Wednesday, 30 June 2021

অহা‌ ইংৰাজী ০১/০৭/২০২১ তাৰিখে ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত উল্লেখ কৰা স্থান/ কেন্দ্ৰসমূহত ক'ভিড ১৯ ৰ দ্বিতীয় পালি টীকা (COVAXIN) প্ৰদানৰ ব্যৱস্থা কৰা হৈছে ।

30 Jun, 2021

অহা‌ ইংৰাজী ০১/০৭/২০২১ তাৰিখে ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত উল্লেখ কৰা স্থান/ কেন্দ্ৰসমূহত ক'ভিড ১৯ ৰ দ্বিতীয় পালি টীকা (COVAXIN) প্ৰদানৰ ব্যৱস্থা কৰা হৈছে । সেয়েহে, ১৮ বছৰৰ পৰা ৪৪ বছৰ বয়সৰ ভিতৰৰ দ্বিতীয় পালি টীকা গ্ৰহণ নকৰা যদি কোনো ব্যক্তি আছে তেন্তে উল্লেখ কৰা কেন্দ্ৰত এই টীকা গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসনৰ তৰফৰপৰা আহ্বান জনোৱা হ'ল । উল্লেখযোগ্য যে, যোৱা ইংৰাজী ৭,৮,১০,১১,১৩,১৪ আৰু ১৫ মে, ২০২১ তাৰিখে উক্ত বয়সৰ যি সকল ব্যক্তিয়ে উল্লেখ কৰা কেন্দ্ৰত প্ৰথম পালি টীকা গ্ৰহণ কৰিছিল, তেওঁলোকে নিৰ্দিষ্ট কেন্দ্ৰত দ্বিতীয় পালি টীকা গ্ৰহণ কৰিব পাৰিব । এই ক্ষেত্ৰত যিকোনো সুবিধাৰ বাবে ৯৩৯৪৬৫০৮৯২ নম্বৰত Whatsapp যোগে যোগাযোগ কৰিব পাৰিব ।

30 Jun, 2021Daily Covid🦠 bulletin Golaghat

30 Jun, 2021

Daily Covid🦠 bulletin Golaghat

30 Jun, 2021Covid session plan Dima Hasao District.on 01/07/2021,

30 Jun, 2021

Covid session plan Dima Hasao District.
on 01/07/2021,

30 Jun, 2021 Covid Vaccination Centres (CVCs) in Biswanath District: on 1/07/2021

30 Jun, 2021

 Covid Vaccination Centres (CVCs) in Biswanath District: on  1/07/2021

গোলাঘাটত অৱস্থিত হোণ্ডাই মটৰ্চ (কৃষ্ণা হোণ্ডাই) নতুনকৈ ক্ৰমে ৬ আৰু ৭খন আসন যুক্ত বাহন অলকাজৰ (ALCAZAR) বিক্ৰী আৰম্ভ কৰে ।

30 Jun, 2021

গোলাঘাটত অৱস্থিত হোণ্ডাই মটৰ্চ (কৃষ্ণা হোণ্ডাই) নতুনকৈ ক্ৰমে ৬ আৰু ৭খন আসন যুক্ত বাহন অলকাজৰ (ALCAZAR) বিক্ৰী আৰম্ভ কৰে ।
আজি প্ৰথম ৭খন আসন যুক্ত বাহন ক্ৰয় কৰে গোলাঘাট ফৰকাটিংৰ প্ৰতিষ্ঠিত ব্যৱসায়ী শ্ৰী দীপক টডিয়ে। শ্ৰী টডি ক্ৰয় কৰা বাহনত বহুতো আধুনিক সা-সুবিধাৰ লগতে ৬ টাকৈ বায়ু বেলুন (Air Bags) সংযুক্ত হৈ আছে যিটো আকস্মিক ফলস্বৰূপ ভুমিকা গ্ৰহণ কৰে। হোণ্ডাইৰ অলকাজৰ (ALCAZAR) ৰ প্ৰাৰম্ভিক মূল্য ১৬,৩০,৩০০/- পৰা আৰম্ভ হৈছে আৰু বাহন খন পেট্ৰল আৰু ডিজেল দুয়োটা সংস্কৰণত উপলব্ধ আছে।আজিৰ এই শুভ বিক্ৰী অনুষ্ঠানত কৃষ্ণ হোণ্ডাই ৰ গোলাঘাট-বোকাখাটৰ মুখ্য পৰিচালক (বিক্ৰী) শ্ৰী পৰশমণি ভট্ট, গোলাঘাটৰ বিক্ৰী প্ৰবন্ধক শ্ৰী জয়ন্ত শইকীয়াকে ধৰি সকলো কৰ্মকৰ্তা উপস্থিতত থাকে।

গোলাঘাটৰ পৰা সঞ্জীৱ কুমাৰ প্ৰজাপতি ৰিপৰ্ট NORTHEAST NEWS INDIA

30 Jun, 2021Golaghat Covid🦠 Details

30 Jun, 2021

Golaghat Covid🦠 Details

30 Jun, 2021COVID-19🦠 update in Dima Hasao District 29-06-21

30 Jun, 2021

COVID-19🦠  update in
 Dima Hasao District 29-06-21

30 Jun, 2021Covid Update Assam Covid19 Assam and actions taken as on 29/06/2021.

30 Jun, 2021

Covid Update Assam 

Covid19 Assam  and actions taken as on 29/06/2021.

