Tuesday, 18 August 2020

18 August, 2020 GOLAGHAT DRUGS PADDLERS ARRESTED OC: লকডাউনৰ মাজতে গোলাঘাটত ড্ৰাগছৰ ৰমৰমীয়া বেহা । গোলাঘাট নগৰৰ বিভিন্ন স্থানত ড্ৰাগছৰ ব্যৱসায় পুনৰ মুকলি হোৱাত ইয়াৰ বিৰুদ্ধে তৎপৰ হৈ পৰিছে গোলাঘাট আৰক্ষী । গোলাঘাট আৰক্ষীৰ এটা দলে মঙলবাৰে নগৰৰ বিভিন্ন স্থানত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই এগৰাকী মহিলা সহ ১০ টা ড্ৰাগছ সৰবৰাহকাৰীক কৰায়ত্ব কৰিবলৈ সক্ষম হয় । গোলাঘাট সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপক বৰাৰ নেতৃত্বত চলা এই অভিযানত এটাৰ পাছত এটাকৈ ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে গোলাঘাট আৰক্ষী । গোলাঘাট নগৰৰ কলেজ তিনি আলি আৰু শান্তিপুৰত এক গোপন সুত্ৰৰ পম খেদি আৰক্ষীয়ে অভিযান চলাওতে প্ৰথমে দুজন ড্ৰাগছ আসক্তক কৰায়ত্ব কৰাৰ পাছতে কেইবাটাও ড্ৰাগছৰ ব্যৱসায়ীক আটক কৰে আৰক্ষীৰ অভিযান কাৰী দলটোৱে । ::প্ৰকাশ শৰ্মা ৰিপত গোলাঘাট ৷

 18 August, 2020


GOLAGHAT DRUGS PADDLERS ARRESTED


OC: লকডাউনৰ মাজতে  গোলাঘাটত  ড্ৰাগছৰ ৰমৰমীয়া বেহা  । গোলাঘাট নগৰৰ বিভিন্ন স্থানত ড্ৰাগছৰ ব্যৱসায় পুনৰ মুকলি হোৱাত ইয়াৰ বিৰুদ্ধে তৎপৰ হৈ পৰিছে গোলাঘাট আৰক্ষী ।  গোলাঘাট আৰক্ষীৰ এটা  দলে মঙলবাৰে নগৰৰ বিভিন্ন স্থানত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই এগৰাকী মহিলা সহ ১০ টা ড্ৰাগছ সৰবৰাহকাৰীক কৰায়ত্ব কৰিবলৈ সক্ষম হয় । গোলাঘাট সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপক বৰাৰ নেতৃত্বত চলা এই অভিযানত এটাৰ পাছত এটাকৈ ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে গোলাঘাট আৰক্ষী ।   গোলাঘাট নগৰৰ কলেজ তিনি আলি আৰু শান্তিপুৰত এক গোপন সুত্ৰৰ পম খেদি আৰক্ষীয়ে অভিযান চলাওতে প্ৰথমে দুজন ড্ৰাগছ আসক্তক কৰায়ত্ব কৰাৰ পাছতে কেইবাটাও ড্ৰাগছৰ ব্যৱসায়ীক আটক কৰে আৰক্ষীৰ অভিযান কাৰী দলটোৱে । ::প্ৰকাশ শৰ্মা ৰিপত  গোলাঘাট ৷

