18 August, 2020
গোলাঘাটত চাৰিটা গভাইত চোৰ গ্ৰেপ্তাৰ :
প্ৰকাশ শৰ্মা গোলাঘাট ১৮ আগষ্ট ২০২০
গোলাঘাট আৰক্ষীয়ে আজি চাৰিটাকৈ গভাইত চোৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । গোলাঘাটৰ ৰঙাজান ব্যবসায়ী এলেকাত ছয় আগষ্টত চুৰিকাণ্ড সংঘটিত কৰা চাৰিজন চোৰক অঞ্চলটোৰ গাওৰক্ষী বাহিনীৰ সহযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । আৰক্ষীয়ে চোৰ কেইটাই চুৰি কাৰ্য্যত ব্যৱহাৰ কৰা এ এচ ০ ৫ চি ৮২২৪ নম্বৰৰ বলেৰ' পিক আপ খনো জব্দ কৰে । এই বলেৰ' গাড়ী খনেৰে চোৰ কেইটাই দোকান সমূহৰ চাতাৰ ভাঙিছিল । আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চোৰ কেইটা হৈছে জাকিৰ হুচেইন , বুবুল আলি ওৰফে ৰঘু , ইমৰান হুচেইন আৰু ৰাজিবুদ্দিন আহমেদ । দলটোৰ সদস্য বুবুল ল আলি ওৰফে ৰঘু এট দূধৰ্ষ ডকাইত ৰূপে পৰিচিত । চোৰৰ দলটো গৰু ছাগলী ,গাড়ী আদি চুৰি ঘটনাৰ লগতো জড়িত বুলি অঞ্চলটোৰ গাঁওৰক্ষী বাহিনীয়ে অভিযোগ উত্থাপন কৰে । উল্লেখযোগ্য যোৱা ৬ আগষ্টৰ নিশা ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰঙাজানৰ এই অঞ্চলৰ দুখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা কেইবা লক্ষাধিক টকাৰ সামগ্ৰী চোৰৰ দলটোৱে লুটি নিছিল । ৰঙাজানৰ বিশাল হাৰ্ডৱেৰ নামৰ গৃহ নিৰ্মাণ প্ৰতিষ্ঠান খনৰ পৰা প্ৰায় দুই লক্ষাধিক টকাৰ সামগ্ৰী আৰু ৰঙাজান ম'বাইল চেণ্টাৰৰ পৰা লক্ষাধিক টকাৰ সামগ্ৰী চুৰি কৰি নিয়ে । ইয়াৰোপৰি সেই নিশা চোৰৰ দলটোৱে অঞ্চলটোৰ ৬ খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত তলা ভাঙিছিল যদিও দুখন প্ৰতিষ্ঠানৰ ভিতৰত চোৰে প্ৰবেশ কৰি কেইবা লক্ষাধিক টকাৰ সামগ্ৰী লুটি নিয়ে । বিশাল হাৰ্ডৱেৰ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠান খনৰ চিচিটিভি কেমেৰা আছিল যদিও সেই কেমেৰা ভাঙি প্ৰমাণ নাইকীয়া কৰি চোৰৰ দলটো উধাও হৈছিল । প্ৰকাশ শৰ্মা ৰিপত গোলাঘাট ৷
No comments:
Post a Comment
Welcome Northeast News India