Tuesday, 29 June 2021

গোলাঘাটৰ ক’ভীড-১৯ ৰ চিকিৎসালয়ত যোৱাৰাতি এক অমানবীয় ঘটনা সংঘটিত হ’ল ৷

 29 Jun, 2021


গোলাঘাটৰ ক’ভীড-১৯ চিকিৎসালয়ত -------

নিৰাপত্তাৰক্ষীয়ে প্ৰহাৰ কৰিলে ৭৮ বছৰীয়া বৃদ্ধ ৰোগীক 

জিলাৰ বাতৰি দিওতা গোলাঘাট :২৯ জুন


গোলাঘাটৰ ক’ভীড-১৯ ৰ চিকিৎসালয়ত যোৱাৰাতি এক অমানবীয় ঘটনা সংঘটিত হ’ল  ৷


নাতিৰ বয়সৰ নিৰাপত্তাৰক্ষীয়ে  এজন ৭৮ বছৰ বয়োবৃদ্ধ ব্যক্তিক প্ৰহাৰ কৰাক লৈ এক অবাঞ্চিত পৰিবেশৰ সৃষ্টি হয় ৷ এই অমানবীয় কৰ্মত লীপ্ত চিকিৎসালয়ৰ ক’ভীড-১৯ আক্ৰান্ত ব্যক্তিৰ সুৰক্ষাত নিয়োজিত অজিত বৰা নামৰ আৰক্ষীৰ লোকজন ৷ অভিযোগমতে গোলাঘাটৰ চেঙাজান চাহ বাগিছাৰ অবসৰপ্ৰাপ্ত কৰ্মচাৰী তথা তেতেলীতলৰ বাসিন্দা বিনয় চেতীয়া নামৰ ৭৮ বছৰীয়া লোকজনক ২৮ মে’ত গোলাঘাটৰ ক’ভীড-১৯ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল  ৷ দেওবাৰৰ পৰা তেওঁ মানসিক ৰোগত ভোগি আছিল ৷ কালি  নিশা বিনয় চেতীয়া নামৰ ৰোগীজনক চিকিৎসালয়ৰ  ভিতৰত নিয়োজিত আৰক্ষীৰ লোক অজিত বৰাই হাত ভৰি আদিত অতি নিৰ্মমভাবে প্ৰহাৰ কৰে ৷ এই ঘটনাৰ পাছত মঙ্গলবাৰে পুৱা বিনয়চেতিয়াৰ পুত্ৰ পৰাগ চেতিয়াই গোলাঘাট থানাত অজিত বৰাৰ বিৰুদ্ধে গোচৰ তৰিছে ৷ ৰোগীৰ আৰোগ্যৰ বাবে ৰখা নিৰাপত্তাৰক্ষীৰ এই গৰ্হিত কায্যক সচেতন মহলে গৰিহণা দিছে ৷ আনহাতে গোলাঘাটৰ ক’ভীড-১৯ ৰ হস্পিতালত সৃষ্টি হৈছে কদয্যময় পৰিবেশৰ ৷ এটা পৰিয়াল একেলগে আক্ৰান্ত হৈ  এই চিকিৎসালয়ল আছে ৷ তেওলোকে উদঙাইছে এই চিকিৎসালয়ৰ ভিতৰৰ স্বৰূপ   ::


 গোলাঘাটৰ পৰা প্ৰকাশ শৰ্মা ৰিৰ্পত নৰ্থইষ্ট নিউজ ইণ্ডিয়া।

29 Jun, 2021Daily COVID-19🦠😷 Bulletin Golaghat

29 Jun, 2021

Daily COVID-19🦠😷 Bulletin Golaghat

29 Jun, 2021Golaghat Covid🦠 Details

29 Jun, 2021

Golaghat Covid🦠 Details

*গোলাঘাটত জাপানীজ এনকেফেলাইটিছ আৰু এইএছৰ জিলা কৰ্ম বাহিনীৰ সভা* *চাহ বাগিচা, খেতি পথাৰ আৰু গাহৰি পোহা অঞ্চলসমূহত জাপানীজ এনকেফেলাইটিছৰ বিৰুদ্ধে সজাগতা বৃদ্ধিত গুৰুত্ব আৰোপ উপায়ুক্তৰ* *নগৰ অঞ্চলত পানী জমা হৈ থকা উৎসসমূহ নোহোৱা কৰাৰ লগতে ধোঁৱা দিয়াৰ ব্যৱস্থা কৰাৰ নির্দেশ*

29 Jun, 2021

প্ৰেছ বিজ্ঞপ্তি নং : ১১০ জনসংযোগ, গোলাঘাট

 *গোলাঘাটত জাপানীজ এনকেফেলাইটিছ আৰু এইএছৰ জিলা কৰ্ম বাহিনীৰ সভা* 

 *চাহ বাগিচা, খেতি পথাৰ আৰু গাহৰি পোহা অঞ্চলসমূহত জাপানীজ এনকেফেলাইটিছৰ বিৰুদ্ধে সজাগতা বৃদ্ধিত গুৰুত্ব আৰোপ উপায়ুক্তৰ* 