18 August, 2020 গোলাঘাটত চাৰিটা গভাইত চোৰ গ্ৰেপ্তাৰ : প্ৰকাশ শৰ্মা গোলাঘাট ১৮ আগষ্ট ২০২০ গোলাঘাট আৰক্ষীয়ে আজি চাৰিটাকৈ গভাইত চোৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । গোলাঘাটৰ ৰঙাজান ব্যবসায়ী এলেকাত ছয় আগষ্টত চুৰিকাণ্ড সংঘটিত কৰা চাৰিজন চোৰক অঞ্চলটোৰ গাওৰক্ষী বাহিনীৰ সহযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । আৰক্ষীয়ে চোৰ কেইটাই চুৰি কাৰ্য্যত ব্যৱহাৰ কৰা এ এচ ০ ৫ চি ৮২২৪ নম্বৰৰ বলেৰ' পিক আপ খনো জব্দ কৰে । এই বলেৰ' গাড়ী খনেৰে চোৰ কেইটাই দোকান সমূহৰ চাতাৰ ভাঙিছিল । আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চোৰ কেইটা হৈছে জাকিৰ হুচেইন , বুবুল আলি ওৰফে ৰঘু , ইমৰান হুচেইন আৰু ৰাজিবুদ্দিন আহমেদ । দলটোৰ সদস্য বুবুল ল আলি ওৰফে ৰঘু এট দূধৰ্ষ ডকাইত ৰূপে পৰিচিত । চোৰৰ দলটো গৰু ছাগলী ,গাড়ী আদি চুৰি ঘটনাৰ লগতো জড়িত বুলি অঞ্চলটোৰ গাঁওৰক্ষী বাহিনীয়ে অভিযোগ উত্থাপন কৰে । উল্লেখযোগ্য যোৱা ৬ আগষ্টৰ নিশা ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰঙাজানৰ এই অঞ্চলৰ দুখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা কেইবা লক্ষাধিক টকাৰ সামগ্ৰী চোৰৰ দলটোৱে লুটি নিছিল । ৰঙাজানৰ বিশাল হাৰ্ডৱেৰ নামৰ গৃহ নিৰ্মাণ প্ৰতিষ্ঠান খনৰ পৰা প্ৰায় দুই লক্ষাধিক টকাৰ সামগ্ৰী আৰু ৰঙাজান ম'বাইল চেণ্টাৰৰ পৰা লক্ষাধিক টকাৰ সামগ্ৰী চুৰি কৰি নিয়ে । ইয়াৰোপৰি সেই নিশা চোৰৰ দলটোৱে অঞ্চলটোৰ ৬ খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত তলা ভাঙিছিল যদিও দুখন প্ৰতিষ্ঠানৰ ভিতৰত চোৰে প্ৰবেশ কৰি কেইবা লক্ষাধিক টকাৰ সামগ্ৰী লুটি নিয়ে । বিশাল হাৰ্ডৱেৰ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠান খনৰ চিচিটিভি কেমেৰা আছিল যদিও সেই কেমেৰা ভাঙি প্ৰমাণ নাইকীয়া কৰি চোৰৰ দলটো উধাও হৈছিল । প্ৰকাশ শৰ্মা ৰিপত গোলাঘাট ৷

 18 August, 2020


গোলাঘাটত চাৰিটা গভাইত চোৰ গ্ৰেপ্তাৰ : 


প্ৰকাশ শৰ্মা গোলাঘাট ১৮ আগষ্ট ২০২০


 গোলাঘাট আৰক্ষীয়ে আজি চাৰিটাকৈ গভাইত চোৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়  । গোলাঘাটৰ ৰঙাজান ব্যবসায়ী এলেকাত  ছয় আগষ্টত চুৰিকাণ্ড সংঘটিত কৰা চাৰিজন চোৰক অঞ্চলটোৰ গাওৰক্ষী বাহিনীৰ সহযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । আৰক্ষীয়ে চোৰ কেইটাই চুৰি কাৰ্য্যত ব্যৱহাৰ কৰা এ এচ ০ ৫ চি ৮২২৪ নম্বৰৰ বলেৰ' পিক আপ খনো জব্দ কৰে । এই বলেৰ' গাড়ী খনেৰে চোৰ কেইটাই দোকান সমূহৰ চাতাৰ ভাঙিছিল  । আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চোৰ কেইটা হৈছে জাকিৰ হুচেইন , বুবুল আলি ওৰফে ৰঘু , ইমৰান হুচেইন আৰু ৰাজিবুদ্দিন আহমেদ । দলটোৰ সদস্য বুবুল ল আলি ওৰফে ৰঘু এট দূধৰ্ষ ডকাইত ৰূপে পৰিচিত । চোৰৰ দলটো গৰু ছাগলী ,গাড়ী আদি চুৰি ঘটনাৰ লগতো জড়িত বুলি অঞ্চলটোৰ গাঁওৰক্ষী বাহিনীয়ে অভিযোগ উত্থাপন কৰে ।  উল্লেখযোগ্য যোৱা ৬ আগষ্টৰ নিশা ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰঙাজানৰ এই অঞ্চলৰ দুখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা কেইবা লক্ষাধিক টকাৰ সামগ্ৰী  চোৰৰ দলটোৱে লুটি নিছিল । ৰঙাজানৰ বিশাল হাৰ্ডৱেৰ নামৰ গৃহ নিৰ্মাণ প্ৰতিষ্ঠান খনৰ পৰা প্ৰায় দুই লক্ষাধিক টকাৰ সামগ্ৰী আৰু ৰঙাজান ম'বাইল চেণ্টাৰৰ পৰা লক্ষাধিক টকাৰ সামগ্ৰী চুৰি কৰি নিয়ে । ইয়াৰোপৰি সেই নিশা চোৰৰ  দলটোৱে অঞ্চলটোৰ ৬ খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত  তলা ভাঙিছিল যদিও দুখন প্ৰতিষ্ঠানৰ ভিতৰত চোৰে প্ৰবেশ কৰি  কেইবা লক্ষাধিক টকাৰ সামগ্ৰী  লুটি নিয়ে । বিশাল হাৰ্ডৱেৰ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠান খনৰ চিচিটিভি কেমেৰা আছিল যদিও সেই কেমেৰা ভাঙি প্ৰমাণ নাইকীয়া কৰি চোৰৰ দলটো উধাও হৈছিল  । প্ৰকাশ শৰ্মা ৰিপত গোলাঘাট ৷

