03 December, 2021
বোকাজানৰ অসম-নাগালেণ্ড সীমান্তৰ খটখতিত আৰক্ষীৰ অভিযানত হিৰ’ইনসহ আটক এজন সৰবৰাহকাৰী
আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ ব্যৱসায়ী চক্ৰৰ বিৰুদ্ধে কাৰ্বি আংলং জিলা আৰক্ষীয়ে বিগত সময়ছোৱাত কঠোৰ অভিযান অব্যাহত ৰখাৰ মাজতো অপৰাধীচক্ৰৰ তৎপৰতা অব্যাহত আছে। শনিবাৰে সন্ধিয়া ভাগত অসম-নাগালেণ্ড সীমান্তৱৰ্তী খটখটী আৰক্ষীয়ে অভিযান চলাই নিচাযুক্ত সামগ্ৰী জব্দ কৰাৰ লগতে এই সন্দৰ্ভত এজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।
জিলা আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীয়ে লাভ কৰা এক গোপন সূত্ৰৰ পম খেদি বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাস, বৰপথাৰ চক্ৰৰ চক্ৰ বিষয়া উপেন কলিতা আৰু খটখটী আৰক্ষী থানাৰ উপ-পৰিদৰ্শক মৌবলিক ব্ৰহ্মৰ নেতৃত্বত আৰক্ষীৰ এটা দলে খটখটীৰ ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথত নাকা তালাচী অভিযান চলাই।
উক্ত অভিযানত এখন অট’ৰিক্স’ত অহা এজন যাত্ৰীৰ পৰা তলাচীৰ সময়ত আৰক্ষীয়ে ১০টা প্লাষ্টিকৰ চাবোনৰ পেকেটত মুঠ ১৩৫ গ্ৰাম হেৰ’ইন উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ড্ৰাগছ সৰবৰাহৰ লগত জড়িত আৰক্ষীয়ে গ্ৰেপ্তাৰ হোৱা সৰবৰাহকাৰী জনক বিশ্বনাথ চাৰিআলিৰ মহৰ আলি বুলি জানিব পৰা গৈছে।
কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷
No comments:
Post a Comment
Welcome Northeast News India