 *নগৰ অঞ্চলত পানী জমা হৈ থকা উৎসসমূহ নোহোৱা কৰাৰ লগতে ধোঁৱা দিয়াৰ ব্যৱস্থা কৰাৰ নির্দেশ* 

গোলাঘাট, ২৯ জুন : গোলাঘাট জিলাৰ উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিঙে জুলাই মাহৰ পৰা ছেপ্টেম্বৰ মাহলৈকে এই সময়ছোৱাত জাপানীজ এনকেফেলাইটিছ আৰু একিউট এনকেফেলাইটিছ ছিনড্ৰম চমুকৈ এ ই এছৰ সম্ভাব্য প্ৰাদূৰ্ভাৱৰ প্ৰতি লক্ষ্য ৰাখি জনসাধাৰণক বিশেষভাৱে সতৰ্ক হ'বলৈ আহ্বান জনাইছে । বিশেষকৈ চাহ বাগিচা অঞ্চল, খেতি পথাৰ আৰু গাহৰি পোহা অঞ্চলসমূহত এই ৰোগৰ প্ৰতি সজাগতা বৃদ্ধিৰ বিষয়ত তেওঁ গুৰুত্ব আৰোপ কৰে । আজি উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত ৰাষ্ট্ৰীয় বাহকজনিত ৰোগ নিয়ন্ত্ৰণ কাৰ্যসূচী, গোলাঘাটৰ উদ্যোগত অনুষ্ঠিত জাপানীজ এনকেফেলাইটিছ আৰু এইএছৰ জিলা কৰ্মবাহিনীৰ বৈঠকত উপায়ুক্তগৰাকীয়ে এই আহ্বান জনায় । উল্লিখিত সময়ছোৱাত গাহৰিৰ পৰা যিমান পাৰি আঁতৰি থাকিবলৈ আহ্বান জনাই তেওঁ কয় যে ক'ভিড পৰিস্থিতি কিছু নিয়ন্ত্ৰনলৈ অহাৰ লগে লগেই তেজৰ নমুনা পৰীক্ষাৰ সংখ্যা বৃদ্ধি কৰিব লাগিব । তেওঁ নগৰ অঞ্চলত মহে বংশবৃদ্ধি কৰিব নোৱাৰাকৈ পানী জমা হৈ থকা থাৰ্মকল, পুৰণা টায়াৰ আদি উৎসসমূহ নোহোৱা কৰাৰ লগতে ধোঁৱা দিয়াৰ ব্যৱস্থা কৰিবলৈও নিৰ্দেশ দিয়ে । উপায়ুক্তগৰাকীয়ে নগৰ অঞ্চলসমূহৰ জাপানীজ এনকেফেলাইটিছ আৰু এইএছৰ প্ৰাদূৰ্ভাৱৰ আশংকা থকা এলেকাসমূহ মেলেৰিয়া আৰু পৌৰ সভাৰ দলে নিয়মীয়াকৈ পৰিদৰ্শন কৰাৰ বিষয়তো গুৰুত্ব আৰোপ কৰে ।  প্ৰতিটো বিভাগৰ সহযোগিতা আৰু সজাগতাইহে এই ৰোগ নিৰ্মূল কৰিব পাৰিব বুলি তেওঁ মত প্ৰকাশ কৰে । অনুষ্ঠানত অংশ লৈ স্বাস্থ্য সেৱা,গোলাঘাটৰ যুটীয়া সঞ্চালক ডাঃ অৰুণ চন্দ্ৰ মহন্তই জ্বৰ হ'লে অৱহেলা নকৰি যিমান পাৰি সোনকালে চিকিৎসালয়লৈ আহিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায় । জ্বৰ উঠি ঘৰতে সংজ্ঞাহীন হৈ পৰা মানুহক কোনো কাৰণতে চিকিৎসালয়লৈ ব্যক্তিগত বাহনেৰে নানি এম্বুলেন্সতহে আনিবলৈ তেওঁ সতৰ্ক কৰি দিয়ে । তেওঁ লগতে পৰৱৰ্তী ৩ মাহৰ বাবে গাহৰি গড়ালত আঁঠুৱা ব্যৱহাৰ কৰিবলৈ গাহৰি পালকসকলৰ প্ৰতি আহ্বান জনায় । তেওঁ বৰ্তমান খেতিৰ সময়ছোৱাত পথাৰত জমা হৈ থকা পানীত বংশবৃদ্ধি কৰা মহে যাতে কামুৰিব নোৱাৰে তাৰ বাবে খেতিয়কসকলক দীঘল হাতৰ চোলা পিন্ধিবলৈ আহ্বান জনায় । অনুষ্ঠানত জিলা মেলেৰিয়া বিষয়া নৱনীতা দাসে পাৱাৰপইণ্ট প্ৰেজেণ্টেচনৰ সহায়ত গোলাঘাট জিলাত জাপানীজ এনকেফেলাইটিছ আৰু এইএছৰ বৰ্তমান স্থিতি আৰু ইয়াৰ সম্ভাব্য প্ৰাদুৰ্ভাৱ ৰোধ কৰাৰ ক্ষেত্ৰত বিভিন্ন বিভাগৰ দায়িত্বসমূহৰ বিষয়ে অৱগত কৰায় । তেওঁ হঠাতে জ্বৰ উঠা, মানসিক ভ্ৰম, সংজ্ঞাহীনতা আদি লক্ষণ দেখা দিলে অতি সোনকালেই চিকিৎসকৰ পৰামৰ্শ ল'বলৈ আহ্বান জনায় । ইয়াৰ পূৰ্বে গোলাঘাট জিলাৰ মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া (চি ডি) ডাঃ নীলিমা ফুকনে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে । বৈঠকত স্বাস্থ্য বিভাগৰ লগতে জিলা প্ৰশাসন আৰু বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত আছিল ।  