Monday, 17 August 2020

17 August, 2020 ১৭ আগষ্ট ২০২০ ক’ৰোণাৰ মাজতে পবিত্ৰ ভাদ মাহৰ নাম মহোৎসৱলৈ সাজু ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীআঠখেলীয়া নামঘৰ: পাঁচ জন ভকতৰ দ্বাৰা হ'ব নাম প্ৰসংগ বিশ্বব্যাপি হোৱা ক’ৰোণা আতংকৰ সময়ত কেনেদৰে চলিছে শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ কামকাজ চাও আহক আমাৰ সাংবাদিক প্ৰকাশ শৰ্মাৰ এক প্ৰতিবেদন , গোলাঘাট জিলা ঘিলাধাৰী মৌজাৰ গোলাঘাট -যোৰহাট জিলাৰ সীমা কাকডোঙা নদীৰ পাৰত অৱস্থিত অসমৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীআঠখেলীয়া নামঘৰ ঐতিহ্যৰ বাবে ভক্তপ্ৰাণ ৰাইজৰ বাবে সদায় প্ৰভূ ভক্তিৰ এক বিশেষ স্থলী হৈ আছে । প্ৰতি বৰ্ষৰ ভাদ্ৰ মাহত ইয়ালৈ দেশী - বিদেশী লাখ লাখ লোকৰ সমাগম হয় ৷সেয়েহে এইবাৰো অসম তথা ভাৰতৰ বিভিন্ন স্থানৰ সেৱক-সেৱিকা ,ভক্তপ্ৰাণ যুৱক-যুৱতী ,পুৰুষ-মহিলা,বৃদ্ধ-বৃদ্ধা ,ছাত্ৰ-ছাত্ৰী আদিৰ সুবিধাৰ বাবে নামঘৰ কতৃপক্ষ সাজু হৈছে ।সকলোৱে যাতে ঐতিহ্যমণ্ডিত নামঘৰত মুকলি মনেৰে দ্বিধাহীন ভাৱে মনৰ কামনা তথা অন্তৰৰ ভাব সমূহ কামনাৰ্থে মহাপুৰুষ আৰ্হিত প্ৰতিষ্ঠিত চৈতন্য মূৰ্তি সিংহাসনৰ ওচৰত স-ভক্তিৰে মূৰ দোঁৱাব পাৰে তাৰ সম্পূৰ্ণ ব্যৱস্থা কৰা হৈছে । ভাদ মাহ অহাৰ লগে লগে আঠখেলীয়া নামঘৰত ভকত-বৈষ্ণৱ উপৰি নিতৌ হেজাৰ হেজাৰ লোকৰ সমাগম ঘটে।কিন্তু এইবাৰ ক’ৰোণা ভাইৰাছৰ আতংকৰ মাজতে কেৱল অনুষ্টুপীয়াকৈ প্ৰতিবছৰৰ দৰে এইবাৰো পবিত্ৰ ভাদ মাহৰ নাম মহোৎসৱভাগি পালন কৰিবলৈ সাজু হৈছে শ্ৰীশ্ৰীআঠখেলীয়া নামঘৰ পৰিচালনা সমিতি৷উল্লেখ্য যে পবিত্ৰ ভাদ মাহৰ পবিত্ৰতাখিনি ৰক্ষা কৰি প্ৰতিবছৰে নামঘৰৰ পৰিচালনা সমিতি উদ্যোগত আঠ খেলৰ ৰাইজ আৰু স্থানীয় ৰাইজৰ সহযোগত মহা নাম মহোৎসৱভাগি পালন কৰি