Sunday, 27 June 2021

*গোলাঘাটত কৃষিমন্ত্ৰী অতুল বৰাৰ কোভিড পৰিস্থিতিৰ পৰ্য্যালোচনা* *স্বাস্থ্য বিভাগৰ নতুন নীতি-নিৰ্দেশনাসমূহ কঠোৰভাৱে বলৱৎ কৰাৰ নিৰ্দেশ* *কণ্টেইনমেণ্ট জ'নত কৃষিৰ সৈতে জড়িত লোকসকলে যাতে বৰ্তমানৰ খেতিৰ সময়ছোৱাত সমস্যাৰ সন্মুখীন নহয় সেইয়া সুনিশ্চিত কৰাৰ নিৰ্দেশ* *চাহ বাগিচাসমূহলৈ বাহিৰৰ পৰা পৰা আনিব নোৱাৰিব শ্ৰমিক*

27 Jun, 2021

প্ৰেছ বিজ্ঞপ্তি নং : ১০৯ জনসংযোগ, গোলাঘাট

 *গোলাঘাটত কৃষিমন্ত্ৰী অতুল বৰাৰ কোভিড পৰিস্থিতিৰ পৰ্য্যালোচনা* 

 *স্বাস্থ্য বিভাগৰ নতুন নীতি-নিৰ্দেশনাসমূহ কঠোৰভাৱে বলৱৎ কৰাৰ নিৰ্দেশ* 

 *কণ্টেইনমেণ্ট জ'নত কৃষিৰ সৈতে জড়িত লোকসকলে যাতে বৰ্তমানৰ খেতিৰ সময়ছোৱাত সমস্যাৰ সন্মুখীন নহয় সেইয়া সুনিশ্চিত কৰাৰ নিৰ্দেশ* 

 *চাহ বাগিচাসমূহলৈ বাহিৰৰ পৰা পৰা আনিব নোৱাৰিব শ্ৰমিক* 

গোলাঘাট, ২৭ জুন : কৃষি মন্ত্রী অতুল বৰাই আজি গোলাঘাট জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলাখনৰ কভিড পৰিস্থিতিৰ পৰ্যালোচনা কৰে ।  জিলাখনত বিশেষকৈ বোকাখাত মহকুমাত কোভিড 19ৰ সংক্ৰমণৰ হাৰ বৃদ্ধি পোৱাৰ বিষয়টোত উদ্বিগ্নতা প্ৰকাশ কৰি মন্ত্রীগৰাকীয়ে সমগ্ৰ জিলাখনত স্বাস্থ্য বিভাগৰ নতুন নীতি-নিৰ্দেশনাসমূহ কঠোৰভাৱে বলৱৎ কৰাটো সুনিশ্চিত কৰিবলৈ জিলা প্ৰশাসন তথা আৰক্ষী বিভাগক নিৰ্দেশ দিয়ে । তদুপৰি কৃষিৰ সৈতে জড়িত লোকসকলে যাতে বৰ্তমানৰ খেতিৰ সময়ছোৱাত সমস্যাৰ সন্মুখীন হ'বলগীয়া নহয় সেই বিষয়তো মন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে । লগতে বোকাখাত মহকুমাত এই কঠোৰ নীতি-নিৰ্দেশনা অধিক দিনলৈ বাহাল থাকিলে ৰেচন কাৰ্ড নথকা দুখীয়া মানুহখিনিক সহায় কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ব নেকি এই বিষয়েও বৈঠকত আলোচনা কৰা হয় । তেওঁ চাহ বাগিচা অঞ্চলসমূহত ক'ভিডৰ বৰ্ধিত সংক্ৰমণলৈ চাই কাইলৈৰ পৰা অন্ততঃ এসপ্তাহলৈ বাগিচাসমূহে যাতে বাহিৰৰ পৰা কোনো শ্ৰমিকক আনিব নোৱাৰে সেইয়া সুনিশ্চিত কৰাৰ নিৰ্দেশ দিয়ে । তেওঁ কয় যে ক'ভিডৰ সংক্ৰমণ ৰোধ কৰিবলৈ হ'লে চাহ বাগিচাসমূহলৈ শ্ৰমিক অনাৰ পৰিৱৰ্তে বৰ্তমান থকা ন্যূনতম শ্ৰমিকেৰেই কাম কৰিব লাগিব ।  তেওঁ ৰাজহুৱা স্থান, বজাৰ-সমাৰ আদিত ভিৰ কৰাৰ পৰা বিৰত থাকিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায় । তেওঁ কয় যে ৰাইজে ক'ভিড সম্পৰ্কীয় চৰকাৰী নিৰ্দেশনা মানি চলা হ'লে এই পৰ্যায়ৰ সৃষ্টি নহ'লহেঁতেন । তেওঁ এতিয়াও ৰাইজক সতৰ্ক হ'বলৈ আহ্বান জনায় । আনহাতে জিলাখনত সংক্ৰমণৰ হাৰ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিষেধকৰ যোগান বৃদ্ধিৰ বিষয়টোও বৈঠকত আলোচনা কৰা হয় । মন্ত্ৰীগৰাকীয়ে প্ৰতিষেধক প্ৰদান কেন্দ্ৰসমূহ যিমান পাৰি আহল-বহল ঠাইত লোৱাৰ বাবেও নিৰ্দেশ দিয়ে । লগতে যিসমূহ ঠাইত ক'ভিডৰ সংক্ৰমণ বৃদ্ধি পাইছে সেই নিৰ্দিষ্ট ঠাইসমূহত পৰীক্ষা আৰু প্ৰতিষেধক প্ৰদান বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিয়ে । তেওঁ ক'ভিড ব্যৱস্থাপনাত উন্নয়ন খণ্ড বিষয়াসকলক সক্ৰিয়ভাৱে জড়িত কৰাবলৈও নিৰ্দেশ দিয়ে । আজিৰ বৈঠকত সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন, জিলা উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিং, আৰক্ষী অধীক্ষক ডাঃ ৰবীন কুমাৰকে ধৰি স্বাস্থ্য বিভাগ আৰু জিলা প্ৰশাসনৰ বিষয়াসকল উপস্থিত আছিল । 

 *জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*

No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...