 *জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*

29 Jun, 2021COVID-19🦠😷 Vaccination Session site list Golaghat District. On 30/06/2021

29 Jun, 2021

COVID-19🦠😷 Vaccination Session site list Golaghat District. On 30/06/2021

29 Jun, 2021COVID-19🦠 update in Dima Hasao District date 28-06-2021

29 Jun, 2021

COVID-19🦠  update in
 Dima Hasao District date 28-06-2021

29 Jun, 2021আপোনাৰ সপোনৰ বাজেটখন বাস্তৱায়িত কৰাৰ দিশত আপুনিও লওঁক আগভাগ। ২০২১-২২ বিত্তীয় বৰ্ষৰ বাজেটখন সর্বাংগ সুন্দৰ ৰূপত প্ৰস্তুত কৰিবলৈ অসমৰ জনসাধাৰণৰ পৰা বিভিন্ন বিষয়ত উদ্ভাৱনীমূলক তথা বহুমূলীয়া পৰামৰ্শ বিচাৰি আহ্বান মাননীয়া বিত্তমন্ত্ৰী শ্ৰী অজন্তা নেওগৰ। পৰামৰ্শ প্ৰদানৰ অন্তিম দিন ৩ জুলাই, ২০২১।

29 Jun, 2021

আপোনাৰ সপোনৰ বাজেটখন বাস্তৱায়িত কৰাৰ দিশত আপুনিও লওঁক আগভাগ। ২০২১-২২ বিত্তীয় বৰ্ষৰ বাজেটখন সর্বাংগ সুন্দৰ ৰূপত প্ৰস্তুত কৰিবলৈ অসমৰ জনসাধাৰণৰ পৰা বিভিন্ন বিষয়ত উদ্ভাৱনীমূলক তথা বহুমূলীয়া পৰামৰ্শ বিচাৰি আহ্বান মাননীয়া বিত্তমন্ত্ৰী শ্ৰী অজন্তা নেওগৰ। পৰামৰ্শ প্ৰদানৰ অন্তিম দিন ৩ জুলাই, ২০২১।

29 Jun, 2021Covid Update Assam Covid19 Assam and actions taken as on 28/06/2021.

29 Jun, 2021

Covid Update Assam 

Covid19 Assam and actions taken as on 28/06/2021.

Monday, 28 June 2021

ডিব্ৰুগড় জিলা প্ৰশাসনৰ সৌজন্যত অহা ইংৰাজী ২৯/০৬/২০২১ তাৰিখে জিলাখনৰ উল্লেখিত স্থান/কৰ্মস্থান সমূহত ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ ব্যক্তিসকল, যি ক'ভিড ১৯ ৰ প্ৰথম পালি টীকা গ্ৰহণৰ ৮৪ দিন অতিক্ৰম কৰিলে, তেনে ব্যক্তিসকলক (COVISHIELD) ৰ দ্বিতীয় পালি টীকা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে ।

28 Jun, 2021

ডিব্ৰুগড় জিলা প্ৰশাসনৰ সৌজন্যত অহা ইংৰাজী ২৯/০৬/২০২১ তাৰিখে জিলাখনৰ উল্লেখিত স্থান/কৰ্মস্থান সমূহত ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ ব্যক্তিসকল, যি ক'ভিড ১৯ ৰ প্ৰথম পালি টীকা গ্ৰহণৰ ৮৪ দিন অতিক্ৰম কৰিলে, তেনে ব্যক্তিসকলক (COVISHIELD) ৰ দ্বিতীয় পালি টীকা প্ৰদানৰ ব্যৱস্থা  কৰা হৈছে । উল্লেখ্য যে, ক'ভিড ১৯ৰ অতিমাত্ৰা সংক্ৰমিত অঞ্চলত অৱস্থিত আৰু ক'মৰ্বিদিতি (CO-MORBIDITY) ৰোগত আক্ৰান্ত হোৱা কেৱল ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ ব্যক্তিসকলেও উল্লেখ কৰা কেন্দ্ৰসমূহত Spot Registration কৰি প্ৰথম পালি টীকা গ্ৰহণৰ সুবিধা লাভ কৰিব । জিলা প্ৰশাসনে এইক্ষেত্ৰত ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব  আৰু  ক'ভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।

ডিব্ৰুগড় জিলা প্ৰশাসনৰ সৌজন্যত অহা ইংৰাজী ২৯/০৬/২০২১ তাৰিখে জিলাখনৰ উল্লেখিত স্থান/কেন্দ্ৰসমূহত গাওঁ পঞ্চায়তৰ এলেকাধীন ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ ব্যক্তিসকলৰ বাবে ক'ভিড ১৯ ৰ প্ৰথম পালি টীকা (COVISHIELD) প্ৰদানৰ ব্যৱস্থা কৰা হৈছে