আহিছে৷এই পবিত্ৰ ভাদ মাহৰ নাম মহোৎসৱলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা লক্ষ লক্ষ ভক্তপ্ৰাণ ৰাইজৰ সমাগম ঘটি মহাপ্ৰভুৰ আৰ্শীষ বিছাৰি মূৰ দোৱাইহি৷সেয়েহে প্ৰতিবছৰে পবিত্ৰ ভাদ মাহৰ উপলক্ষে ভক্তপ্ৰাণ ৰাইজক আদৰিবলৈ নামঘৰ পৰিচালনা সমিতি,উপ-সমিতি,আঠ খেলৰ ৰাইজ আৰু স্থানীয় ৰাইজ সাজু হোৱাৰ ওপৰিও বিভিন্ন ৰাজনৈতিক-অৰাজনৈতিক দল সংগঠন সমূহে ভাদ মাহ সোমোৱাৰ পূৰ্বে এমাহৰ পৰা ব্যাপক প্ৰস্তুতি চলোৱা লগতে জিলা আৰক্ষী প্ৰশাসন,স্বাস্থ্য বিভাগেও মাহযোৰা সেৱা আগবঢ়োৱা প্ৰস্তুতি চলাইছিল যদিও বৰ্তমান এই জটিল পৰিস্থিতিৰ কাৰণে মহানাম মহোৎসৱভাগি চৰকাৰী নীতি-নিৰ্দেশনা মানি দৈনিক পাঁচজন ভকত-বৈষ্ণৱৰ দ্বাৰা মহানাম মহোৎসৱভাগি অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰিবলৈ সাজু হৈছে বুলি পৰিচালনা সমিতিৰ সভাপতি খগেন্দ্ৰ নাথ হাজৰিকা আৰু মুকুল বৰাই জানিবলৈ দিছে ৷ উল্লেখ্য যে নামঘৰলৈ ভক্তৰ প্ৰৱেশৰ ক্ষেত্ৰত কোনো নিষেধাজ্ঞা নাই যদিও পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভক্তসকলক চৰকাৰী নীতি-নিৰ্দেশনা মানি চলিবলৈ পৰিচালনা সমিতিয়ে আহ্বান জনোৱাৰ লগতে খেলৰ বাৰিক সকলৰ ওপৰত বিশেষ দায়িত্ব অৰ্পণ কৰাৰ লগতে পূৰ্বৰ দৰে পুৱা ৫ বজাত,১১ বজাত ,২ বজাত আৰু সন্ধিয়া ৬ বজাত নাম প্ৰসংগ হ'ব যদিও নামঘৰৰ ভিতৰত প্ৰসাদ বিতৰণ বন্ধ থাকিব।কৰোনা মহামাৰীৰ বাবে চাৰ্ফ- চিকুন,প্ৰতিদিনে ছেনিটাইজেছন আদিৰ ব্যৱস্থা অব্যাহত ৰাখিব। প্ৰকাশ শৰ্মা প্ৰতিবেদন গোলাঘাট NORTHEAST NEWS INDIA

 17 August, 2020

১৭ আগষ্ট ২০২০


ক’ৰোণাৰ মাজতে পবিত্ৰ ভাদ মাহৰ নাম মহোৎসৱলৈ সাজু  ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীআঠখেলীয়া নামঘৰ: পাঁচ  জন ভকতৰ দ্বাৰা হ'ব নাম প্ৰসংগ 


