Monday, 17 August 2020

17 August, 2020 ১৭ আগষ্ট ২০২০ ক’ৰোণাৰ মাজতে পবিত্ৰ ভাদ মাহৰ নাম মহোৎসৱলৈ সাজু ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীআঠখেলীয়া নামঘৰ: পাঁচ জন ভকতৰ দ্বাৰা হ'ব নাম প্ৰসংগ বিশ্বব্যাপি হোৱা ক’ৰোণা আতংকৰ সময়ত কেনেদৰে চলিছে শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ কামকাজ চাও আহক আমাৰ সাংবাদিক প্ৰকাশ শৰ্মাৰ এক প্ৰতিবেদন , গোলাঘাট জিলা ঘিলাধাৰী মৌজাৰ গোলাঘাট -যোৰহাট জিলাৰ সীমা কাকডোঙা নদীৰ পাৰত অৱস্থিত অসমৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীআঠখেলীয়া নামঘৰ ঐতিহ্যৰ বাবে ভক্তপ্ৰাণ ৰাইজৰ বাবে সদায় প্ৰভূ ভক্তিৰ এক বিশেষ স্থলী হৈ আছে । প্ৰতি বৰ্ষৰ ভাদ্ৰ মাহত ইয়ালৈ দেশী - বিদেশী লাখ লাখ লোকৰ সমাগম হয় ৷সেয়েহে এইবাৰো অসম তথা ভাৰতৰ বিভিন্ন স্থানৰ সেৱক-সেৱিকা ,ভক্তপ্ৰাণ যুৱক-যুৱতী ,পুৰুষ-মহিলা,বৃদ্ধ-বৃদ্ধা ,ছাত্ৰ-ছাত্ৰী আদিৰ সুবিধাৰ বাবে নামঘৰ কতৃপক্ষ সাজু হৈছে ।সকলোৱে যাতে ঐতিহ্যমণ্ডিত নামঘৰত মুকলি মনেৰে দ্বিধাহীন ভাৱে মনৰ কামনা তথা অন্তৰৰ ভাব সমূহ কামনাৰ্থে মহাপুৰুষ আৰ্হিত প্ৰতিষ্ঠিত চৈতন্য মূৰ্তি সিংহাসনৰ ওচৰত স-ভক্তিৰে মূৰ দোঁৱাব পাৰে তাৰ সম্পূৰ্ণ ব্যৱস্থা কৰা হৈছে । ভাদ মাহ অহাৰ লগে লগে আঠখেলীয়া নামঘৰত ভকত-বৈষ্ণৱ উপৰি নিতৌ হেজাৰ হেজাৰ লোকৰ সমাগম ঘটে।কিন্তু এইবাৰ ক’ৰোণা ভাইৰাছৰ আতংকৰ মাজতে কেৱল অনুষ্টুপীয়াকৈ প্ৰতিবছৰৰ দৰে এইবাৰো পবিত্ৰ ভাদ মাহৰ নাম মহোৎসৱভাগি পালন কৰিবলৈ সাজু হৈছে শ্ৰীশ্ৰীআঠখেলীয়া নামঘৰ পৰিচালনা সমিতি৷উল্লেখ্য যে পবিত্ৰ ভাদ মাহৰ পবিত্ৰতাখিনি ৰক্ষা কৰি প্ৰতিবছৰে নামঘৰৰ পৰিচালনা সমিতি উদ্যোগত আঠ খেলৰ ৰাইজ আৰু স্থানীয় ৰাইজৰ সহযোগত মহা নাম মহোৎসৱভাগি পালন কৰি আহিছে৷এই পবিত্ৰ ভাদ মাহৰ নাম মহোৎসৱলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা লক্ষ লক্ষ ভক্তপ্ৰাণ ৰাইজৰ সমাগম ঘটি মহাপ্ৰভুৰ আৰ্শীষ বিছাৰি মূৰ দোৱাইহি৷সেয়েহে প্ৰতিবছৰে পবিত্ৰ ভাদ মাহৰ উপলক্ষে ভক্তপ্ৰাণ ৰাইজক আদৰিবলৈ নামঘৰ পৰিচালনা সমিতি,উপ-সমিতি,আঠ খেলৰ ৰাইজ আৰু স্থানীয় ৰাইজ সাজু হোৱাৰ ওপৰিও বিভিন্ন ৰাজনৈতিক-অৰাজনৈতিক দল সংগঠন সমূহে ভাদ মাহ সোমোৱাৰ পূৰ্বে এমাহৰ পৰা ব্যাপক প্ৰস্তুতি চলোৱা লগতে জিলা আৰক্ষী প্ৰশাসন,স্বাস্থ্য বিভাগেও মাহযোৰা সেৱা আগবঢ়োৱা প্ৰস্তুতি চলাইছিল যদিও বৰ্তমান এই জটিল পৰিস্থিতিৰ কাৰণে মহানাম মহোৎসৱভাগি চৰকাৰী নীতি-নিৰ্দেশনা মানি দৈনিক পাঁচজন ভকত-বৈষ্ণৱৰ দ্বাৰা মহানাম মহোৎসৱভাগি অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰিবলৈ সাজু হৈছে বুলি পৰিচালনা সমিতিৰ সভাপতি খগেন্দ্ৰ নাথ হাজৰিকা আৰু মুকুল বৰাই জানিবলৈ দিছে ৷ উল্লেখ্য যে নামঘৰলৈ ভক্তৰ প্ৰৱেশৰ ক্ষেত্ৰত কোনো নিষেধাজ্ঞা নাই যদিও পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভক্তসকলক চৰকাৰী নীতি-নিৰ্দেশনা মানি চলিবলৈ পৰিচালনা সমিতিয়ে আহ্বান জনোৱাৰ লগতে খেলৰ বাৰিক সকলৰ ওপৰত বিশেষ দায়িত্ব অৰ্পণ কৰাৰ লগতে পূৰ্বৰ দৰে পুৱা ৫ বজাত,১১ বজাত ,২ বজাত আৰু সন্ধিয়া ৬ বজাত নাম প্ৰসংগ হ'ব যদিও নামঘৰৰ ভিতৰত প্ৰসাদ বিতৰণ বন্ধ থাকিব।কৰোনা মহামাৰীৰ বাবে চাৰ্ফ- চিকুন,প্ৰতিদিনে ছেনিটাইজেছন আদিৰ ব্যৱস্থা অব্যাহত ৰাখিব। প্ৰকাশ শৰ্মা প্ৰতিবেদন গোলাঘাট NORTHEAST NEWS INDIA

