Sunday, 16 August 2020

16 August, 2020 গোলাঘাটৰ এখন গাঁও গাওখনৰ ৯৯% লোকেই কৃষিজীৱী ৷ মূলত: শষ্যৰ ভড়াল বুলিব পাৰি এই কুৱৰী পথাৰৰ গুৱালটুপ গাঁওখনক৷ চাও আহক আমাৰ সাংবাদিক প্ৰকাশ শৰ্মাৰএক প্ৰতিবেদন ৷ গোলাঘাত নগৰৰ পৰা প্ৰায় ১২ কিলোমিটাৰ নিলগত অৱস্থিত গুৱালটুপ গাওঁখনৰ সকলো লোকেই খেতিৰ ওপৰত নিৰ্ভৰশীল ৷ নিজা মাটি নোহোৱা পৰিয়ালেও আনৰ মাটিত বতৰৰ বাৰমাহেই ফচল উৎপাদন কৰে ৷ গজেন্দ্ৰ ছেত্ৰী ; ইন্দ্ৰ ; সূৰ্য ; কাছিৰাম ; বেগলাল ; কালে মাইলা হতে কপালৰ ঘাম মাটিত পেলাই উৎপাদন কৰে ধান মাহ সৰিয়হ আদিৰ লগতে বিভিন্ন শাক পাচলি ৷ ইয়াৰে চন্তে বাহাদুৰ ছেত্ৰীৰ পৰিয়ালটোৱে ১ বিঘা মাটিত বাৰমহীয়া কাজিনেমুৰ খেটি কৰিছিল ৷ পত্নী বিমলা চেত্ৰী আৰু পুত্ৰ ৰাজচেত্ৰী সহযোগত কৰা খেটিত ডালত উলমি উলমি লাগিল ৰষাল কাজিনেমু এই বাৰিখন একপ্ৰকাৰ নেমুটেঙাৰ হাবিত পৰিণত হ’ল ৷ পলসুৱা সাৰুৱা মাটিৰ বাবেই এজোপা গছতেই ৪ ৰ পৰা পাছ শ টাকৈ নেমু লাগিলে৷ নেমুগছৰ ডালে গোটেই মাটিডৰা চানিধৰাত ভিতৰলৈ যোৱলৈ উপাই নোহোৱাত লাগিথকা নমুৰ ডাল কাটি ৰাষ্টা উলিয়াই নেমু চিঙিবলগা হৈছে ৷ এইবছৰ মাত্ৰ কেইমাহ মানৰ ভিতৰতে চন্তে বাহাদুৰে কেৱল কাজিনেমু বিক্ৰী কৰিয়েই তিনিলাখৰো অধিক টকা উৰ্পাজন কৰিলে ৷ তেও ৰূপণ কৰা ১০জোপা গুলনেমুৰ ভিতৰত তিনিজোপাত ডালভৰি লাগিছে ৷ এই বৰষতেই তিনিজুপা নেমুৰ আধাচিঙি বিক্ৰীকৰি চাৰি হেজাৰৰো অধিক টকা লাভকৰে ৷ এওঁৰ বাৰিখনত বতৰৰ সকলো শষ্যৰে খেটি কৰে ৷ কৃষিবিভাগৰ KCC লোন লৈ খেটিৰ পৰিষৰ বৃদ্ধি কৰি ধান ৰঙালাউ জাতিলাও ভেন্দী কল কুঁহিয়াৰ আদি উৎপাদিত ফচল গোলাঘাট চহৰ আৰু জামুগুৰি সাপ্তাহিক বজাৰত বিক্ৰী কৰে ৷ কেৱল সেয়াই নহয় তেও মৌ পালন কৰাৰ লগতে গৰু ছাগলি মুৰ্গী হাহ পাৰ ও পালন কৰাৰ লগতে ঘৰৰ সন্মুখত এটা ফিচাৰিতও মীন পালন কৰিছে৷ ::: লক্ষ্মীনাথ বেজবৰুৱাই লিখা " শুৱনী আমাৰ গাওঁখন অতি " সেই পদ্যটোৰ প্ৰতিফলন দেখাগল এই সষ্যৰে উপচি পৰা গুৱালটুপ গাওখন ৷ ইয়াৰে আদৰ্শ কৃষক চন্তে বাহাদুৰেও নিজৰ পুত্ৰক শিক্ষিত কৰি চৰকাৰি চাকৰিৰ পিছত দৌৰি অবাবত সময় নষ্ট নকৰি কৃষিৰ দ্বাৰাই স্বাৱলম্বীকৰি তুলিলে ৷ :::: প্ৰকাশ শৰ্মা গোলাঘাট ৷ ১৬আগষ্ট ২০২০