 বিশ্বব্যাপি হোৱা ক’ৰোণা আতংকৰ সময়ত কেনেদৰে চলিছে শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ  কামকাজ চাও আহক আমাৰ সাংবাদিক  প্ৰকাশ শৰ্মাৰ এক প্ৰতিবেদন ,


 

গোলাঘাট জিলা ঘিলাধাৰী মৌজাৰ গোলাঘাট -যোৰহাট জিলাৰ সীমা কাকডোঙা নদীৰ পাৰত অৱস্থিত অসমৰ  ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীআঠখেলীয়া নামঘৰ ঐতিহ্যৰ বাবে ভক্তপ্ৰাণ ৰাইজৰ বাবে সদায় প্ৰভূ ভক্তিৰ এক বিশেষ স্থলী হৈ আছে । প্ৰতি বৰ্ষৰ ভাদ্ৰ মাহত ইয়ালৈ দেশী - বিদেশী লাখ লাখ লোকৰ সমাগম হয় ৷সেয়েহে এইবাৰো অসম তথা ভাৰতৰ বিভিন্ন স্থানৰ সেৱক-সেৱিকা ,ভক্তপ্ৰাণ  যুৱক-যুৱতী ,পুৰুষ-মহিলা,বৃদ্ধ-বৃদ্ধা ,ছাত্ৰ-ছাত্ৰী আদিৰ সুবিধাৰ বাবে নামঘৰ কতৃপক্ষ সাজু হৈছে ।সকলোৱে যাতে ঐতিহ্যমণ্ডিত নামঘৰত মুকলি মনেৰে দ্বিধাহীন ভাৱে মনৰ কামনা তথা অন্তৰৰ ভাব সমূহ কামনাৰ্থে মহাপুৰুষ আৰ্হিত প্ৰতিষ্ঠিত চৈতন্য মূৰ্তি সিংহাসনৰ ওচৰত স-ভক্তিৰে মূৰ দোঁৱাব পাৰে তাৰ সম্পূৰ্ণ ব্যৱস্থা কৰা হৈছে । ভাদ মাহ অহাৰ লগে লগে আঠখেলীয়া নামঘৰত ভকত-বৈষ্ণৱ উপৰি নিতৌ হেজাৰ হেজাৰ লোকৰ সমাগম ঘটে।কিন্তু এইবাৰ

  ক’ৰোণা ভাইৰাছৰ  আতংকৰ মাজতে কেৱল অনুষ্টুপীয়াকৈ প্ৰতিবছৰৰ দৰে এইবাৰো পবিত্ৰ ভাদ মাহৰ নাম মহোৎসৱভাগি পালন কৰিবলৈ সাজু হৈছে শ্ৰীশ্ৰীআঠখেলীয়া নামঘৰ পৰিচালনা সমিতি৷উল্লেখ্য যে পবিত্ৰ ভাদ মাহৰ পবিত্ৰতাখিনি ৰক্ষা কৰি প্ৰতিবছৰে নামঘৰৰ পৰিচালনা সমিতি উদ্যোগত আঠ খেলৰ ৰাইজ আৰু স্থানীয় 