 17 August, 2020

১৭ আগষ্ট ২০২০


ক’ৰোণাৰ মাজতে পবিত্ৰ ভাদ মাহৰ নাম মহোৎসৱলৈ সাজু  ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীআঠখেলীয়া নামঘৰ: পাঁচ  জন ভকতৰ দ্বাৰা হ'ব নাম প্ৰসংগ 


 বিশ্বব্যাপি হোৱা ক’ৰোণা আতংকৰ সময়ত কেনেদৰে চলিছে শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ  কামকাজ চাও আহক আমাৰ সাংবাদিক  প্ৰকাশ শৰ্মাৰ এক প্ৰতিবেদন ,


 

গোলাঘাট জিলা ঘিলাধাৰী মৌজাৰ গোলাঘাট -যোৰহাট জিলাৰ সীমা কাকডোঙা নদীৰ পাৰত অৱস্থিত অসমৰ  ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীআঠখেলীয়া নামঘৰ ঐতিহ্যৰ বাবে ভক্তপ্ৰাণ ৰাইজৰ বাবে সদায় প্ৰভূ ভক্তিৰ এক বিশেষ স্থলী হৈ আছে । প্ৰতি বৰ্ষৰ ভাদ্ৰ মাহত ইয়ালৈ দেশী - বিদেশী লাখ লাখ লোকৰ সমাগম হয় ৷সেয়েহে এইবাৰো অসম তথা ভাৰতৰ বিভিন্ন স্থানৰ সেৱক-সেৱিকা ,ভক্তপ্ৰাণ  যুৱক-যুৱতী ,পুৰুষ-মহিলা,বৃদ্ধ-বৃদ্ধা ,ছাত্ৰ-ছাত্ৰী আদিৰ সুবিধাৰ বাবে নামঘৰ কতৃপক্ষ সাজু হৈছে ।সকলোৱে যাতে ঐতিহ্যমণ্ডিত নামঘৰত মুকলি মনেৰে দ্বিধাহীন ভাৱে মনৰ কামনা তথা অন্তৰৰ ভাব সমূহ কামনাৰ্থে মহাপুৰুষ আৰ্হিত প্ৰতিষ্ঠিত চৈতন্য মূৰ্তি সিংহাসনৰ ওচৰত স-ভক্তিৰে মূৰ দোঁৱাব পাৰে তাৰ সম্পূৰ্ণ ব্যৱস্থা কৰা হৈছে । ভাদ মাহ অহাৰ লগে লগে আঠখেলীয়া নামঘৰত ভকত-বৈষ্ণৱ উপৰি নিতৌ হেজাৰ হেজাৰ লোকৰ সমাগম ঘটে।কিন্তু এইবাৰ