 16 August, 2020


গোলাঘাটৰ এখন গাঁও গাওখনৰ ৯৯% লোকেই কৃষিজীৱী ৷ মূলত: শষ্যৰ ভড়াল বুলিব পাৰি এই কুৱৰী পথাৰৰ গুৱালটুপ গাঁওখনক৷ চাও আহক আমাৰ সাংবাদিক প্ৰকাশ শৰ্মাৰএক প্ৰতিবেদন ৷


গোলাঘাত নগৰৰ পৰা প্ৰায় ১২ কিলোমিটাৰ নিলগত অৱস্থিত গুৱালটুপ গাওঁখনৰ সকলো লোকেই খেতিৰ ওপৰত নিৰ্ভৰশীল ৷ 

 নিজা মাটি নোহোৱা পৰিয়ালেও আনৰ মাটিত বতৰৰ বাৰমাহেই ফচল উৎপাদন কৰে ৷ গজেন্দ্ৰ ছেত্ৰী ; ইন্দ্ৰ ; সূৰ্য ; কাছিৰাম ; বেগলাল  ; কালে মাইলা হতে কপালৰ ঘাম মাটিত পেলাই উৎপাদন কৰে ধান মাহ সৰিয়হ আদিৰ লগতে বিভিন্ন শাক পাচলি ৷ ইয়াৰে চন্তে বাহাদুৰ ছেত্ৰীৰ পৰিয়ালটোৱে ১ বিঘা মাটিত বাৰমহীয়া কাজিনেমুৰ  খেটি কৰিছিল ৷  পত্নী বিমলা চেত্ৰী আৰু পুত্ৰ ৰাজচেত্ৰী সহযোগত কৰা খেটিত ডালত উলমি উলমি লাগিল ৰষাল কাজিনেমু এই বাৰিখন একপ্ৰকাৰ নেমুটেঙাৰ হাবিত পৰিণত হ’ল ৷ পলসুৱা সাৰুৱা মাটিৰ বাবেই এজোপা গছতেই ৪ ৰ পৰা পাছ শ টাকৈ নেমু লাগিলে৷ নেমুগছৰ ডালে গোটেই মাটিডৰা চানিধৰাত ভিতৰলৈ যোৱলৈ উপাই নোহোৱাত লাগিথকা নমুৰ ডাল কাটি ৰাষ্টা উলিয়াই নেমু চিঙিবলগা হৈছে ৷ এইবছৰ মাত্ৰ কেইমাহ মানৰ ভিতৰতে চন্তে বাহাদুৰে কেৱল কাজিনেমু বিক্ৰী কৰিয়েই তিনিলাখৰো অধিক টকা উৰ্পাজন কৰিলে ৷ তেও ৰূপণ কৰা ১০জোপা গুলনেমুৰ ভিতৰত তিনিজোপাত ডালভৰি লাগিছে  ৷ এই বৰষতেই তিনিজুপা নেমুৰ আধাচিঙি বিক্ৰীকৰি চাৰি হেজাৰৰো অধিক টকা লাভকৰে ৷ এওঁৰ বাৰিখনত বতৰৰ সকলো শষ্যৰে খেটি কৰে ৷ কৃষিবিভাগৰ KCC লোন লৈ খেটিৰ পৰিষৰ বৃদ্ধি কৰি ধান  ৰঙালাউ জাতিলাও ভেন্দী কল কুঁহিয়াৰ আদি  উৎপাদিত ফচল গোলাঘাট চহৰ আৰু জামুগুৰি সাপ্তাহিক বজাৰত বিক্ৰী কৰে ৷ কেৱল সেয়াই নহয় তেও মৌ পালন কৰাৰ লগতে গৰু ছাগলি মুৰ্গী হাহ পাৰ ও পালন কৰাৰ লগতে ঘৰৰ সন্মুখত এটা ফিচাৰিতও মীন পালন কৰিছে৷  ::: লক্ষ্মীনাথ বেজবৰুৱাই লিখা " শুৱনী আমাৰ গাওঁখন অতি " সেই পদ্যটোৰ প্ৰতিফলন দেখাগল এই সষ্যৰে উপচি পৰা গুৱালটুপ গাওখন ৷ ইয়াৰে আদৰ্শ কৃষক চন্তে বাহাদুৰেও নিজৰ পুত্ৰক শিক্ষিত কৰি চৰকাৰি চাকৰিৰ পিছত দৌৰি অবাবত সময় নষ্ট নকৰি কৃষিৰ দ্বাৰাই স্বাৱলম্বীকৰি তুলিলে ৷ ::::  প্ৰকাশ শৰ্মা গোলাঘাট ৷ ১৬আগষ্ট ২০২০

No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...