ৰাইজৰ সহযোগত মহা নাম মহোৎসৱভাগি পালন কৰি আহিছে৷এই পবিত্ৰ ভাদ মাহৰ নাম মহোৎসৱলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা লক্ষ লক্ষ ভক্তপ্ৰাণ ৰাইজৰ সমাগম ঘটি মহাপ্ৰভুৰ আৰ্শীষ বিছাৰি মূৰ দোৱাইহি৷সেয়েহে প্ৰতিবছৰে পবিত্ৰ ভাদ মাহৰ উপলক্ষে ভক্তপ্ৰাণ ৰাইজক আদৰিবলৈ নামঘৰ পৰিচালনা সমিতি,উপ-সমিতি,আঠ খেলৰ ৰাইজ আৰু স্থানীয় ৰাইজ সাজু হোৱাৰ  ওপৰিও বিভিন্ন  ৰাজনৈতিক-অৰাজনৈতিক দল সংগঠন সমূহে ভাদ মাহ সোমোৱাৰ পূৰ্বে এমাহৰ পৰা ব্যাপক প্ৰস্তুতি চলোৱা লগতে জিলা আৰক্ষী প্ৰশাসন,স্বাস্থ্য বিভাগেও মাহযোৰা সেৱা আগবঢ়োৱা প্ৰস্তুতি চলাইছিল যদিও বৰ্তমান এই জটিল পৰিস্থিতিৰ কাৰণে মহানাম মহোৎসৱভাগি চৰকাৰী নীতি-নিৰ্দেশনা মানি দৈনিক পাঁচজন ভকত-বৈষ্ণৱৰ দ্বাৰা  মহানাম মহোৎসৱভাগি অনুষ্টুপীয়াকৈ অনুষ্ঠিত  কৰিবলৈ সাজু হৈছে বুলি পৰিচালনা সমিতিৰ সভাপতি খগেন্দ্ৰ নাথ হাজৰিকা আৰু মুকুল বৰাই  জানিবলৈ  দিছে ৷ উল্লেখ্য যে  নামঘৰলৈ ভক্তৰ প্ৰৱেশৰ ক্ষেত্ৰত কোনো নিষেধাজ্ঞা নাই যদিও পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভক্তসকলক  চৰকাৰী নীতি-নিৰ্দেশনা মানি চলিবলৈ পৰিচালনা সমিতিয়ে আহ্বান জনোৱাৰ লগতে খেলৰ বাৰিক সকলৰ ওপৰত বিশেষ দায়িত্ব অৰ্পণ কৰাৰ লগতে পূৰ্বৰ দৰে পুৱা ৫ বজাত,১১ বজাত ,২ বজাত আৰু সন্ধিয়া ৬ বজাত নাম প্ৰসংগ  হ'ব যদিও  নামঘৰৰ ভিতৰত প্ৰসাদ বিতৰণ বন্ধ থাকিব।কৰোনা মহামাৰীৰ বাবে চাৰ্ফ- চিকুন,প্ৰতিদিনে ছেনিটাইজেছন আদিৰ ব্যৱস্থা অব্যাহত ৰাখিব। প্ৰকাশ শৰ্মা প্ৰতিবেদন গোলাঘাট

NORTHEAST NEWS INDIA

17 August, 2020 #Covid19 #Assam and actions taken as on 16/08/2020.

17 August, 2020

 #Covid19 #Assam and actions taken as on 16/08/2020.