28 Jun, 2021

ডিব্ৰুগড় জিলা প্ৰশাসনৰ সৌজন্যত অহা ইংৰাজী ২৯/০৬/২০২১ তাৰিখে জিলাখনৰ উল্লেখিত স্থান/কেন্দ্ৰসমূহত গাওঁ পঞ্চায়তৰ এলেকাধীন ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ ব্যক্তিসকলৰ বাবে ক'ভিড ১৯ ৰ প্ৰথম পালি টীকা (COVISHIELD) প্ৰদানৰ ব্যৱস্থা  কৰা হৈছে ।  Spot Registration কৰি কেৱল নিৰ্দিষ্ট পঞ্চায়তৰ অন্তৰ্গত ব্যক্তিসকলেহে এই টীকা গ্ৰহণৰ সুবিধা লাভ কৰিব । জিলা প্ৰশাসনে এইক্ষেত্ৰত ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব  আৰু  ক'ভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।

ডিব্ৰুগড় জিলা প্ৰশাসনৰ সৌজন্যত ,অহা ইংৰাজী ২৯/০৬/২০২১ তাৰিখে জিলাখনৰ উল্লেখিত চাহবাগিছাসমূহত অৱস্থিত টীকাকৰণ কেন্দ্ৰসমূহত ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ চাহ বাগিচাৰ বাসিন্দা সকলৰ বাবে ক'ভিড ১৯ ৰ প্ৰথম পালি টীকা(covishield) প্ৰদানৰ ব্যৱস্থা কৰা হৈছে ।

28 Jun, 2021

ডিব্ৰুগড় জিলা প্ৰশাসনৰ সৌজন্যত ,অহা ইংৰাজী ২৯/০৬/২০২১ তাৰিখে জিলাখনৰ উল্লেখিত চাহবাগিছাসমূহত অৱস্থিত টীকাকৰণ কেন্দ্ৰসমূহত ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ চাহ বাগিচাৰ বাসিন্দা সকলৰ বাবে ক'ভিড ১৯ ৰ  প্ৰথম পালি  টীকা(covishield) প্ৰদানৰ ব্যৱস্থা  কৰা হৈছে । লগতে উক্ত বয়সৰ লোকসকল, যিসকলৰ প্ৰথম পালি ক'ভিড ১৯ টীকা গ্ৰহণৰ ৮৪ দিন উকলি গৈছে তেওঁলোকে এই কেন্দ্ৰসমূহতে দ্বিতীয় পালি কভিশ্বীল্ড  টীকা গ্ৰহণৰ সুবিধা লাভ কৰিব ।  ইচ্ছুক ব্যক্তিয়ে থলীতে কৰা পঞ্জীয়নৰ যোগেদি এই টীকাকৰণৰ সুবিধা গ্ৰহণ কৰিব পাৰিব । এইক্ষেত্ৰত জিলা প্ৰশাসনে  ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব  আৰু  ক'ভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।

28 Jun, 2021অহা ইংৰাজী ২৯/০৬/২১ তাৰিখে ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত ক'ভিড ১৯ ৰ টীকাকৰণৰ কাৰ্য্যসূচীৰ অন্তৰ্গত উল্লেখ কৰা স্থান/কেন্দ্ৰত ৪৫ বছৰ বয়সৰ উৰ্দ্ধৰ আৰু Front Line Workers (FLW) ব্যক্তি সকলৰ বাবে ক'ভিড ১৯ ৰ দ্বিতীয় পালি টীকা(Covaxin) প্ৰদানৰ ব্যৱস্থা কৰা হৈছে । উল্লেখযোগ্য যে, এই টীকা প্ৰদানৰ ক্ষেত্ৰত উক্ত কেন্দ্ৰসমূহত প্ৰথম পালি টীকা গ্ৰহণ কৰাৰ ৪২ দিন অতিক্ৰম কৰা (৪৫ বছৰৰ উৰ্দ্ধৰ) ব্যক্তিসকলক অগ্ৰাধিকাৰ দিয়া হ'ব। জিলা প্ৰশাসনে এইক্ষেত্ৰত ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব আৰু ক'ভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।

28 Jun, 2021

অহা ইংৰাজী ২৯/০৬/২১ তাৰিখে ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত ক'ভিড ১৯ ৰ টীকাকৰণৰ কাৰ্য্যসূচীৰ অন্তৰ্গত উল্লেখ কৰা স্থান/কেন্দ্ৰত ৪৫ বছৰ বয়সৰ  উৰ্দ্ধৰ আৰু Front Line Workers (FLW) ব্যক্তি সকলৰ বাবে ক'ভিড ১৯ ৰ  দ্বিতীয় পালি টীকা(Covaxin) প্ৰদানৰ ব্যৱস্থা  কৰা হৈছে । উল্লেখযোগ্য যে, এই টীকা প্ৰদানৰ ক্ষেত্ৰত উক্ত কেন্দ্ৰসমূহত প্ৰথম পালি টীকা গ্ৰহণ কৰাৰ ৪২ দিন অতিক্ৰম কৰা (৪৫ বছৰৰ উৰ্দ্ধৰ) ব্যক্তিসকলক অগ্ৰাধিকাৰ দিয়া হ'ব। জিলা প্ৰশাসনে এইক্ষেত্ৰত ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব  আৰু  ক'ভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।

