৩১/১০/২০২৩
আজি ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষ্যে গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত আৰু বিভিন্ন অনুষ্ঠানৰ সহযোগত পুৱা ৬.৩০ বজাত “একতাৰ দৌৰ” কাৰ্যসূচী সমাপন কৰা হয়৷ কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী ( চি আৰ পি এফ) ৰ ১৪২ নং বেটেলিয়নৰ কমাণ্ডেন্ট সোমানাথ মহাৰাণা আৰু গোলাঘাটৰ অতিৰিক্ত জিলা আয়ুক্ত চৈয়দ ৱাচবীৰ সুভানীয়ে উদ্ধোধন কৰা এই দৌৰ কাৰ্যসূচীত প্ৰায় ১০০ ব্যক্তিয়ে অংশ গ্ৰহণ কৰে৷ উদ্ধোধনী ভাষণত কমাণ্ডেন্ট গৰাকীয়ে ৰাষ্ট্ৰীয় একতা দিৱসৰ তাৎপৰ্য ব্যাখা কৰে৷ অতিৰিক্ত জিলা আয়ুক্ত গৰাকীয়ে ৰাষ্ট্ৰীয় একতা দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা দৌৰ কাৰ্যসূচীত যোগদান কৰা সকলক উদ্যেশি ৰাষ্ট্ৰীয় একতা দিৱস সন্দৰ্ভত বক্তব্য আগবঢ়ায়৷ গোলাঘাটৰ জিলা ক্ৰীড়া বিষয়া বিমল চন্দ্ৰ গগৈয়ে আঁত ধৰা অনুষ্ঠানটোত জিলা প্ৰশাসন, গোলাঘাটৰ বিভিন্ন বিভাগৰ লগতে জিলা ক্ৰীড়া সংস্থাৰ বিষয়ববীয়া সকলেও অংশগ্ৰহণ কৰে৷
আনহাতে পুৱা ৯ বজাত গোলাঘাট আৰক্ষী প্ৰশাসনে গোলাঘাট সদৰ আৰক্ষী থানাৰ পৰা এক কুচকাৱাজ (মাৰ্ছ পাষ্ট, March Past) ৰ আয়োজন কৰে৷ গোলাঘাট জিলাৰ জিলা আয়ুক্ত ডা° পি উদয় প্ৰৱীণে উদ্ধোধন কৰা এই কুচকাৱাজ গোলাঘাট সদৰ আৰক্ষী থানাৰ পৰা আৰম্ভ হৈ গোলাঘাট জিলা আয়ুক্ত কাৰ্যলয়ত শেষ হয় । ১.২ কিমি দৈৰ্ঘ্য সামৰি লোৱা এই কুচকাৱাজত গোলাঘাটৰ আৰক্ষীৰ লগতে ১১ অসম আৰক্ষী বেটেলিয়ন, চি আৰ পি এফ, এন চি চি কে ধৰি মুঠ ১৮০ গৰাকীয়ে অংশ গ্ৰহণ কৰে ৷ ১১ অসম আৰক্ষী বেটেলিয়নৰ বেণ্ড ৰ দলটোও এই কুচকাৱাজৰ অংশ আছিল৷ এই অনুষ্ঠানত ৰাষ্ট্ৰীয় একতা দিৱসৰ শপত বাক্যও পাঠ কৰোৱা হয় ৷ আজিৰ এই অনুষ্ঠানত গোলাঘাটৰ জিলা আয়ুক্তৰ লগতে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী ( চি আৰ পি এফ) ৰ ১৪২ নং বেটেলিয়নৰ কমাণ্ডেন্ট সোমনাথ মহাৰাণা, গোলাঘাট পৌৰসভাৰ পৌৰনেত্ৰী দুলুমনি বৰবৰা, অতিৰিক্ত জিলা আয়ুক্ত দামোদৰ বৰ্মন, অতিৰিক্ত আৰক্ষী অধীক্ষক মৃণ্ময় দাস, গোলাঘাট পৌৰসভাৰ ৱাৰ্ড কমিছনাৰ , গোলাঘাটৰ নেতৃস্থানীয় ব্যক্তি আদি উপস্থিত আছিল ।
পুৱা ১১ বজাত গোলাঘাট জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত একতাৰ শপত বাক্য পাঠ কৰা হয়। এই অনুস্থানত গোলাঘাটৰ জিলা উন্নয়ন আয়ুক্ত শ্ৰীমতী অৰ্পা বাগলাৰী, গোলাঘাট ৰাজহ চক্ৰৰ চক্ৰবিষয়া শ্ৰীমতী ত্ৰিবেণী গগৈ, সহকাৰী আয়ুক্ত শ্ৰীমতী কৃষ্ণাৰ্পিতা বৰুৱা, সহকাৰী আয়ুক্ত শ্ৰীমতী অন্বেষা ঠাকুৰৰ লগতে বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰী আৰু জিলা প্ৰশাসনৰ কৰ্মচাৰী সকল উপস্থিত থাকে। গোলাঘাট জিলা বিভিন্ন বিভাগৰ বিভাগীয় কাৰ্যলয়ৰ লগতে গাঁও পঞ্চায়ত সমূহতো ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষ্যে শপত বাক্য পাঠৰ লগতে একতাৰ বাবে দৌৰ কাৰ্যসূচীও সম্পন্ন কৰা হয়৷
ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট
NORTHEAST NEWS INDIA