Sunday, 16 August 2020

16 August, 2020 গোলাঘাটৰ এখন গাঁও গাওখনৰ ৯৯% লোকেই কৃষিজীৱী ৷ মূলত: শষ্যৰ ভড়াল বুলিব পাৰি এই কুৱৰী পথাৰৰ গুৱালটুপ গাঁওখনক৷ চাও আহক আমাৰ সাংবাদিক প্ৰকাশ শৰ্মাৰএক প্ৰতিবেদন ৷ গোলাঘাত নগৰৰ পৰা প্ৰায় ১২ কিলোমিটাৰ নিলগত অৱস্থিত গুৱালটুপ গাওঁখনৰ সকলো লোকেই খেতিৰ ওপৰত নিৰ্ভৰশীল ৷ নিজা মাটি নোহোৱা পৰিয়ালেও আনৰ মাটিত বতৰৰ বাৰমাহেই ফচল উৎপাদন কৰে ৷ গজেন্দ্ৰ ছেত্ৰী ; ইন্দ্ৰ ; সূৰ্য ; কাছিৰাম ; বেগলাল ; কালে মাইলা হতে কপালৰ ঘাম মাটিত পেলাই উৎপাদন কৰে ধান মাহ সৰিয়হ আদিৰ লগতে বিভিন্ন শাক পাচলি ৷ ইয়াৰে চন্তে বাহাদুৰ ছেত্ৰীৰ পৰিয়ালটোৱে ১ বিঘা মাটিত বাৰমহীয়া কাজিনেমুৰ খেটি কৰিছিল ৷ পত্নী বিমলা চেত্ৰী আৰু পুত্ৰ ৰাজচেত্ৰী সহযোগত কৰা খেটিত ডালত উলমি উলমি লাগিল ৰষাল কাজিনেমু এই বাৰিখন একপ্ৰকাৰ নেমুটেঙাৰ হাবিত পৰিণত হ’ল ৷ পলসুৱা সাৰুৱা মাটিৰ বাবেই এজোপা গছতেই ৪ ৰ পৰা পাছ শ টাকৈ নেমু লাগিলে৷ নেমুগছৰ ডালে গোটেই মাটিডৰা চানিধৰাত ভিতৰলৈ যোৱলৈ উপাই নোহোৱাত লাগিথকা নমুৰ ডাল কাটি ৰাষ্টা উলিয়াই নেমু চিঙিবলগা হৈছে ৷ এইবছৰ মাত্ৰ কেইমাহ মানৰ ভিতৰতে চন্তে বাহাদুৰে কেৱল কাজিনেমু বিক্ৰী কৰিয়েই তিনিলাখৰো অধিক টকা উৰ্পাজন কৰিলে ৷ তেও ৰূপণ কৰা ১০জোপা গুলনেমুৰ ভিতৰত তিনিজোপাত ডালভৰি লাগিছে ৷ এই বৰষতেই তিনিজুপা নেমুৰ আধাচিঙি বিক্ৰীকৰি চাৰি হেজাৰৰো অধিক টকা লাভকৰে ৷ এওঁৰ বাৰিখনত বতৰৰ সকলো শষ্যৰে খেটি কৰে ৷ কৃষিবিভাগৰ KCC লোন লৈ খেটিৰ পৰিষৰ বৃদ্ধি কৰি ধান ৰঙালাউ জাতিলাও ভেন্দী কল কুঁহিয়াৰ আদি উৎপাদিত ফচল গোলাঘাট চহৰ আৰু জামুগুৰি সাপ্তাহিক বজাৰত বিক্ৰী কৰে ৷ কেৱল সেয়াই নহয় তেও মৌ পালন কৰাৰ লগতে গৰু ছাগলি মুৰ্গী হাহ পাৰ ও পালন কৰাৰ লগতে ঘৰৰ সন্মুখত এটা ফিচাৰিতও মীন পালন কৰিছে৷ ::: লক্ষ্মীনাথ বেজবৰুৱাই লিখা " শুৱনী আমাৰ গাওঁখন অতি " সেই পদ্যটোৰ প্ৰতিফলন দেখাগল এই সষ্যৰে উপচি পৰা গুৱালটুপ গাওখন ৷ ইয়াৰে আদৰ্শ কৃষক চন্তে বাহাদুৰেও নিজৰ পুত্ৰক শিক্ষিত কৰি চৰকাৰি চাকৰিৰ পিছত দৌৰি অবাবত সময় নষ্ট নকৰি কৃষিৰ দ্বাৰাই স্বাৱলম্বীকৰি তুলিলে ৷ :::: প্ৰকাশ শৰ্মা গোলাঘাট ৷ ১৬আগষ্ট ২০২০

 16 August, 2020


গোলাঘাটৰ এখন গাঁও গাওখনৰ ৯৯% লোকেই কৃষিজীৱী ৷ মূলত: শষ্যৰ ভড়াল বুলিব পাৰি এই কুৱৰী পথাৰৰ গুৱালটুপ গাঁওখনক৷ চাও আহক আমাৰ সাংবাদিক প্ৰকাশ শৰ্মাৰএক প্ৰতিবেদন ৷


গোলাঘাত নগৰৰ পৰা প্ৰায় ১২ কিলোমিটাৰ নিলগত অৱস্থিত গুৱালটুপ গাওঁখনৰ সকলো লোকেই খেতিৰ ওপৰত নিৰ্ভৰশীল ৷ 