অহা ২৯ জুন ২০২১ তাৰিখে কাকজান কলেজ আৰু টীয়ক CKB কলেজত ১৮ বছৰ বয়সৰ পৰা ৪৪ বছৰৰ ভিতৰৰ ব্যক্তিসকলক ক'ভিড প্ৰতিষেধক ক'ভেক্সিনৰ দ্বিতীয় পালি প্ৰতিষেধক প্ৰদান কৰা হ'ব৷

28 Jun, 2021

অহা ২৯ জুন ২০২১ তাৰিখে কাকজান কলেজ আৰু  টীয়ক CKB  কলেজত ১৮ বছৰ বয়সৰ পৰা ৪৪ বছৰৰ ভিতৰৰ  ব্যক্তিসকলক ক'ভিড প্ৰতিষেধক ক'ভেক্সিনৰ দ্বিতীয় পালি প্ৰতিষেধক প্ৰদান কৰা হ'ব৷

 যোৱা ১৬ মে' ২০২১ তাৰিখে যি  সকল লোকে ক'ভেক্সিনৰ প্ৰথম পালি  প্ৰতিষেধক গ্ৰহণ কৰিছিল  সেইসকলে  কাইলৈ দ্বিতীয় পালি প্ৰতিষেধক ল'ব পাৰিব।

একেটা কেন্দ্ৰতে  গৈ  নাম ৰেজিষ্ট্ৰাৰ কৰি দ্বিতীয় পালি ক'ভিড প্ৰতিষেধক গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসনে আহ্বান জনাইছে ।

সময়: ৰাতিপুৱা ৯:৩০ বজাৰ পৰা দিনৰ ২ বজাৰ ভিতৰত। 

নিজৰ পৰিচয় পত্ৰৰ লগতে  ম'বাইলত অহা এছ এম এছ বা প্ৰমান পত্ৰ লগত লৈ যাব লাগিব৷

Directorate of Information and Public Relations, Assam

28 Jun, 2021Daily COVID-19🦠😷 bulletin Golaghat

28 Jun, 2021

Daily COVID-19🦠😷 bulletin Golaghat

28 Jun, 2021Golaghat Covid🦠 Details

28 Jun, 2021

Golaghat Covid🦠 Details

28 Jun, 2021Dima Hasao Covid Vaccination session plan on 29/06/2021 , Assam.

28 Jun, 2021

Dima Hasao Covid Vaccination session plan on 29/06/2021 , Assam.

28 Jun, 2021Covid Update Assam Covid19 Assam and actions taken as on 27/06/2021.

28 Jun, 2021

Covid Update Assam 

Covid19 Assam and actions taken as on 27/06/2021.

28 Jun, 2021COVID-19🦠😷 Vaccination Session site list Golaghat District. On 28/06/2021

28 Jun, 2021

COVID-19🦠😷 Vaccination Session site list Golaghat District. On 28/06/2021

Sunday, 27 June 2021

27 Jun, 2021

27 Jun, 2021

27 Jun, 2021Planned Covid Vaccination Centres CVCs for tomorrow 28/06/2021 in Biswanath District:

27 Jun, 2021

Planned Covid Vaccination Centres CVCs for tomorrow 28/06/2021 in Biswanath District:

27 Jun, 2021

27 Jun, 2021Dima Hasao Covid Vaccination Session Plan on 28th June, 2021

27 Jun, 2021

Dima Hasao Covid Vaccination Session Plan on 28th June, 2021

27 Jun, 2021অহা ইংৰাজী ২৮/০৬/২১ তাৰিখে ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত উল্লেখ কৰা গাওঁ পঞ্চায়ত অঞ্চলৰ স্থান/কেন্দ্ৰত ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ ব্যক্তি সকলৰ বাবে ক'ভিড ১৯ ৰ প্ৰথম পালি টীকা(covishield) প্ৰদানৰ ব্যৱস্থা কৰা হৈছে । উল্লেখযোগ্য যে, এই টীকা প্ৰদানৰ ক্ষেত্ৰত কেন্দ্ৰ সমূহত উক্ত বয়সৰ লোক সকলৰ spot registration কৰা হ'ব । জিলা প্ৰশাসনে এইক্ষেত্ৰত ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব আৰু ক'ভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।

27 Jun, 2021

অহা ইংৰাজী ২৮/০৬/২১ তাৰিখে ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত  উল্লেখ কৰা গাওঁ পঞ্চায়ত অঞ্চলৰ স্থান/কেন্দ্ৰত ১৮ বছৰ বয়সৰ  উৰ্দ্ধৰ ব্যক্তি সকলৰ বাবে ক'ভিড ১৯ ৰ  প্ৰথম পালি টীকা(covishield) প্ৰদানৰ ব্যৱস্থা কৰা হৈছে । উল্লেখযোগ্য যে, এই টীকা প্ৰদানৰ ক্ষেত্ৰত কেন্দ্ৰ সমূহত উক্ত বয়সৰ লোক সকলৰ spot registration কৰা হ'ব । জিলা প্ৰশাসনে এইক্ষেত্ৰত ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব  আৰু  ক'ভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।