  ক’ৰোণা ভাইৰাছৰ  আতংকৰ মাজতে কেৱল অনুষ্টুপীয়াকৈ প্ৰতিবছৰৰ দৰে এইবাৰো পবিত্ৰ ভাদ মাহৰ নাম মহোৎসৱভাগি পালন কৰিবলৈ সাজু হৈছে শ্ৰীশ্ৰীআঠখেলীয়া নামঘৰ পৰিচালনা সমিতি৷উল্লেখ্য যে পবিত্ৰ ভাদ মাহৰ পবিত্ৰতাখিনি ৰক্ষা কৰি প্ৰতিবছৰে নামঘৰৰ পৰিচালনা সমিতি উদ্যোগত আঠ খেলৰ ৰাইজ আৰু স্থানীয় 

ৰাইজৰ সহযোগত মহা নাম মহোৎসৱভাগি পালন কৰি আহিছে৷এই পবিত্ৰ ভাদ মাহৰ নাম মহোৎসৱলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা লক্ষ লক্ষ ভক্তপ্ৰাণ ৰাইজৰ সমাগম ঘটি মহাপ্ৰভুৰ আৰ্শীষ বিছাৰি মূৰ দোৱাইহি৷সেয়েহে প্ৰতিবছৰে পবিত্ৰ ভাদ মাহৰ উপলক্ষে ভক্তপ্ৰাণ ৰাইজক আদৰিবলৈ নামঘৰ পৰিচালনা সমিতি,উপ-সমিতি,আঠ খেলৰ ৰাইজ আৰু স্থানীয় ৰাইজ সাজু হোৱাৰ  ওপৰিও বিভিন্ন  ৰাজনৈতিক-অৰাজনৈতিক দল সংগঠন সমূহে ভাদ মাহ সোমোৱাৰ পূৰ্বে এমাহৰ পৰা ব্যাপক প্ৰস্তুতি চলোৱা লগতে জিলা আৰক্ষী প্ৰশাসন,স্বাস্থ্য বিভাগেও মাহযোৰা সেৱা আগবঢ়োৱা প্ৰস্তুতি চলাইছিল যদিও বৰ্তমান এই জটিল পৰিস্থিতিৰ কাৰণে মহানাম মহোৎসৱভাগি চৰকাৰী নীতি-নিৰ্দেশনা মানি দৈনিক পাঁচজন ভকত-বৈষ্ণৱৰ দ্বাৰা  মহানাম মহোৎসৱভাগি অনুষ্টুপীয়াকৈ অনুষ্ঠিত  কৰিবলৈ সাজু হৈছে বুলি পৰিচালনা সমিতিৰ সভাপতি খগেন্দ্ৰ নাথ হাজৰিকা আৰু মুকুল বৰাই  জানিবলৈ  দিছে ৷ উল্লেখ্য যে  নামঘৰলৈ ভক্তৰ প্ৰৱেশৰ ক্ষেত্ৰত কোনো নিষেধাজ্ঞা নাই যদিও পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভক্তসকলক  চৰকাৰী নীতি-নিৰ্দেশনা মানি চলিবলৈ পৰিচালনা সমিতিয়ে আহ্বান জনোৱাৰ লগতে খেলৰ বাৰিক সকলৰ ওপৰত বিশেষ দায়িত্ব অৰ্পণ কৰাৰ লগতে পূৰ্বৰ দৰে পুৱা ৫ বজাত,১১ বজাত ,২ বজাত আৰু সন্ধিয়া ৬ বজাত নাম প্ৰসংগ  হ'ব যদিও  নামঘৰৰ ভিতৰত প্ৰসাদ বিতৰণ বন্ধ থাকিব।কৰোনা মহামাৰীৰ বাবে চাৰ্ফ- চিকুন,প্ৰতিদিনে ছেনিটাইজেছন আদিৰ ব্যৱস্থা অব্যাহত ৰাখিব। প্ৰকাশ শৰ্মা প্ৰতিবেদন গোলাঘাট

NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...