 নিজা মাটি নোহোৱা পৰিয়ালেও আনৰ মাটিত বতৰৰ বাৰমাহেই ফচল উৎপাদন কৰে ৷ গজেন্দ্ৰ ছেত্ৰী ; ইন্দ্ৰ ; সূৰ্য ; কাছিৰাম ; বেগলাল  ; কালে মাইলা হতে কপালৰ ঘাম মাটিত পেলাই উৎপাদন কৰে ধান মাহ সৰিয়হ আদিৰ লগতে বিভিন্ন শাক পাচলি ৷ ইয়াৰে চন্তে বাহাদুৰ ছেত্ৰীৰ পৰিয়ালটোৱে ১ বিঘা মাটিত বাৰমহীয়া কাজিনেমুৰ  খেটি কৰিছিল ৷  পত্নী বিমলা চেত্ৰী আৰু পুত্ৰ ৰাজচেত্ৰী সহযোগত কৰা খেটিত ডালত উলমি উলমি লাগিল ৰষাল কাজিনেমু এই বাৰিখন একপ্ৰকাৰ নেমুটেঙাৰ হাবিত পৰিণত হ’ল ৷ পলসুৱা সাৰুৱা মাটিৰ বাবেই এজোপা গছতেই ৪ ৰ পৰা পাছ শ টাকৈ নেমু লাগিলে৷ নেমুগছৰ ডালে গোটেই মাটিডৰা চানিধৰাত ভিতৰলৈ যোৱলৈ উপাই নোহোৱাত লাগিথকা নমুৰ ডাল কাটি ৰাষ্টা উলিয়াই নেমু চিঙিবলগা হৈছে ৷ এইবছৰ মাত্ৰ কেইমাহ মানৰ ভিতৰতে চন্তে বাহাদুৰে কেৱল কাজিনেমু বিক্ৰী কৰিয়েই তিনিলাখৰো অধিক টকা উৰ্পাজন কৰিলে ৷ তেও ৰূপণ কৰা ১০জোপা গুলনেমুৰ ভিতৰত তিনিজোপাত ডালভৰি লাগিছে  ৷ এই বৰষতেই তিনিজুপা নেমুৰ আধাচিঙি বিক্ৰীকৰি চাৰি হেজাৰৰো অধিক টকা লাভকৰে ৷ এওঁৰ বাৰিখনত বতৰৰ সকলো শষ্যৰে খেটি কৰে ৷ কৃষিবিভাগৰ KCC লোন লৈ খেটিৰ পৰিষৰ বৃদ্ধি কৰি ধান  ৰঙালাউ জাতিলাও ভেন্দী কল কুঁহিয়াৰ আদি  উৎপাদিত ফচল গোলাঘাট চহৰ আৰু জামুগুৰি সাপ্তাহিক বজাৰত বিক্ৰী কৰে ৷ কেৱল সেয়াই নহয় তেও মৌ পালন কৰাৰ লগতে গৰু ছাগলি মুৰ্গী হাহ পাৰ ও পালন কৰাৰ লগতে ঘৰৰ সন্মুখত এটা ফিচাৰিতও মীন পালন কৰিছে৷  ::: লক্ষ্মীনাথ বেজবৰুৱাই লিখা " শুৱনী আমাৰ গাওঁখন অতি " সেই পদ্যটোৰ প্ৰতিফলন দেখাগল এই সষ্যৰে উপচি পৰা গুৱালটুপ গাওখন ৷ ইয়াৰে আদৰ্শ কৃষক চন্তে বাহাদুৰেও নিজৰ পুত্ৰক শিক্ষিত কৰি চৰকাৰি চাকৰিৰ পিছত দৌৰি অবাবত সময় নষ্ট নকৰি কৃষিৰ দ্বাৰাই স্বাৱলম্বীকৰি তুলিলে ৷ ::::  প্ৰকাশ শৰ্মা গোলাঘাট ৷ ১৬আগষ্ট ২০২০

16 August, 2020দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী,অটল বিহাৰী বাজপেয়ীদেৱ মহান জননেতা, সুদক্ষ তথা আদৰ্শবাদী ৰাজনীতিজ্ঞ আৰু সুকবি 'ভাৰত ৰত্ন' অটল বিহাৰী বাজপেয়ীদেৱক তেখেতৰ স্মৃতি দিৱসত শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।NORTHEAST NEWS INDIA

16 August, 2020

দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী,অটল বিহাৰী বাজপেয়ীদেৱ মহান জননেতা, সুদক্ষ তথা আদৰ্শবাদী ৰাজনীতিজ্ঞ আৰু সুকবি 'ভাৰত ৰত্ন' অটল বিহাৰী বাজপেয়ীদেৱক তেখেতৰ স্মৃতি দিৱসত শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।
NORTHEAST NEWS INDIA

16 August, 2020 #Covid19 #Assam and actions taken as on 15/08/2020.

16 August, 2020

 #Covid19 #Assam and actions taken as on 15/08/2020.

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...