অহা ইংৰাজী ২৮/০৬/২১ তাৰিখে ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত উল্লেখিত স্থান/কেন্দ্ৰত ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ ব্যক্তি সকলৰ বাবে ক'ভিড ১৯ ৰ প্ৰথম পালি টীকা(covishield) প্ৰদানৰ ব্যৱস্থা কৰা হৈছে । উল্লেখযোগ্য যে, এই টীকা প্ৰদানৰ ক্ষেত্ৰত কেন্দ্ৰ সমূহত উক্ত বয়সৰ লোক সকলৰ spot registration কৰা হ'ব।

27 Jun, 2021

অহা ইংৰাজী ২৮/০৬/২১ তাৰিখে ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত উল্লেখিত স্থান/কেন্দ্ৰত ১৮ বছৰ বয়সৰ  উৰ্দ্ধৰ ব্যক্তি সকলৰ বাবে ক'ভিড ১৯ ৰ  প্ৰথম পালি টীকা(covishield) প্ৰদানৰ ব্যৱস্থা  কৰা হৈছে । উল্লেখযোগ্য যে, এই টীকা প্ৰদানৰ ক্ষেত্ৰত কেন্দ্ৰ সমূহত উক্ত বয়সৰ লোক সকলৰ spot registration কৰা হ'ব। লগতে উক্ত বয়সৰ লোকসকল, যিসকলৰ প্ৰথম পালি ক'ভিড ১৯ টীকা গ্ৰহণৰ ৮৪ দিন উকলি গৈছে তেওঁলোকে এই কেন্দ্ৰসমূহতে দ্বিতীয় পালি টীকা গ্ৰহণৰ সুবিধা লাভ কৰিব । জিলা প্ৰশাসনে এইক্ষেত্ৰত ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব  আৰু  ক'ভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।

অহা ইংৰাজী ২৮/০৬/২১ তাৰিখে ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত ক'ভিড ১৯ ৰ টীকাকৰণৰ কাৰ্য্যসূচীৰ অন্তৰ্গত উল্লেখ কৰা স্থান/কেন্দ্ৰত ৪৫ বছৰ বয়সৰ উৰ্দ্ধৰ আৰু Front Line Workers (FLW) ব্যক্তি সকলৰ বাবে ক'ভিড ১৯ ৰ দ্বিতীয় পালি টীকা(Covaxin) প্ৰদানৰ ব্যৱস্থা কৰা হৈছে ।

27 Jun, 2021

অহা ইংৰাজী ২৮/০৬/২১ তাৰিখে ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত ক'ভিড ১৯ ৰ টীকাকৰণৰ কাৰ্য্যসূচীৰ অন্তৰ্গত উল্লেখ কৰা স্থান/কেন্দ্ৰত ৪৫ বছৰ বয়সৰ  উৰ্দ্ধৰ আৰু Front Line Workers (FLW) ব্যক্তি সকলৰ বাবে ক'ভিড ১৯ ৰ  দ্বিতীয় পালি টীকা(Covaxin) প্ৰদানৰ ব্যৱস্থা  কৰা হৈছে । উল্লেখযোগ্য যে, এই টীকা প্ৰদানৰ ক্ষেত্ৰত উক্ত কেন্দ্ৰসমূহত প্ৰথম পালি টীকা গ্ৰহণ কৰাৰ ৪২ দিন অতিক্ৰম কৰা (৪৫ বছৰৰ উৰ্দ্ধৰ) ব্যক্তিসকলক অগ্ৰাধিকাৰ দিয়া হ'ব। জিলা প্ৰশাসনে এইক্ষেত্ৰত ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব  আৰু  ক'ভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।

27 Jun, 2021Daily COVID-19🦠😷 bulletin Golaghat

27 Jun, 2021

Daily COVID-19🦠😷 bulletin Golaghat

*গোলাঘাটত কৃষিমন্ত্ৰী অতুল বৰাৰ কোভিড পৰিস্থিতিৰ পৰ্য্যালোচনা* *স্বাস্থ্য বিভাগৰ নতুন নীতি-নিৰ্দেশনাসমূহ কঠোৰভাৱে বলৱৎ কৰাৰ নিৰ্দেশ* *কণ্টেইনমেণ্ট জ'নত কৃষিৰ সৈতে জড়িত লোকসকলে যাতে বৰ্তমানৰ খেতিৰ সময়ছোৱাত সমস্যাৰ সন্মুখীন নহয় সেইয়া সুনিশ্চিত কৰাৰ নিৰ্দেশ* *চাহ বাগিচাসমূহলৈ বাহিৰৰ পৰা পৰা আনিব নোৱাৰিব শ্ৰমিক*

27 Jun, 2021

প্ৰেছ বিজ্ঞপ্তি নং : ১০৯ জনসংযোগ, গোলাঘাট

 *গোলাঘাটত কৃষিমন্ত্ৰী অতুল বৰাৰ কোভিড পৰিস্থিতিৰ পৰ্য্যালোচনা* 

 *স্বাস্থ্য বিভাগৰ নতুন নীতি-নিৰ্দেশনাসমূহ কঠোৰভাৱে বলৱৎ কৰাৰ নিৰ্দেশ* 

 *কণ্টেইনমেণ্ট জ'নত কৃষিৰ সৈতে জড়িত লোকসকলে যাতে বৰ্তমানৰ খেতিৰ সময়ছোৱাত সমস্যাৰ সন্মুখীন নহয় সেইয়া সুনিশ্চিত কৰাৰ নিৰ্দেশ* 

