁতেই সজাগ নহয় আৰু প্ৰকৃতি সংৰক্ষণৰ পথলৈ ঘূৰি নাহে, তেন্তে দেশৰ সাম্য ভাঙি পৰিব আৰু মানৱ জাতিৰ অস্তিত্ব বিপন্ন হ’ব পাৰে।
সেয়ে তেওঁ সকলো মানুহক লোভ ত্যাগ কৰি প্ৰকৃতিৰ সন্মান কৰিবলৈ আহ্বান জনায়। বন, নদী আৰু সকলো জীৱকোল ৰক্ষা কৰা মানেই মানৱ জাতিৰ ভৱিষ্যৎ ৰক্ষা কৰা বুলি তেওঁ স্পষ্টকৈ উল্লেখ কৰে।
শেষত তেওঁ মানৱ সমাজক জাগ্ৰত হৈ সত্যৰ পথলৈ ঘূৰি আহিবলৈ আৰু প্ৰকৃতি ৰক্ষা কৰি জীৱন ৰক্ষা কৰিবলৈ আহ্বান জনায়।
Northeast News India
No comments:
Post a Comment
Welcome Northeast News India