 *চাহ বাগিচাসমূহলৈ বাহিৰৰ পৰা পৰা আনিব নোৱাৰিব শ্ৰমিক* 

গোলাঘাট, ২৭ জুন : কৃষি মন্ত্রী অতুল বৰাই আজি গোলাঘাট জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলাখনৰ কভিড পৰিস্থিতিৰ পৰ্যালোচনা কৰে ।  জিলাখনত বিশেষকৈ বোকাখাত মহকুমাত কোভিড 19ৰ সংক্ৰমণৰ হাৰ বৃদ্ধি পোৱাৰ বিষয়টোত উদ্বিগ্নতা প্ৰকাশ কৰি মন্ত্রীগৰাকীয়ে সমগ্ৰ জিলাখনত স্বাস্থ্য বিভাগৰ নতুন নীতি-নিৰ্দেশনাসমূহ কঠোৰভাৱে বলৱৎ কৰাটো সুনিশ্চিত কৰিবলৈ জিলা প্ৰশাসন তথা আৰক্ষী বিভাগক নিৰ্দেশ দিয়ে । তদুপৰি কৃষিৰ সৈতে জড়িত লোকসকলে যাতে বৰ্তমানৰ খেতিৰ সময়ছোৱাত সমস্যাৰ সন্মুখীন হ'বলগীয়া নহয় সেই বিষয়তো মন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে । লগতে বোকাখাত মহকুমাত এই কঠোৰ নীতি-নিৰ্দেশনা অধিক দিনলৈ বাহাল থাকিলে ৰেচন কাৰ্ড নথকা দুখীয়া মানুহখিনিক সহায় কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ব নেকি এই বিষয়েও বৈঠকত আলোচনা কৰা হয় । তেওঁ চাহ বাগিচা অঞ্চলসমূহত ক'ভিডৰ বৰ্ধিত সংক্ৰমণলৈ চাই কাইলৈৰ পৰা অন্ততঃ এসপ্তাহলৈ বাগিচাসমূহে যাতে বাহিৰৰ পৰা কোনো শ্ৰমিকক আনিব নোৱাৰে সেইয়া সুনিশ্চিত কৰাৰ নিৰ্দেশ দিয়ে । তেওঁ কয় যে ক'ভিডৰ সংক্ৰমণ ৰোধ কৰিবলৈ হ'লে চাহ বাগিচাসমূহলৈ শ্ৰমিক অনাৰ পৰিৱৰ্তে বৰ্তমান থকা ন্যূনতম শ্ৰমিকেৰেই কাম কৰিব লাগিব ।  তেওঁ ৰাজহুৱা স্থান, বজাৰ-সমাৰ আদিত ভিৰ কৰাৰ পৰা বিৰত থাকিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায় । তেওঁ কয় যে ৰাইজে ক'ভিড সম্পৰ্কীয় চৰকাৰী নিৰ্দেশনা মানি চলা হ'লে এই পৰ্যায়ৰ সৃষ্টি নহ'লহেঁতেন । তেওঁ এতিয়াও ৰাইজক সতৰ্ক হ'বলৈ আহ্বান জনায় । আনহাতে জিলাখনত সংক্ৰমণৰ হাৰ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিষেধকৰ যোগান বৃদ্ধিৰ বিষয়টোও বৈঠকত আলোচনা কৰা হয় । মন্ত্ৰীগৰাকীয়ে প্ৰতিষেধক প্ৰদান কেন্দ্ৰসমূহ যিমান পাৰি আহল-বহল ঠাইত লোৱাৰ বাবেও নিৰ্দেশ দিয়ে । লগতে যিসমূহ ঠাইত ক'ভিডৰ সংক্ৰমণ বৃদ্ধি পাইছে সেই নিৰ্দিষ্ট ঠাইসমূহত পৰীক্ষা আৰু প্ৰতিষেধক প্ৰদান বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিয়ে । তেওঁ ক'ভিড ব্যৱস্থাপনাত উন্নয়ন খণ্ড বিষয়াসকলক সক্ৰিয়ভাৱে জড়িত কৰাবলৈও নিৰ্দেশ দিয়ে । আজিৰ বৈঠকত সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন, জিলা উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিং, আৰক্ষী অধীক্ষক ডাঃ ৰবীন কুমাৰকে ধৰি স্বাস্থ্য বিভাগ আৰু জিলা প্ৰশাসনৰ বিষয়াসকল উপস্থিত আছিল । 

 *জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*

27 Jun, 2021Covid Vaccination Centre List on 28th June 2021 in Tinsukia district for citizens in the age group 18+ yrs and 45+ yrs.Vaccine type: COVISHIELD

27 Jun, 2021

Covid Vaccination Centre List on 28th June 2021 in Tinsukia district for citizens in the age group 18+ yrs and 45+ yrs.
Vaccine type: COVISHIELD

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...